বিশ্ব বেংকে দেশ একোখনৰ পেন্সন ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যাওঁতে তলৰ ছডাল মাপকাঠীলৈ প্ৰাথমিকভাবে চকু দিয়ে।তেওঁলোকে লক্ষ্য কৰে দেশখনে কিমান সক্ষমতাৰে সংস্কাৰ সাধি এই ছডালে কৰা নিৰ্দেশনা অনুসৰি পেন্সন ব্যৱস্থাটো সাৰ্থকভাবে বাহাল ৰাখিব পাৰিছে।
১) পৰ্যাপ্ততা (Adequacy) : দেশৰ জনসাধাৰণক বৃদ্ধ বয়সৰ দাৰিদ্ৰতা ৰোধ কৰিব পৰা অৱস্থা এটা প্ৰচলিত ব্যৱস্থাই দিছে নে নাই ? লগতে অতি বৃহৎ সংখ্যক মানুহে সূচাৰুৰূপে আজীৱন চলি যাব পৰাকৈ পেন্সন যথাযথ হয় নে নহয়?
২)ক্ৰয়সাধ্যতা (Affordability): এজন ব্যক্তি বা সামগ্ৰিকভাবে সমাজখনে পেন্সনৰ সুবিধা পাব পৰাকৈ যথাযথ আঁচনি এখনত সহজেই নিজকে অন্তঃভুক্ত কৰিব পৰা বিধৰ সুযোগ পাব লাগে।লগতে চাবলগীয়া কথাটো হৈছে পেন্সনৰ সুবিধা লবলৈ যাওঁতে যাতে জীৱনৰ আনবোৰ দৰকাৰী বিত্তীয় লক্ষ্যলৈ কৰা যাত্ৰাত পথচ্যুত হ’ব লগাও নহয়।
৩) বহুকাল চলি থাকিব পৰা অৱস্থা (Sustainability): যুক্তিসংগত অনুমানৰ ভিত্তিত যাতে ক’ব পৰা যায় যে সুদূৰ ভবিষ্যতলৈকে চলি থাকিব পৰাকৈ দেশৰ পেন্সন ব্যৱস্থাটো বিত্তীয় দিশৰ পৰা শক্তিশালী।
৪) ন্যায়পূৰ্ণতা (Equitability): ধনী-দুখীয়া সকলোলৈকে সামাজিক অগ্ৰাধিকাৰ অনুসৰি পেন্সন দিবলৈ যাওঁতে এই ব্যৱস্থাৰ বাহিৰত থকা সমাজখনক যাতে কৰ-কাটলেৰে ভাৰাক্ৰান্ত কৰা নহয়। ইয়াৰ ওপৰিও একে পেন্সন ব্যৱস্থাৰ আওঁতাত থকা সকলো ব্যক্তিয়ে সমপৰিমাণৰ বৰঙণিৰ বিপৰীতে সমপৰিমাণৰ সুবিধা লাভ কৰাৰ সুযোগ থাকিব লাগে।
৫) আন্দাজ কৰিব পৰাৰ পৰ্যায় (Predictability): পেন্সন ব্যৱস্থাৰ সা-সুবিধাখিনি পিচত কি পাম সেই বিষয়ে এটা ভাল আন্দাজ কৰিব পৰা হ’বলৈ হ’লে তলৰ তিনিটা কথা গুৰুত্বপূৰ্ণ-
ক)সা-সুবিধাসমূহ আইনৰ জৰিয়তে প্ৰতিষ্ঠা হোৱা হ’ব লাগে।কোনো নীতি নিৰ্ধাৰক বা প্ৰশাসকৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছাৰ ওপৰত ই নিৰ্ভৰশীল হোৱা অনুচিত।
খ)অৱসৰ গ্ৰহণ কৰাৰ আগৰ দৰমহা, মুদ্ৰাস্ফীতি, সুত বা ৰিটাৰ্ন আদিৰ লগত সু-সম্পৰ্ক থকা সূত্ৰৰে সজোৱা পেন্সনৰ জৰিয়তে অৱসৰপ্ৰাপ্তসকলক নিৰাপত্তা দিব লাগে।
গ) যিমান দূৰ পাৰি দীৰ্ঘদিন জীয়াই থকাৰ ৰিস্কৰ বিষয়ে পেন্সনাৰ সকলে চিন্তা নকৰাকৈ থাকিব পৰা হ’ব লাগে।
৬) বলিষ্ঠতা (Robustness): ডাঙৰ অৰ্থনৈতিক, জনসংখ্যাজনিত আৰু ৰাজনৈতিক বিপৰ্যয় অতিক্ৰম কৰিব পৰাকৈ পেন্সন ব্যৱস্থাটো শক্তিশালী হ’ব লাগে।
