ব্যক্তিগতভাৱে আপুনি যি ৰাজনৈতিক মতাদৰ্শতেই বিশ্বাসী নহওক কিয় যেতিয়া এজন বিনিয়োগকাৰী হিচাপে অৱতীৰ্ণ হয় তেতিয়া কিন্তু আপোনাক প্ৰয়োজন হয় পুঁজিবাদী দৃষ্টিকোণৰ৷ কাৰণ সেই সময়ত আপুনি বিচাৰে আপোনাৰ বিনিয়োগে আপোনাৰ হৈ কাম কৰক৷ আপোনাৰ আৰ্থিক লাভালাভ হৈ পৰে কেন্দ্ৰীয় বিষয়বস্তু৷ ইফালে পুঁজিবাদৰ অন্যতম মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় আশাবাদক৷ নিজক ঐশ্বৰ্যশালী কৰাৰ অপাৰ সম্ভাৱনীয়তাৰ বীজো গজে আশাবাদী ধনাত্মক চিন্তাতেই৷ কিন্তু অতিমাত্ৰা সকলো বেয়া হোৱাৰ দৰেই অতি বেছি আশাবাদো কিন্তু বিনিয়োগকাৰীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈ আহিছে৷ অতিমাত্ৰা আশাবাদে ঋণাত্মক কথাবোৰলৈ আপোনাৰ চকু যোৱাত বাধা প্ৰদান কৰে আৰু আপোনাৰ বিশ্লেষণক কৰি তোলে পক্ষপাতদুষ্ট৷ এই অৱস্থাটোকে আচৰণ সম্বন্ধীয় বিত্তত কোৱা হয় আশাবাদৰ পক্ষপাত (Optimism Bias)৷
শেহতীয়াভাৱে ইকুইটি বজাৰৰ পৰা সকলোৰে প্ৰত্যাশা বৃদ্ধি পাইছে৷ ভাল কথা৷ আমাৰ দেশত বিনিয়োগৰ ফলেৰে মুদ্ৰাস্ফীতিৰ হাৰক পৰাভূত কৰিবলৈ হ’লে ইকুইটি সম্পদ শ্ৰেণীক কেতিয়াও উপেক্ষা কৰিব নোৱাৰো৷ বৰ্তমান মোডী চৰকাৰৰ স্থিৰতা , বিকাশ প্ৰত্যাশী কেন্দ্ৰীয় বাজেট, ৰিজাৰ্ভ বেংকৰ শেহতীয়া সুতৰ হাৰ হ্ৰাস আদি কথাবোৰে বৰ্তমান বজাৰত ধনাত্মক প্ৰভাৱ পেলাইছে৷ যোৱা এবছৰত ছেনছেক্সে প্ৰায় ৪০ শতাংশৰ আশে-পাশে ফল দিছে৷ কিন্তু সেই বুলিয়েই অনাগত বছৰবোৰতো ধাৰাবাহিকভাৱে ইকুইটি সম্পদ শ্ৰেণীৰ পৰা বাৰ্ষিক ৪০ শতাংশ বা ততোধিক ফল আশা কৰাটো উচিত হ’বনে? এনে আশাক নিশ্চয় বাস্তৱসন্মত বুলিব নোৱাৰি৷ দেখা যায় ভাল দিনৰ সোৱাদ পাই বহুতৰে প্ৰত্যাশাই ক্রমাৎ অযুক্তিকৰ পর্যায় এটালৈ গতি কৰে৷ বিনিয়োগৰ বুৰঞ্জী খুঁচৰিলেও দেখিব যে শ্বেয়াৰ বজাৰৰ প্ৰত্যেকটো বৃহৎ পতনৰ পূৰ্বে বজাৰত ভাগ লওঁতাসকলৰ অতি আশাবাদেও বজাৰ ডুবাত অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে ক্রিয়া কৰে৷
