
আকাশৰ ৰং কি?
১+১= ?
প্ৰশ্ন দুটাৰ উত্তৰ দিবলৈ আপোনাক এক মুহূৰ্তৰো আৱশ্যক নাই৷ কাৰণ মূৰ তুলি চাব জনা হোৱাৰে পৰা আপুনি আকাশৰ নীলা ৰঙৰ সৈতে সুপৰিচিত আৰু স্কুল যোৱাৰ আগতেই হয়তো আপোনাৰ মনত ৰৈ গৈছিল একে একে দুই৷ নহয় জানো? এইবাৰ তেনে’হলে কওকচোন –
৩৭ x ৮৫ = ?
আপুনি নিশ্চয় ভাবিছে এনে পূৰণ অংক মুখতে কৰা নাযায়৷ হয়তো যথানিয়মত পূৰণ কৰিবলৈ ইতিমধ্যে আাৰম্ভ কৰি দিছে – পাঁচ সাত গুণ পঁইত্ৰিশ৷ বহিল পাঁচ, ওকলিল তিনি – – – – – – -৷ লক্ষ্য কৰক, প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ স্বতঃস্ফূৰ্ত৷ কিন্তু শেষৰটোৰ উত্তৰ সন্ধান এটা প্ৰক্রিয়া৷ স্বতঃস্ফূৰ্তভাৱে যেতিয়া পূৰণফলটো মুখতে নোলাল, চিন্তাৰ প্ৰক্রিয়া তেতিয়া লাহে লাহে আৰম্ভ হ’বলৈ ধৰিলে৷
মনোবিজ্ঞানীসকল বহু আগৰে পৰা আকৰ্ষিত হৈ আহিছে মনৰ এই খৰ আৰু ধীৰ ভাগ দুটাৰ বিষয়ে জানিবলৈ৷ ভিন্ন মনোবিজ্ঞানীয়ে ভিন্নধৰণে নামকৰণ কৰিছে মনৰ এই ভাগ দুটাক৷ ডেনিয়েল কাহ্নেমেনে গ্ৰহণ কৰা নাম দুটা হৈছে – তন্ত্ৰ – ১ (System-1) আৰু তন্ত্ৰ – ২ (System-2)৷ তন্ত্ৰ – ১ স্বয়ংক্রিয়, ক্ষিপ্ৰ আৰু প্ৰায় নিয়ন্ত্ৰণহীন৷ চিনাকি ভাষাৰ কোনো ছাইনব’ৰ্ডত চকু পৰিলে আখৰবোৰ পঢ়িবলৈ আমি সচেতনভাৱে চেষ্টা কৰিব নালাগে বা চিনাকি অভিনেত্ৰী এগৰাকীৰ ছবি এখন দেখিলে তেওঁৰ নামটো মনত পেলাবলৈ মগজুক বেলেগ নিৰ্দেশ দিয়াৰো প্ৰয়োজন নাই৷ সকলো বাধাহীনভাৱে চকুৰ পলকতে সম্পন্ন হয়৷ কিন্তু বহু সময়ত এই তাৎক্ষণিক উপলব্ধি স্ব-প্ৰতাৰণামূলক হ’ব পাৰে৷ ধৰক আপুনি দেখিছে দূৰৈত দুজন মানুহে হাত জোকাৰি চিঞৰি ইজনে সিজনক কিবা কৈ আছে৷ আপোনাৰ প্ৰাথমিক অনুভৱ তেওঁলোকে কাজিয়া কৰিছে৷ ভালদৰে মন দিওঁতেহে আপুনি বুজিলে যে তেওঁলোকে প্ৰকৃততে ধেমালিহে কৰিছে৷ লক্ষ্য কৰক – তন্ত্ৰ -১-এ বাট এৰি নিদিয়ালৈকে তন্ত্ৰ -২ কিন্তু সম্পূৰ্ণৰূপে জাগ্ৰত নহয়৷ মনৰ এই অংশৰ কাম-কাজ লেহেমীয়া আৰু বিশেষ কামটো সম্পন্ন কৰাৰ বাবে মনোযোগ দিয়াৰ প্ৰয়োজন হয়৷ তন্ত্ৰ -২ চিন্তাশীল, যুক্তিবাদী, বিশ্লেষণাত্মক৷ ৩৭ x ৮৫=৩,১৪৫ উলিয়াবলৈ যাওঁতে আপুনি মুখতে এবাৰ চেষ্টা কৰিব৷ যদি সফল নহয, তেন্তে নিশ্চয় কাগজ-কলম আঁজুৰিবগৈ আৰু পৰ্যায়ক্রমে আগবাঢ়িব যিধৰণেৰে