চীনৰ সমগ্ৰ পেন্সন ব্যৱস্থাটো বহুদিনলৈ সফলতাৰে চলি থাকিব পৰা বিধৰ হৈছেগৈ বুলি এতিয়াও বিশেষজ্ঞসকল পতিয়ন যোৱা নাই।৫০ৰ দশকৰ পৰা কম সংখ্যক মানুহক শেষ দৰমহাৰ তুলনাত যথেষ্ট ভাল অনুপাতেৰে (প্ৰতিস্থাপন অনুপাত)পেন্সন দি থকাৰ পিচত যদিও ১৯৯৭ চনৰ পাচৰ পৰা ব্যৱস্থাৰ আমূল পৰিবৰ্তন কৰা হ’ল, এতিয়াও কিন্তু বিপদৰ ক’লা মেঘ সম্পূৰ্ণকৈ আঁতৰিল বুলি ক’ব পৰা অৱস্থা এটা অহা নাই বুলি ভাবে বহু বিশেষজ্ঞই। চীনা চৰকাৰক বৰ্তমানেও দুচিন্তাত ৰখা সমস্যাৰ কেইটামান আজি ইয়াত চমুকৈ আলোচনা কৰিম।
পুঁজিৰ বাবে বৰঙণি পৰ্যাপ্ত নহয় : চীনত চহৰীয়া কৰ্মচাৰীয়ে পেন্সনৰ নামত স্তম্ভ 1A আৰু 1B লৈ বৰঙণি আগবঢ়োৱাটো বাধ্যতামূলক।এই পুঁজি দুটালৈ নিয়োগকৰ্তা আৰু চাকৰিয়ালে মিলি দৰমহাৰ ২৮ শতাংশ ধন আগবঢ়াব লাগে।কিন্তু শুনি আচৰিত হ’ব এইদৰে পৃথিবীৰ ভিতৰতে উচ্চ পৰ্যায়ৰ কৰ্তনৰ জৰিয়তে আগবঢ়োৱা বৰঙণিও যথেষ্ট হোৱা নাই ফাণ্ড দুটা সুচাৰুৰূপে চলাই নিবলৈ। ইয়াৰ মুল কাৰণ হৈছে এতিয়ালৈকে জীবিত ‘লৌহ ভাতৰ বাটি’ৰ যুগৰ পেন্সনাৰ সকল। ১৯৯৭ চনৰ আগতে যিসকলে চাকৰিত সোমাইছিল তেওঁলোককো আনুপাতিক হিচাপত আগৰ দিনত থকা সুফল দিবলৈ চৰকাৰ অংগীকাৰবদ্ধ।চৰকাৰৰ অংগীকাৰ পূৰণ কৰাৰ দায়িত্ব পৰিল স্তম্ভ 1A ৰ ফাণ্ডটোৰ ওপৰত।এক কথাত ক’ব পাৰি এই ফাণ্ডটো নিৰ্মাণৰ সময়তে উত্তৰাধিকাৰ সুত্ৰে লাভ কৰিছিল পূৰ্বৰ পেন্সনাৰসকলৰ বোজা।এই ফাণ্ডটোতে বৰ্তমানৰ চাকৰিয়ালসকলৰ কাৰণে তেওঁলোকৰ নিয়োগকৰ্তাই দৰমহাৰ ২০ শতাংশ বৰঙণি আগবঢ়াই আৰু অৱসৰপ্ৰাপ্তসকলে ইয়াৰ পৰাই পেন্সন পায়।
এই নীতি বহুবোৰ প্ৰভিন্সৰ চহৰসমূহৰ বাবে সুখকৰ নহ’ল। লাহে লাহে দেখা গ’ল কিছুমান প্ৰভিন্সত পৌৰসভাৰ অন্তঃগত 1A পুঁজিত জমা হোৱা ধনৰ তুলনাত পেন্সনাৰক দিব লগা হোৱা ধনৰ পৰিমাণ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে।ফলত সেইবোৰ প্ৰভিন্সত 1A ফাণ্ডত ধনৰ নাটনি হ’বলৈ ললে।চৰকাৰে এই সমস্যাৰ পৰা সাময়িক সকাহ দিবলৈ পুঁজি 1Bৰ পৰা 1A লৈ ধন নিবলৈ অনুমতি দিলে।মন কৰিব, পুঁজি 1B কিন্তু ব্যক্তিগত একাউণ্টহে আছিল। ইয়াত চাকৰিয়ালসকলে নিজৰ দৰমহাৰ ৮ শতাংশ ধন জমা কৰে।ট্ৰেন্সফাৰ কৰি সেই ধন পুঁজি 1A লৈ নিয়াৰ পাচত সেই ধন ব্যৱহাৰ হৈছে বৰ্তমানৰ অৱসৰপ্ৰাপ্তসকল পেন্সন দিয়াত।মাত্ৰ সেই ধনৰ হিচাপ ৰাখি যোৱা হৈছে 1B ৰ হিচাপ বহীত আৰু ধাৰণাৰ ভিত্তিত তাত সুত প্ৰদান কৰি থকা হৈছে। সঁচা সুত আহিবলৈ সকলো ধন ক’ৰবাত বিনিয়োগ হোৱা নাই, ইতিমধ্যেই এটা অংশতো খৰচেই হৈ গৈছে। ২০১০ চনৰ তথ্য হ’লেও ছবিখন স্পষ্ট কৰিবলৈ উল্লেখ কৰিব পাৰি যে সেই চনটোত ব্যক্তিগত একাউন্ট অৰ্থাৎ স্তম্ভ 1Bত জমা আছিল মাত্ৰ ২০৩.৯ বিলিয়ন ৰেইমিনবি।কিন্তু কাগজে পাতিয়ে সংখ্যাটো কিন্তু ১৭৬০ বিলিয়ন ৰেনমিনবি।