বৰ্তমান সময়ত ভাৰতীয় ইকুইটি বজাৰক মূল্যায়ন কৰিবলৈ গ’লে আমি দেখিম যে বজাৰ আজি আৰু তেনেই সস্তা হৈ থকা নাই৷ এবছৰৰ আগৰ তুলনাত বজাৰ নিঃসন্দেহে আজি বেছি গৰম৷ বজাৰৰ উত্তাপ সাংখ্যিক হিচাপত ইয়াক প্ৰকাশ কৰিবলৈ ছেনছেক্স জাতীয় ইকুইটি সূচকাংকৰ পি ই অৰ্থাৎ প্ৰাইচ আৰ্নি ৰেচিঅ’ৰ আমি সহায় ল’ব লাগিব৷ এই অনুপাতটো যিমান বেছি হয় বজাৰ সিমানে গৰম হৈ পৰে, দামী হৈ যায়৷ ৫ মাৰ্চ ২০১৪ত ছেনছেক্সৰ পি ই অনুপাত আছিল ১৭.৪১ আৰু এই লেখাটো প্ৰস্তুত কৰাৰ সময়ত অৰ্থাৎ ৫ মাৰ্চ ২০১৫ ত সেই অনুপাত হ’লগৈ ২০.০২ যদিহে কোম্পানীবোৰৰ আয় বৃদ্ধি নহয় আৰু সূচকাংক ঊৰ্ধ্বগামী হৈ গৈ থাকে, তেন্তে এই অনুপাত অধিক বৃদ্ধিহে পাব৷ সেয়ে বজাৰৰ প্ৰতি আশাবাদী দৃষ্টিভংগী ৰখাৰ লগতে বজাৰক প্ৰতিনিধিত্ব কৰা সূচকাংকৰ পি ই অনুপাত আৰু সামগ্ৰিকভাৱে কোম্পানীবোৰৰ লাভ কেনে হৈছে তালৈ চকু ৰখাটো হ’ব সমতুল দৃষ্টিভংগী৷
গভীৰ আশাবাদে বিনিয়োগত কেনেদৰে পক্ষপাতমূলক ভূমিকা লয় তাৰ দুটা উদাহৰণ দাঙি ধৰিব খুজিছো –
(১) ক’ত বিনিয়োগ কৰিলে আটাইতকৈ বেছি লাভ হোৱাৰ সম্ভাৱনা তাক চাব খোজাটো মানুহৰ স্বাভাৱিক প্ৰৱণতা৷ কেন্দ্ৰীয় বাজেটৰ পিচত আন্তঃগাঁঠনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ধাৰণাটোৰ লগত জড়িত কোম্পানী বা মিউচুৱেল ফাণ্ডৰ আচঁনিবোৰৰ পৰা প্ৰত্যাশা অধিক বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু সেই আকৰ্ষণে যদি বিনিয়োগকাৰীক পাহৰাই দিয়ে ইকুইটি বিনিয়োগত ভিন্নতাকৰণ বা ‘ডাইভাৰচিফিকেচন’ৰ প্ৰয়োজনীয়তা, তেন্তে আমি ক’ব পাৰো যে ব্যক্তিজন আশাবাদৰ পক্ষপাতত আক্রান্ত৷ নিপুন বিনিয়োগকাৰীয়ে সমগ্ৰ ইকুইটি বিনিয়োগৰ এটা সৰু অংশ এটা বিশেষ খণ্ডত বিনিয়োগ কৰি সেই খণ্ডটোৰ সুদিনত উপকৃত হ’বলৈ কৰা চেষ্টা আক্রমণাত্মক হ’লেও এটা উপযোগী কৌশল হ’ব পাৰে৷ কিন্তু গোটেই প্ৰক্রিয়াটো কেইবাখনো গাড়ী ষ্টাৰ্ট কৰি এই যাওঁ এই যাওঁ যেন কৰি থাকোতে সঠিক পূর্বানুমানেৰে আগতে যাব বুলি ভবাখনত জাঁপ মাৰি উঠা আৰু গাড়ীখন পৰৱৰ্তী বাছ ষ্টপত ৰখাৰ আগতেই জঁপিয়াই নমাৰ নিচিনা কথা৷ কাৰণ একো একোটা খণ্ডৰ সুদিন সদায় একে নাযায়৷ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰেক্ষাপট সলনি হ’লে অধিকভাৱে উপকৃত হ’ব পৰা খণ্ডটোও সলনি হব পাৰে৷ সেয়ে সমগ্ৰ ইকুইটি বিনিয়োগৰ গৰিষ্ঠ অংশ যদি একোটা বিষয়কেন্দ্ৰিক অথবা খণ্ডকেন্দ্ৰিক হয় তেন্তে সেয়া কিন্তু বিপজ্জনকভাৱে আক্রমণাত্মক কৌশল৷