এটা পূৰণ অংক কৰা উচিত৷ এইখিনিতে এটা কথা উল্লেখ কৰাটো নিশ্চয় অপ্ৰাসংগিক নহ’ব যে শেহতীয়াভাৱে স্নায়ু বিজ্ঞানেও এই অৰ্থনীতি আৰু মনোবিজ্ঞানৰ লগত লগ লাগি এটা বৰ্ণসংকৰ নতুন শাখাৰ জন্ম দিছে৷ যাক কোৱা হয় নিউৰ’ইক’নমিক্ছ (Neoroeconomics)৷ স্নায়ু বিজ্ঞানীয়ে মগজুৰ বিভিন্ন অংশৰ পৰীক্ষা-নিৰীক্ষা কৰি আগবঢ়োৱা ব্যাখ্যা মনোবিজ্ঞানীসকলে গ্ৰহণ কৰা তন্ত্ৰ -১ আৰু তন্ত্ৰ -২ ৰ ধাৰণাৰ লগত মিলে৷ স্নায়ু বিজ্ঞানৰ গাত ভেজা লৈ এইটো কোৱা ভুল নহ’ব যে বিনিয়োগৰ সিদ্ধান্তসমূহ ল’বলৈ যাওঁতে কৰা আচৰণবোৰ আমাৰ মগজুৰ ভিতৰত ঘটা জৈৱিক কাৰ্যকলাপৰে ফল৷
তন্ত্ৰ -১ আৰু তন্ত্ৰ -২ ৰ স্বভাৱ-চৰিত্ৰৰ বিষয়ে জনাৰ পাচত আপোনাৰ এনে লাগিছে নেকি যে তন্ত্ৰ -১ হঠকাৰী আৰু আমাৰ সকলো অনৰ্থৰ মূল৷ তন্ত্ৰ -২হে প্ৰকৃত জ্ঞানী আৰু আমাৰ পৰম বন্ধু৷ মনৰ এই ভাগ দুটাক তেনেকৈ চোৱাটো উচিত নহয়৷ দুয়োটা ভাগৰে যিদৰে ধনাত্মক দিশ আছে, তেনেকৈ আছে কিছু ঋণাত্মক দিশো৷ এইটো সঁচা যে তন্ত্ৰ -১ ক্ষিপ্ৰ আৰু বহু পৰিমাণে নিয়ন্ত্ৰণহীন৷ কিন্তু বিপদৰ গোন্ধ পালে আমাৰ তাৎক্ষণিক প্ৰতিক্রিয়া তন্ত্ৰ -১ ৰ বাবেহে সম্ভৱ৷ ধৰক, হাবিত আপুনি খোজকাঢ়ি গৈ থাকোতে হঠাতে ওচৰত হাতীৰ মাত শুনিলে তৎক্ষণাৎ আপোনাৰ ভৰিৰ খোজ ৰৈ যোৱাটো উচিত নহয় জানো? সন্মুখৰ জোপোহা এটাত যদি বাঘৰ নিচিনা কিবা এটা চকামকাকৈ দেখে ভিৰাই লৰ মৰাৰ প্ৰয়োজন আছে নে নাই ? এনেকুৱা সময়তো যদি আমি তন্ত্ৰ -২ ৰ বিশ্লেষণাত্মক পৰ্যবেক্ষণলৈ অপেক্ষা কৰো বাচি অহাই টান হ’ব কিজানি৷ কোৱা বাহুল্য যে আমাৰ অৰণ্যবাসী পূৰ্বজসকল বাচি থকাত তন্ত্ৰ -১ ৰ অশেষ বৰঙণি আছিল৷ কিন্তু আধুনিক জীৱনত যেতিয়া প্ৰসংগ আহে বিনিয়োগ সম্বন্ধীয় সিদ্ধান্ত লোৱাৰ, তেতিয়া কিন্তু তন্ত্ৰ -২ ৰ ভূমিকা অপৰিহাৰ্য হৈ উঠে৷ তন্ত্ৰ -১-এ বিভিন্ন পৰিবেশত বিনিয়োগ সম্পৰ্কীয় কাম-কাজত তাৰ স্বভাৱজাত শৈলীৰে ভূমিকা পালন কৰিবলৈ উদগ্ৰীৱ হৈ পৰিলেও এইটো আমাৰ দায়িত্ব যে বিভিন্ন কৌশলেৰে আমি সিদ্ধান্তৰ বাঘজৰীডাল তন্ত্ৰ -২ ৰ হাতত দিওঁ বা তন্ত্ৰ -১ ক এনেকুৱা নিৰ্দেশনা কিছুমান পূৰ্বতে দি থওঁ যাতে নিৰ্দিষ্ট পৰিবেশত কাম কৰিবলৈ সি বাট এৰি দিয়ে তন্ত্ৰ -২ ৰ বাবে৷ কাৰণ বিনিয়োগত হঠকাৰিতাই আমাক প্ৰায় বিপথে পৰিচালিত কৰে৷ সঠিক চিন্তা-চৰ্চাৰ বাবে আমি নিজকে যথোপযুক্ত সময় দিয়াৰ প্ৰয়োজন৷