এই বিলাক দেখি শুনি বহু নতুন নিয়োগকৰ্তা আৰু চাকৰিয়ালে(বিশেষকৈ ব্যক্তিগত খণ্ডৰ) এই বাধ্যতামূলক আচঁনি দুখনৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিবলৈ ধৰা পৰিলক্ষিত হৈছে। বিগত দিনৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে ক’ব খোজে যে ভবিষ্যতে আঁচনি দুখনৰ সা-সুবিধা বৰ্তমানতকৈও কম হ’ব।সেইবাবে তেওঁলোকে আইনসন্মতভাবে যিমান পৰি কম বৰঙণি আগবঢ়াই স্তম্ভ ২ অৰ্থাৎ এণ্টাৰপ্ৰাইজ এনুইটি আৰু স্তম্ভ ৩ অৰ্থাৎ অনা-এন্টাৰপ্ৰাইজ এনুইটিত বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈছে। অন্যহাতে এই দুখন বাধ্যতামূলক আঁচনিলৈ দৰমহাৰ যি ২৮ শতাংশ বৰঙণি তাক বহু বিশেষজ্ঞই দুটা পেন্সনৰ বাবে কৰা বৰঙণি বুলি ক’ব বিচাৰে।অৰ্থাৎ বৰ্তমানৰ কৰ্মচাৰীয়ে ভবিষ্যতে নিজৰ পেন্সন পাবৰ বাবে বৰঙণি দিয়াৰ ওপৰিও বৰ্তমানৰ অৱসৰপ্ৰাপ্তসকলকো পেন্সন দিব লগাত পৰিছে।
অত্যধিক বিখণ্ডিত ব্যৱস্থাপনা : বৰ্তমান চীনত চলি থকা পেন্সন ব্যৱস্থাপনা সম্পৰ্কে বহু বিশেষজ্ঞই ক’ব খোজে যে ই এক ঐতিহাসিক দুৰ্ঘটনা আৰু ইচ্ছাকৃত কৰ্মনীতি নিৰ্বাচনৰ ফল।সমগ্ৰ পেন্সন ব্যৱস্থাপনাটোক মুলতঃ দুটা ভাগত ভগাব পাৰি। গ্ৰাম্য আৰু চহৰীয়া।দুয়োখনত সা-সুবিধাৰ বিস্তৰ প্ৰভেদ।অৱশ্যে এই পৃথকীকৰণৰ সপক্ষে যুক্তিও নথকা নহয়। উদাহৰণ স্বৰূপে চহৰীয়া ব্যৱস্থাত চাকৰীয়াল এজনে দৰমহাৰ ২৮ শতাংশ বৰঙণি আগবঢ়োৱাৰ দৰে তুলনামূলকভাৱে কম উপাৰ্জন কৰা গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বেছিভাগ ব্যক্তিৰ বাবে সম্ভৱ নহয়।
ইফালে চহৰীয়া ব্যৱস্থাটোও যে কেন্দ্ৰীয়ভাবে নিয়ন্ত্ৰিত এনে নহয়। প্ৰতিখন প্ৰভিন্স অথবা চহৰত পৌৰসভা ভিত্তিক পেন্সনৰ ব্যৱস্থাপনাটো পৰিচালনা কৰে।এনে কৰিবলৈ বাধ্য হোৱাৰ এক ঐতিহাসিক কাৰণ আছে।১৯৯৭ চনৰ সংস্কাৰৰ আগলৈকে প্ৰতিটো উদ্যোগ-প্ৰতিষ্ঠানে নিজৰ পুঁজিৰ পৰা পেন্সন দিছিল।কোৱা বাহুল্য যে সেই সময়ত গৰিষ্ঠসংখ্যক উদ্যোগ-প্ৰতিষ্ঠানেই চৰকাৰী আছিল।