(২) নিজে কাম কৰা কোম্পানীটোৰ প্ৰতি এটা সহজাত আপোন ভাব সকলো মানুহৰে থাকে৷ তেনেদৰে থাকে কোম্পানীকেন্দ্ৰিক এক আশাবাদী মনোভাবো৷ কোম্পানীবোৰেও তেওঁলোকৰ শ্বেয়াৰ নিজৰ কৰ্মচাৰীক প্ৰদান কৰি কৰ্মচাৰীসকলৰ আনুগত্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰে৷ কিন্তু বিনিয়োগকাৰী হিচাপে এজন ব্যক্তিৰ বাবে তেওঁৰ সমগ্ৰ বা গৰিষ্ঠ পৰিমাণৰ ইকুইটি বিনিয়োগ যদি নিজে কাম কৰা কোম্পানীটোৰ হয় তেন্তে তেওঁৰ বিনিয়োগ অতি কেন্দ্ৰীভূত হৈ পৰে৷ পৃথিৱীৰ বহু বিনিয়োগকাৰী এনে কেন্দ্ৰীভূত বিনিয়োগত বিধ্বস্ত হোৱাৰ অলেখ উদাহৰণ আছে৷ বৰ্তমান চিনমোকাম নোহোৱা এসময়ৰ আমেৰিকাৰ অন্যতম শ্ৰেষ্ঠ কোম্পানী ‘এনৰন’ৰ কৰ্মচাৰীয়ে ভোগ কৰা কুফল আজিও সেই দেশৰ বিত্তীয় সজাগতামূলক লেখাসমূহত উদাহৰণ হিচাপে ব্যৱহাৰ কৰে৷ এনৰনৰ ভালৰ দিনত সেই কোম্পানীৰ কৰ্মকৰ্তা আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন বিনিয়োগ হিচাপে পছন্দৰ শ্বেয়াৰ আছিল এনৰনেই৷ কোম্পানীটো ধ্বংস হোৱাৰ সময়ত এনৰনৰ কৰ্মচাৰীসকলে অকল যে সংস্থাপনেই হেৰুৱালে তেনে নহয়, তেওঁলোকৰ অৱসৰ জীৱনৰ বাবে গভীৰ বিশ্বাসেৰে এনৰনৰ শ্বেয়াৰত কৰি যোৱা বিনিয়োগৰ ধনো সমুলঞ্চে হেৰুৱালে৷ আমেৰিকাৰ বহু বিত্তীয় পৰিকল্পনাকাৰীৰ উপদেশত মই দেখিছো যে তেওঁলোকে বিনিয়োগকাৰীক নিজে কাম কৰা কোম্পানীটোত বিনিয়োগ তেওঁলোকৰ মুঠ ইকুইটি বিনিয়োগৰ ১০ শতাংশতকৈ বেছি নকৰিবলৈ উপদেশ দিয়ে৷ যুক্তি সবল আৰু স্পষ্ট – কোম্পানীৰ উন্নতিৰ লগত তোমাৰ বৰ্তমান জড়িত৷ তোমাৰ ভৱিষ্যতো সেই কোম্পানীৰ ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নকৰিবা৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ২ এপ্ৰিল, ২০১৫ত প্ৰকাশ পাইছিল)