বেছিভাগ বিত্তীয় সিদ্ধান্তই তন্ত্ৰ -১ আৰু তন্ত্ৰ -২ ৰ মাজত সৃষ্টি হোৱা বাদানুবাদ অতিক্রম কৰিবলগা হয়৷ কিমান কঠিন এই প্ৰক্রিয়া তাক বুজিবলৈ বিখ্যাত ‘মূলাৰ – লায়াৰ ভ্ৰম’(Muller – Lyer Illusion) টোক শেষত আপোনালোকলৈ আগবঢ়ালো৷ চিত্ৰত দেখুওৱা A আৰু B সমান্তৰাল ৰেখা দুডাললৈ মন কৰক৷ দুয়োডাল ৰেখাৰ পাৰ্থক্য হ’ল ৰেখা দুডালৰ দুয়োমূৰে থকা কাঁড় চিহ্ন৷ আপাতদৃষ্টিত তলৰ B ৰেখাডাল Aতকৈ দীঘল যেন লগা নাইনে? কিন্তু স্কেল আনি আপুনি যদি জুখি চায় তেন্তে দেখিব যে A আৰু B দুয়োডাল ৰেখাই জোখত প্ৰকৃততে সমান৷ অৰ্থাৎ আপুনি তন্ত্ৰ -২ ক প্ৰয়োগ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিলে৷ আকৌ এবাৰ ছবিখন চাওক৷ এইবাৰ সকলো তথ্য জনাৰ পাচতো তলৰ B ৰেখাডাল Aতকৈ দীঘল যেন লগা নাইনে? কিয় এনে হয়? কিয় বাৰে বাৰে তন্ত্ৰ -১-এ প্ৰাধান্য বিস্তাৰ কৰিব বিচাৰে? ডেনিয়েল কাহ্নেমেনে কয় ‘তুমি মনত পেলাবলৈ শিকিবই লাগিব যে তোমাৰ স্কেল ব্যৱহাৰৰ প্ৰয়োজন আছে৷’
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ৫ জুন, ২০১৪ত প্ৰকাশ পাইছিল)
দৈনিক বজাৰত শিকাৰু ক্রেতা হিচাপে প্ৰৱেশ কৰা দিনতে দেউতাৰ পৰা পোৱা উপদেশ ‘প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি বজাৰ কৰিবি৷ কিনাৰ আগতে এপাক বজাৰখন ঘূৰি চাই ল’বি৷ বস্তু ভাল-বেয়া চোৱাৰ লগতে দামৰো তুলনা কৰিবি৷’ অথচ আজিও মাজে মাজে এই নীতি পাহৰি পস্তাই থাকো৷ এই ধৰক, মাছৰ বজাৰত সোমায়ে ভাল দেখি ঘপহকৈ কিনি পেলালো মাছখিনি৷ দাম বাৰু অলপ কমালো, কিন্তু কিনাৰ শেষত আগবাঢ়ি যাওঁতেহে দেখিলো যে দুখোজ আঁতৰত মই লোৱাতকৈ সতেজ মাছ তুলনামূলকভাৱে কম দামতে বেচি আছে অন্য এজন বেপাৰীয়ে৷ আন কেতিয়াবা আকৌ এসাঁজৰ জোখাৰে কটা মাছ অলপ ল’ম বুলি বজাৰত সোমাওঁ৷ দৰ-দামৰ সময়ত বেপাৰীৰ অংকত পতিয়ন যাওঁ যে মাছ গোটাকৈ কিনিলে কিমান লাভ৷ এসাজঁৰ জোখাৰে কিনিবলৈ গৈ চাৰি সাজঁতো শেষ নোহোৱা মাছ কিনি ঘৰলৈ আহি থাকোতেহে মনত পৰে অহ! কাইলৈ দেখোন শনিবাৰ৷ শনিবাৰে ঘৰত নিৰামিষহে চলে৷ ছেঃ, কেনেকৈ যে বাৰটোৰ কথা পাহৰি গ’লো৷