সেয়ে ১৯৯৭ৰ সংস্কাৰ মূলতঃ সেই উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যেই অৱসৰ লোৱা বা ভবিষ্যতে লবলগীয়া লোকসকলক প্ৰাধান্য দিয়েই কৰা হৈছিল।সেই সময়ত চীনা কেন্দ্ৰীয় চৰকাৰৰ অনুভৱ আছিল যে পেন্সন ব্যৱস্থাটো স্থানীয়ভাবে পৰিচালনা কৰিলে কম বিশৃংখলতা থাকিব আৰু কেন্দ্ৰীয় চীনা চৰকাৰৰ বোজাও কম হ’ব। এইখিনিতে অৱশ্যে চীনৰ হিউকো (Hukou) নামৰ ঘৰভিত্তিক হোৱা পঞ্জীয়নৰ ব্যৱস্থাটোৰ কথাও আহিব। প্ৰাচীন কালৰে পৰা চলি অহা এই ব্যৱস্থাটোক চীনা কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য চীনৰ পৰা চহৰীয়া চীনলৈ হ’ব পৰা প্ৰব্ৰজনক নিয়ন্ত্ৰণ কৰাৰ বাবেও এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। চৰকাৰৰ অনুমতি অবিহনে প্ৰব্ৰজন কৰা সকলে নতুন ঠাইত গৃহ, স্বাস্থ্য, সন্তানৰ শিক্ষা, পেন্সন আদি মূল স-সুবিধাৰ পৰা বেয়াকৈ বঞ্চিত হৈছিল। কিন্তু চীনে বজাৰ অৰ্থনীতিত প্ৰবেশ কৰাৰ লগে লগে উদ্যোগ বানিজ্যৰ বিকাশ ঘটে।দেশীয় ব্যক্তিগত খণ্ডৰ আত্মপ্ৰকাশৰ লগতে বিদেশী কোম্পানীবোৰৰো আগমণ ঘটে।ফলত কৰ্ম সংস্থাপনৰ বাবে মানুহৰ এখন প্ৰভিন্সৰ পৰা আন এখন প্ৰভিন্সলৈ, এখন চহৰৰ পৰা আন এখন চহৰলৈ আৰু গাওঁৰ পৰা চহৰলৈ প্ৰব্ৰজন বহু পৰিমাণে বৃদ্ধি পালে।কিন্তু এই সকল প্ৰব্ৰজন কৰা মানুহৰ বাবে প্ৰচলিত ব্যৱস্থাটো সমস্যাবহুল হৈ উঠিল।পৰ্টিবিলিটি এতিয়াও চীনৰ পেন্সন ব্যৱস্থাত এটা প্ৰধান সমস্যা।যাৰ বাবে একোজন মানুহে নতুন স্থানত সহজে পেন্সন ব্যৱস্থাৰ লগত নিজকে জড়িত কৰিব নোৱাৰে।ক’ৰবাত পূৰ্বৰ ঠাইত পেন্সনৰ বাবে জমা কৰাৰ সুফল কঢ়িয়াই নিব নোৱাৰে। এইখিনিতে উল্লেখযোগ্য যে সৰ্বনিম্ন ১৫ বছৰ কাম কৰাটো স্তম্ভ 1A আৰু 1B ৰ পৰা পেন্সন পাবৰ বাবে প্ৰয়োজন। তদুপৰি চাকৰিৰ দৈঘ্যতাৰ ওপৰত পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰে।
অসুবিধাজনক জনসংখ্যা বিষয়ক কাৰণ আৰু ইয়াৰ বাবে চীনৰ প্ৰস্তুতি : চীনৰ গড় বয়স বাঢ়িবলৈ লৈছে খুব ক্ষিপ্ৰভাবে।আটাইতকৈ ডাঙৰ কথা এই হাৰ ভবিষ্যতে কমাৰ সম্ভাৱনা নাই, বাঢ়িবহে।ৰাষ্ট্ৰ সংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১৩ চনত চীনত ৬৫ বছৰৰ ঊৰ্ধৰ ব্যক্তি মুঠ জনসাধাৰণৰ ৯ শতাংশ।অনুমান কৰা মতে এই পৰিসংখ্যা ২০৫০ চনত ২৪ শতাংশ আৰু ২০৬৫ ত ৩০ শতাংশ হোৱাৰ সম্ভাৱনা প্ৰবল ( ভাৰতত ২০১৩ চনত প্ৰায় ৫ শতাংশ আৰু ২০৫০ চনত এই অনুপাত প্ৰায় ১৩ শতাংশ হোৱাৰ সম্ভাৱনা।)