ৰবীন দত্তৰ মতে উৰুকাৰ বাবে চিতল মাছ আগদিনাই কিনি থ’ব লাগে৷ অলপ কম দামতে পোৱা যায়৷ পিচদিনা দাম কি পৰ্যায় পায়গৈ কোনো ঠিক নাই৷ ভালকৈ কুটি-বাছি ফ্ৰীজত ভৰাই থ’লেই হ’ব৷ দত্তৰ বন্ধু কৃষ্ণ কলিতাৰ কিন্তু এই সম্পৰ্কে দ্বিমত আছে৷ কলিতাৰ মতে উৰুকাৰ দিনা আবেলিলৈহে চিতল মাছ কিনিব লাগে৷ তেতিয়ালৈ মাছ উভৈনদী হৈ পৰে৷ তাতে দূৰৰ পৰা অহা বেপাৰীয়ে তেতিয়া বেছি লাভলৈ চিন্তা নকৰি তুলনামূলকভাৱে কম দামতে বাকী থকা মাছ বিক্রী কৰি ঘৰলৈ উভতিব বিচাৰে৷ দুই বন্ধুৱে ঠিক কৰিলে, এইবাৰ উৰুকাত চোৱা যাওক কাৰ কথা খাটে৷
অনুতাপ এক পীড়াদায়ক আৱেগ৷ সাধাৰণ ‘ধেৎতেৰি’টোৰ পৰা মূৰৰ চুলি খামুচি বাক্হীন হোৱালৈকে ইয়াৰ বিস্তৃতি৷ ঘটনা এটা ঘটি যোৱাৰ পাচত ‘আস! এনেকৈ যদি কৰিলোহেঁতেন বা নকৰিলোহেঁতেন’ধৰণৰ ভাব কিছুমানে ব্যক্তিজনক সাংঘাতিকভাৱে অসুখী কৰি তুলিব পাৰে৷ জীৱনত এবাৰৰ বাবে হ’লেও গভীৰভাৱে অনুতপ্ত হোৱা মানুহে জানে অনুতাপে প্ৰদান কৰা শাস্তিৰ বিষয়ে৷ আনকি অনুতাপ কৰিবলগীয়া পৰিবেশ এটাৰ কল্পনাতো মানুহে যন্ত্ৰণা অনুভৱ কৰে৷ সেয়ে সচেতনভাৱে চেষ্টা কৰে অনুতপ্ত হ’বলগীয়া কোনো পৰিস্থিতিৰ মুখামুখি নহ’বলৈ৷ এই অনুতাপৰ পৰা আঁতৰি থাকিবলৈ কৰা প্ৰৱণতাটোকে কোৱা হয় অনুতাপ বিতৃষ্ণা, ইংৰাজীত ৰিগ্ৰেট এভাৰছন৷ অনুতাপ বিতৃষ্ণাই বিনিয়োগক কেনেদৰে প্ৰভাৱান্বিত কৰে সেই বিষয়টোলৈ যোৱাৰ পূৰ্বে অনুতাপ সম্বন্ধীয় দুটামান কথা কৈ ল’ব বিচাৰিম৷
যিকোনো তথ্যক পক্ষপাতহীনভাৱে চালি-জাৰি চাই আমি সিদ্ধান্তলৈ অহা উচিত৷ এই কথাষাৰ আপুনি সমৰ্থন কৰেনে বুলি প্ৰশ্নৰ অৱতাৰণা কৰিলে আপুনি হয়তো বিৰক্তহে হ’ব৷ হয়, আপোনাৰ যুক্তিবাদী মনটোক মই শ্ৰদ্ধা কৰো৷ কিন্তু আপুনি যদিহে মোৰ দৰে এজন সাধাৰণ মানুহ তেন্তে আমি আক্রান্ত হ’ব পৰা এটা পক্ষপাতৰ বিষয়ে আজি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো৷ যাতে প্ৰয়োজনীয় সময়ত এবাৰ হ’লেও বিশ্লেষণ কৰি চাবলৈ সুবিধা পায় – ‘মোৰ এই সিদ্ধান্ত সেই বিশেষ পক্ষপাতৰ দ্বাৰা প্ৰৰোচিত নহয়তো?
ধৰক, অপোনাৰ মৰমৰ বাহনখন আপুনি বিক্রী কৰিব খুজিছে৷ সেইখনৰ উচিত মূল্য কিমান হ’ব বাৰু? অনুগ্ৰহ কৰি এক মুহূৰ্তৰ বাবে পঢ়াৰ পৰা চকু আঁতৰাই সংখ্যাটো নিৰ্ধাৰণ কৰকচোন৷