এগৰাকী মাকৰ মুখত এনে এটা ক্ষোভ মিহলি অভিব্যক্তি কেতিয়াবা হয়তো আপুনিও শুনিছে – ‘এহ্, ল’ৰা-ছোৱালীৰ কিবা এটা ভাল হ’লে সেয়া বাপেকৰ গৌৰৱ, কিন্তু তেওঁ নিবিচৰা কিবা এটা কৰিলেই সৱ মাকৰ দোষ’৷ অথবা পৰীক্ষাগৃহৰ পৰা ওলাই আহি পৰীক্ষা ভাল হ’লে – ‘ফালি দিছো’ আৰু বেয়া হ’লে প্ৰশ্নকাকত টান হোৱা বা বিশেষ অধ্যায়কেইটা শিক্ষকে ভালদৰে নপঢ়োৱাৰ পৰীক্ষাৰ্থী অভিযোগ নশুনাকৈ নিশ্চয় আপুনি থকা নাই৷ প্ৰথম উদাহৰণটোত দেউতাকজন আৰু দ্বিতীয় উদাহৰণটোত পৰীক্ষাৰ্থীজনৰ মানসিকতাৰ কাৰণ মনোবিজ্ঞানৰ ব্যাখ্যামতে ‘ছেলফ্ এট্ৰিবিউচন বায়াছ’৷ অসমীয়াত মই কৈছো – ‘স্ব-আৰোপণ পক্ষপাত’৷ এই পক্ষপাতমূলক দৃষ্টিভংগীৰ প্ৰৰোচনাত এজন ব্যক্তিয়ে সফলতাৰ কৃতিত্ব নিজে দাবী কৰাৰ বিপৰীতে বিফলতাৰ বোজা কিন্তু ল’ব নোখোজে৷ বিফলতাৰ কাৰণ তেতিয়া হৈ পৰে আন বাহিৰা শক্তিৰ প্ৰভাৱ, য’ত তেওঁৰ অলপো দোষ নাই৷
(১) সুৰেন শইকীয়াই ছিটিবাছত থিয় হৈ যাব লগা হ’লেই অস্বস্তি অনুভৱ কৰে৷ কাষৰ যাত্ৰীজনৰ হাত এখন তেওঁৰ পেণ্টৰ পকেটৰ ওপৰত লাগিলেও ঠেলা-হেঁচা কৰা বুলি ককৰ্থনা কৰে৷ আচলতে এনেকৈ থিয় হৈ কৰা ছিটিবাছ যাত্ৰাত এবাৰ নিজৰ মানিবেগ হেৰুৱাই থৈছে তেওঁ৷ সেয়ে কাকো বিশ্বাস কৰিব নোৱাৰে৷
আপুনি বিশ্বাস কৰে যে ম্যাদ উকলা সামগ্ৰী মানেই ব্যৱহাৰ অযোগ্য৷ সেয়ে বস্তু ক্রয় কৰাৰ আগতে লেবেল পঢ়িবলৈ আপুনি সাধাৰণতে নাপাহৰে৷ কিন্তু যোৱা মাহত ‘অফাৰ’ দেখি শ্বেম্পুৰ ডাঙৰ বটলটো কিনোতে ম্যাদ চাবলৈ নহ’ল৷ আজি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি উঠাৰ পাচতহে চকু গ’ল – ম্যাদচোন এই যাওঁ যাওঁ৷ এতিয়া ঘূৰাই দিয়াৰো সুযোগ নাই আৰু একো কথা নাই বুলি পাহৰিবলৈও দামটো তেনেই কম নহয়৷ কেনে অনুভৱ হ’ব আপোনাৰ? এবাৰ কল্পনা কৰকচোন৷ প্ৰথমেই সেইদিনা দোকানত দেখুওৱা অসাৱধানতাৰ বাবে টিঙিচকৈ খংটো নুঠিবনে? ম্যাদ উকলিবলৈ যোৱা শ্বেম্পুৰ বটলটোক কেন্দ্ৰ কৰি আপোনাৰ বিশ্বাস আৰু কৰ্মত হৈ যোৱা বিৰোধে মনোজগতত এক অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰিব৷ এই অস্বস্তিখিনি যিমান পাৰি সিমান সোনকালে প্ৰশমন কৰিবলৈ চেষ্টা চলোৱাটো হৈ উঠিব আপোনাৰ বাবে অপৰিহাৰ্য৷ ইয়াৰ বাবে তিনিটা বিকল্প পথ আপোনাৰ সন্মুখত খোলা আছে৷