। এনে পৰিসংখ্যাৰ ভিত্তিত অনুমান কৰিবলৈ কঠিন নহয় যে অনাগত দিনবোৰত পেন্সনৰ বাবে জমা কৰিবলগীয়া মানুহৰ তুলনাত সেই সময়ত পেন্সন বিচৰা মানুহৰ সংখ্যাৰ হাৰ বৃদ্ধি হৈ গৈ থাকিব। চাইনিজ অকাডেমি অৱ চচিয়েল চাইন্সৰ এটা প্ৰতিবেদনৰ মতে প্ৰয়োজনীয় নিয়ন্ত্ৰণৰ অবিহনে ২০৩০ চনত চীনত পেন্সন পুঁজিৰ ঘাটি হ’ব পাৰে।তেওঁলোকে কৰা গণনাৰ মতে ২০৫০ চনলৈ এই মুঠ ঘাটি সেই সময়ৰ চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৯০ শতাংশ হোৱাৰ সম্ভাৱনা।
অৱশ্যে চীনা চৰকাৰে এই দিশত একো কৰা নাই বুলিব নোৱাৰি।ভবিষ্যতৰ এনে সংকটৰ মুখামুখী হ’বৰ বাবে ২০০০ চনতে এটা পুঁজি স্থাপন কৰিছিল কেন্দ্ৰীয়ভাবে।নাম – নেচেনেল চচিয়েল চিকিঅৰিটি ফাণ্ড (NSSF)। এই ফাণ্ডৰ উৎস হৈছে –
ক) কেন্দ্ৰীয় বাজেটৰ পৰা ধাৰ্য কৰা একোটা অংশ।
খ) চৰকাৰী নিয়ন্ত্ৰিত উদ্যোগৰ এটা অংশ বজাৰত বেচিবলৈ যাওঁতে ইচ্যু কৰা IPO (Initial Public Offer)ৰ পৰা পোৱা ধনৰ ১০ শতাংশ।
গ) লটাৰী অনুজ্ঞাপত্ৰ প্ৰদানৰ জৰিয়তে আহৰণ কৰা ধন
ঘ) জমা টকাৰ বিনিয়োগৰ জৰিয়তে।
ক’ত বিনিয়োগ কৰা হয় :
(১) ঘৰুৱা বিনিয়োগ : (ক) প্ৰত্যক্ষভাবে – বেংক ডিপ’জিট আৰু গভৰ্নমেন্ট বণ্ডত >= ৫০%
(খ) প্ৰৰোক্ষভাবে (ফাণ্ড মেনেজাৰৰ জৰিয়তে)
১) ইকুইটি =< ৪০%
২) ফিক্সড ইনকাম =< ১০%
৩) প্ৰাইভেট ইকুইটি =< ১০%
(২)আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ :
প্ৰৰোক্ষভাবে (ফাণ্ড মেনেজাৰৰ জৰিয়তে)- ইকুইটি আৰু ফিক্সড ইনকাম =< ২০%
কেতিয়াৰ পৰা এই পুঁজি ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে এতিয়াও চীনৰ চৰকাৰৰ ফালৰ পৰা কোনো ঘোষণা হোৱা নাই।বিশেষজ্ঞসকলে ক’ব খোজে যে যেতিয়া ২০৩০ চন মানৰ পৰা চীনৰ জনসংখ্যা বিষয়ক সমস্যা গুৰুতৰ হ’ব তেতিয়াই এই ফাণ্ডৰ ব্যৱহাৰ আৰম্ভ কৰিব। আন কিছুমান সুত্ৰই ক’ব খোজে যে যেতিয়া পুঁজিৰ মুঠ জমা এক ত্ৰিলিয়ন ৰেনমিনবি হ’বগৈ তেতিয়াহে ইয়াৰ ব্যৱহাৰ আৰম্ভ হ’ব। শেহতীয়া এক তথ্যৰ মতে এই পুঁজি বৰ্তমান প্ৰায় ৯২৩ বিলিয়ন ৰেনমিনবি হৈছেগৈ।এই পুঁজিয়ে তেওঁলোকৰ গুৰুতৰ সমস্যাক কিমানখিনি সকাহ দিব সেয়া সময়েহে ক’ব।
ইয়াৰ উপৰিও চীনত পেন্সনৰ সমাধানে গৰিষ্ঠসংখ্যক জনসাধাৰণক এতিয়াও সামৰি ল’ব পৰা নাই।এই লেখাটো যুগুতাবলৈ যাওঁতে এটা আকৰ্ষণীয় তথ্য চকুত পৰিছিল।গড় হিচাপত এজন অৱসৰপ্ৰাপ্ত মানুহৰ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা খৰচখিনিৰ উৎস কি সেই বিষয়ে ২০১২ চনত প্ৰকাশ হোৱা লেখা এটাত হু ইউফান (Hu Yifan) নামৰ বিশেষজ্ঞ এজনে কৈছিল যে চহৰীয়া পেন্সনাৰ এজনৰ ক্ষেত্ৰত ৪৫.৪ শতাংশ প্ৰয়োজন পূৰণ হয় দেশখনৰ প্ৰাথমিক পেন্সন ইনচুৰেন্স অৰ্থাৎ স্তম্ভ 1A আৰু 1B ৰ পৰা অহা ধনেৰে।৩৭ শতাংশ প্ৰয়োজনৰ বাবে তেতিয়াও তেওঁলোকে সন্তানৰ মুখলৈ চাব লাগিছিল।উল্লেখযোগ্য যে চীনে ১৯৭৮-৮০ চনৰ ভিতৰত আৰম্ভ কৰা এক সন্তানৰ নীতিৰ বাবে বৰ্তমান পিতৃ-মাতৃক চাব লগা হোৱা লোকসকলে যথেষ্ট গধুৰ দায়িত্ব ল’ব লগাত পৰিছে। কাৰণ তেওঁলোক ভাতৃ-ভগ্নীহীন। ল’ব লগা হৈছে দুটা পৰিয়ালৰ দায়িত্ব। গ্ৰাম্য চীনত বৃদ্ধ পিতৃ-মাতৃৰ সন্তানৰ ওপৰত নিৰ্ভৰশীলতা আৰু অধিক। গড় হিচাপত প্ৰয়োজনৰ প্ৰায় ৫৪.১ শতাংশ ধন আহে সন্তানৰ পৰা, ৩৭.৯ শতাংশ প্ৰয়োজন পূৰণ হয় নিজৰ খেতি পথাৰৰ পৰা।চাইনিজ অকাডেমি অৱ চচিয়েল চাইন্সৰ অন্য এটা প্ৰতিবেদনমতে ২০১২চনত চহৰীয়া চীনা পেন্সনাৰে গড়ে বছৰি ২০,৯০০ ৰেনমিনবি পোৱাৰ বিপৰীতে গ্ৰাম্য চীনৰ এজন অৱসৰপ্ৰাপ্ত কৃষি কৰ্মীয়ে বছৰি গড়ে পায় ৮৫৯ ৰেনমিনবিহে। য’ত নেকি চৰকাৰীভাবে দ্ৰাৰিদ্ৰতাৰ সীমা ৰেখা নিৰ্ণয়ৰ স্ংখ্যাটো হৈছে বছৰি ২,৩০০ ৰেনমিনবি।
মোৰ বোধেৰে ভাৰতৰ দৰে দেশ এখনৰ পেন্সন নীতি প্ৰস্তুত কৰোঁতাসকলৰ ওপৰিও আমি সাধাৰণ নাগৰিকেও চীনৰ পেন্সন ব্যৱস্থাটোলৈ চকু দিয়া উচিত। চুবুৰীয়া জনবহুল দেশখনে কৰা পৰিকল্পনা তথা মুখামুখী হোৱা সমস্যাৰ কথা বুজিলেহে আমাৰ আকাংক্ষাক বাস্তবসন্মত ৰূপ দিব পাৰিম। বা একেবাৰে ব্যক্তিগত স্তৰত নিজৰ অৱসৰ পৰিকল্পনা কৰোতে আমাৰ পেন্সন ব্যৱস্থাই নিদিয়া অথচ প্ৰয়োজনীয় দিশবোৰৰ প্ৰতি সাজু হোৱাৰ ক্ষেত্ৰত চীনৰ পেন্সন ব্যৱস্থাৰ লগত কৰা তুলনামূলক অধ্যয়ন প্ৰভুত পৰিমাণে সহায়ক হ’ব পাৰে।
টাইফানৱান (Tiefanwan) এটা চীনা শব্দ। ইয়াৰ অৰ্থ হৈছে ‘লৌহ ভাতৰ বাটি’ (Iron Rice Bowl)। ১৯৪৯ চনৰ ১অক্টোবৰত সাম্যবাদ প্ৰতিষ্ঠা হোৱাৰ পাচত চীনৰ চৰকাৰে তেওঁলোকৰ সকলো কৰ্মচাৰীক নিশ্চিত কৰ্ম জীৱন আৰু অৱসৰৰ পাচত চিন্তা কৰিব নলগাকৈ জীয়াই থাকিব পৰা ব্যৱস্থাটোক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল।অৰ্থাৎ ভাতৰ বাটি ভঙাৰ সম্ভাৱনা আৰু নাই। যদিও দৰমহা বা পাৰিশ্ৰমিক কম আছিল সাম্যবাদ প্ৰতিষ্ঠা হোৱা দেশখনত চৰকাৰে স্বাভাবিকভাবেই এই প্ৰচেষ্টাৰে কৰ্মচাৰীসকলক আজীৱন নিৰাপত্তা দিব খুজিছিল। এজন চীনা কৰ্মচাৰীয়ে শেষ দৰমহাৰ প্ৰায় ৮০-৯০ শতাংশ ধনৰ মাহেকীয়া পেন্সন লৈ অৱসৰ জীৱন আৰম্ভ কৰাৰ সুযোগ পাইছিল।
অংকখিনি মুখতে কৰিব পৰাকৈ সহজ বিধৰ নহয়। আজীৱন পেন্সন দিয়াৰ স্বাৰ্থত আঁচনি দুখনে বীমা কোম্পানীৰ দৰে পৰিকল্পনা কৰে। সেয়ে বিভিন্ন পৰিমানৰ বৰঙণি আগবঢ়োৱা লোকসকলক কাক কিমানকৈ মাহেকীয়া পেন্সন দিয়া হ’ব, তাক নিৰ্ধাৰণ কৰিবলৈ এনুইটিৰ বাবে প্ৰযোজ্য হোৱা অংক প্ৰয়োগ কৰা হয়। তথাপি বৰ্ণনা সৰল কৰাৰ স্বাৰ্থত ক’ব পাৰি যে এই ব্যৱস্থাটোত এজন মানুহক অৱসৰৰ দিনত সৰ্বোচ্চ তেওঁৰ শেষ দৰমহাৰ প্ৰায় ৫৯ শতাংশ প্ৰতিস্থাপক অনুপাতেৰে (Replacement Ratio) পেন্সন দিবলৈ চৰকাৰে চেষ্টা কৰে ( স্তম্ভ 1A- ৩৫% + স্তম্ভ 1B- ২৪%)। অংক সহজ কৰিবলৈ ধৰা হওক এজন ব্যক্তিয়ে ৩৫ বছৰ কাল চাকৰি কৰিলে মাহে ১০০০ ৰেনমিনবিত আৰু এই সংখ্যাটো তেওঁৰ চাকৰি কালৰ প্ৰতি বছৰে ঘোষিত হোৱা গড় দৰমহাতকৈ কম আছিল (সমগ্ৰ ৩৫ বছৰ দৰমহা বঢ়া নাই বুলি ধৰিছোঁ অংক সহজ কৰাৰ স্বাৰ্থত)। তেওঁ অৱসৰ লোৱা আগৰ বছৰ চহৰখনৰ গড় দৰমহাও যদি ১০০০ ৰেইমিনবি থাকে, সেই বছৰ তেওঁৰ মাহেকীয়া পেন্সন হ’ব- ১০০০ x ৫৯ % = ৫৯০ ৰেনমিনবি (প্ৰায়) । কিন্তু ই এই কথা নুবুজাই যে প্ৰত্যেকজন চীনা ব্যক্তিয়ে তেওঁৰ শেষৰটো মুঠ দৰমহাৰ ৫৯ শতাংশ পেন্সন হিচাপে পাবলৈ সক্ষম হ’ব। তেওঁৰ চাকৰিকাল যদি ৩৫ বছৰতকৈ কম হয়, সমানুপাতিক ভাবে তেওঁ পাব পৰা পেন্সনো ক’ম হ’ব। ৰ’ব, মুঠ দৰমহাৰ তুলনাত প্ৰতিস্থাপক অনুপাত ইয়াতকৈ বহুত কম হোৱাৰ অৱকাশ আছে। যদিহে তেওঁৰ মুঠ দৰমহাত মূল দৰমহা কম আছিল, কিন্তু বোনাছ, এলাউন্স আদিহে বেছি আছিল ( যিটো ব্যক্তিগত খণ্ডৰ চাকৰিয়ালৰ ক্ষেত্ৰত সততে হয়)। ধৰক, মূল দৰমহা ৫০ শতাংশ আৰু বোনাছ, এলাউন্স আদি ৫০ শতাংশৰে এজন চাকৰিয়ালৰ মুঠ দৰমহা গঠিত। গতিকে ৩৫ বছৰ চাকৰি কৰিলেও অৱসৰৰ পাচত প্ৰকৃত প্ৰতিস্থাপক অনুপাত তেওঁৰ ক্ষেত্ৰত আৰুহে কম হ’ব। ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত ই ২৯.৫ শতাংশ মানহে হ’ব। ইফালে উচ্চ দৰমহাধাৰী মানুহৰ ক্ষেত্ৰতো (যদি দৰমহা গড় দৰমহাৰ তিনি গুণতকৈ বেছি হয়) প্ৰতিস্থাপক অনুপাত ৫৯ শতাংশতকৈ বহুতেই কম হোৱা দেখা যায়।
যিসকল চৰকাৰী চাকৰিয়াল ‘এন পি এছ’ বলবৎ হোৱাৰ আগতে নিযুক্তি পাইছিল তেখেতসকলৰ পেন্সন ব্যৱস্থা যথেষ্ট সৰল৷ মোটামুটি হিচাপ এটাৰে কব পাৰি যে শেষ দৰমহাৰ প্ৰায় ৫০ শতাংশ মাহেকীয়াকৈ পেন্সন হিচাপে তেখেতসকলে পায়৷ এই পেন্সনৰ মৰগীয়া বানচৰ অংশটো প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ বাঢ়ি যায়৷ মই লক্ষ্য কৰা অনুসৰি এজন অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ মুঠ পেন্সন যোৱা ১৫ – ১৬ বছৰ সময়ত বাৰ্ষিক গড়ে প্ৰায় ৯ শতাংশতকৈ বেছি বৃদ্ধি হৈ গৈ আছে৷ অৰ্থাৎ যোৱা বছৰ যদি মুঠ পেন্সন ২০ হেজাৰ আছিল এই বছৰ মৰগীয়া বানচ আৰু আন শিতানত বৃদ্ধি হোৱাৰ ফলত মুঠ পেন্সন হৈছেগৈ প্ৰায় ২১,৮০০ টকা৷
২০০৯ বৰ্ষৰ ১ মে’ৰ পৰা বহু অপেক্ষিত ৰাষ্ট্ৰীয় পেন্সন আঁচনি চমুকৈ ‘এন পি এছ’ক সৰ্বসাধাৰণ ৰাইজলৈ মুকলি কৰা হয়৷ ইয়াৰ পিচত এন পি এছক অধিক জনমুখী কৰাৰ অংশ হিচাপে ২০১১ চনৰ ডিচেম্বৰ মাহত কৰ্প’ৰেট খণ্ডৰ বাবেও এন পি এছৰ আঁচনি এখন মুকলি কৰা হয়৷ বিভিন্ন খৰচৰ সামান্য পাৰ্থক্যৰ বাদে এই দুই আঁচনিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল কৰ্প’ৰেট আঁচনিত নিয়োগকৰ্তাৰ বৰঙণি থাকিবও পাৰে বা নাথাকিবও পাৰে আৰু ইফালে সৰ্বসাধাৰণ নাগৰিকৰ বাবে থকা আঁচনিখনত মাত্ৰ বিনিয়োগকাৰীৰ বৰঙণিহে থাকে (সৰ্বসাধাৰণ নাগৰিকলৈ বুলি কওঁতে স্বাৱলম্বন আঁচনিখনৰ কথা ইয়াত কোৱা হোৱা নাই৷ এগ্ৰিগেটৰৰ যোগেদি আগবঢ়া এই পৃথক আঁচনিখন বৰ্তমান নতুন গ্ৰাহকৰ বাবে বন্ধ কৰা হৈছে)৷ বাকী প্ৰায় সকলো নীতি নিয়মৰ গণ্ডী প্ৰায় একেই৷ সেয়ে আমি দুয়োখন আঁচনিক পৃথককৈ আলোচনা নকৰো৷ প্ৰথমে চাওঁ আহক কোনবোৰ সংগঠন কৰ্প’ৰেট হিচাপে চিহ্নিত হৈছে ‘এন পি এছ’ৰ সংজ্ঞাত
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ১ জানুৱাৰী ২০০৪ বা তাৰ পাচত নিযুক্তি লাভ কৰা কৰ্মচাৰী এজনৰ বাবে ‘এন পি এছ’ বা ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জড়িত হোৱাটো বাধ্যতামূলক৷ অৱশ্যে সেনা-বাহিনীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ প্ৰায় সকলো ৰাজ্য চৰকাৰেই এই ব্যৱস্থা নিজৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে৷ এইখন আঁচনিৰ যোগেদিয়েই পূৰ্বতে দেশত চলি থকা চৰকাৰী পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা বৰ্তমানৰ সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ সলনি হ’ল৷ এই পৰিবৰ্তিত পেন্সন ব্যৱস্থাত পেন্সনৰ বাবে কৰ্মচাৰী এজনৰ বৰঙণি কিমান হ’ব সেয়াহে সূত্ৰবদ্ধ হৈ থাকে, পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰিব চাকৰি কালছোৱাত বিনিয়োগে লাভ কৰা ফলাফলৰ ওপৰত৷ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘এন পি এছ’ ত বিনিয়োগ ব্যৱস্থা দুই শাৰী বিশিষ্ট৷