এটা প্ৰস্তাৱ আপোনালৈ – এক লাখ টকা আজিয়েই ল’ব নে ইয়াৰ পৰিবৰ্তে আঢ়ৈ লাখ টকা ৫ বছৰৰ পাচত ল’ব ? খুব বেছি সম্ভাৱনা আছে আপুনি আজিয়েই এক লাখ টকা লৈ লোৱা বিকল্পটো গ্ৰহণ কৰিব।যুক্তি – পাঁচ বছৰৰ পাচত ক’ত কি হয় কোনে জানে ? পাওঁতেই আজি এক লাখ টকা লৈ লোৱা বেছি বুদ্ধিমানৰ কাম হ’ব। এক কথাত আজিৰ এক লাখ টকাৰ আৱেগিক মূল্য আপোনাৰ ওচৰত পাঁচ বছৰৰ পাচৰ আঢ়ৈ লাখ টকাতকৈ বেছি।এইবাৰ দ্বিতীয় প্ৰস্তাৱটো শুনক – পাঁচ বছৰৰ পাচত আঢ়ৈ লাখ টকা ল’ব নে ছয় বছৰৰ মূৰত তিনি লাখ টকা ল’ব? বেছিভাগ মানুহৰ দৰেই আপুনিও হয়তো ছবছৰৰ পাচত তিনি লাখ টকা ল’বলৈ ভাল পাব।এইবাৰ আপোনাৰ যুক্তি হ’ব – পাঁচ বছৰ ৰ’ব পাৰিলো যেতিয়া আৰু এবছৰ ৰৈ অতিৰিক্ত ৫০ হেজাৰ টকা লোৱা ভাল।
প্ৰিয় পাঠক, এইখিনিলৈকে যদি মোৰ লগত সহমত পোষণ কৰি আছে তেনেহ’লে দুয়োটা প্ৰস্তাৱতে আপুনি কিন্তু বিপৰীত স্থিতি লৈছে। দুয়োটা প্ৰস্তাৱতে ৰৈ দিয়াৰ বাবদ আপুনি লাভ কৰিছে চক্ৰবৃদ্ধি হাৰত প্ৰায় ২০ শতাংশ সুত।কিন্তু প্ৰথম প্ৰস্তাৱত সেয়া আপোনাৰ দৃষ্টিত আকৰ্ষণীয় হৈ ধৰা দিয়া নাই।দ্বিতীয় প্ৰস্তাবত অৱশ্যে ঠিকেই সিদ্ধান্ত লৈছে। কিয় বাৰু?এবাৰ ভাবকচোন।বৰ্তমানক আমি বহু সময়ত প্ৰয়োজনাধিকভাৱে বেছি গুৰুত্ব দিওঁ আৰু ভৱিষ্যতৰ কথালৈ দিঙি মেলি চাবলৈ অনীহা প্ৰকাশ কৰো। এয়াই আমাৰ স্বভাৱ। যাক কোৱা হয় – টেম্প’ৰেল মাইঅ’পিয়া (Temporal Myopia)। মই ইয়াত অসমীয়াত কৈছো – সময় সম্বন্ধীয় খীণ দূৰদৃষ্টি।যেনেকৈ খীণ দূৰদৃষ্টিত আক্ৰান্ত হ’লে আমি ভৌগোলিকভাৱে দূৰত থকা বস্তু এটা ভালদৰে নেদেখো, এই ক্ষেত্ৰত সময়ৰ মাপেৰে দূৰত থকা বিষয় এটাক প্ৰয়োজনতকৈ কম গুৰুত্ব দিওঁ।কিন্তু যেতিয়া দুটা তুলনামূলকভাৱে দূৰত থকা বিষয়ৰ মাজত এটাক নিৰ্বাচন কৰিবলগা হয় তেতিয়া আমি বহু পৰিমাণে এই প্ৰভাৱৰ পৰা মুক্ত হওঁ। এই যে ভৱিষ্যতৰ টকাক আজিৰ তাৰিখত অযুক্তিকৰভাৱে অতি কম গুৰুত্ব দিয়া হ’ল তাক হাইপাৰবলিক ডিছকাউণ্টিং (Hyperbolic Discounting) বুলিও কোৱা হয়।অসমীয়াত আমি ক’ব পাৰো – অধিবৃত্তীয় ৰেহাই।এই স্বভাৱৰ বাবেই আমাৰ বাবে ভৱিষ্যতলৈ বুলি সঞ্চয় কৰাতকৈ আজিৰ প্ৰয়োজনত টকা খৰচ কৰাটো অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। ভৱিষ্যতৰ উপাৰ্জনৰ পৰা ঋণৰ কিস্তি মাৰি হ’লেও আজিৰ তাৰিখত চৌখিন সামগ্ৰী এপদ লোৱাৰ সপক্ষে যুক্তি বিচাৰি পাওঁ।আমাৰ এই মানসিকতাকে সাৰ-পানী যোগাই ক্ৰেডিট কাৰ্ডৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটে।
এটা ব্যাখ্যা অনুসৰি এই স্বভাৱ আমাৰ আদিমকালৰ পূৰ্বপুৰুষসকলৰ পৰাই উত্তৰাধিকাৰসুত্ৰে পাইছো। যেতিয়া মানুহৰ জীৱনকালৰ দৈৰ্ঘ্য বেছি নাছিল, আন জীৱকুলৰ দৰেই প্ৰতিটো দিনেই প্ৰত্যাহ্বানেৰে ভৰা আছিল, তেতিয়া আমাৰ পূৰ্বপুৰুষো ‘আজি’টোত জীয়াই থাকিবলৈ বাধ্য হৈছিল। আজি জীয়াই থাকিলেহে ‘কাইলৈ’ আহিব। আজি ভোকত এটুকুৰা মাংস লাগিবনে এমাহৰ পিচত দুটুকুৰা মাংস লাগিবজাতীয় প্ৰশ্নত আমাৰ পূৰ্বপুৰুষসকলে আজিৰ এটুকুৰা মাংসতেই অগ্ৰাধিকাৰ দিয়াটো তেনেই স্বাভাৱিক আছিল সেই পৰিস্থিতিত।কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ সমস্যা, ৰিস্ক, আদিৰ ক্ষেত্ৰত আন জীৱকুলৰ লগত বিস্তৰ প্ৰভেদ আহিবলৈ ধৰিলে।স্বাস্থ্য বিজ্ঞানৰ প্ৰভূত উন্নতিৰ লগে লগে মানুহৰ জীৱনকালৰ দৈৰ্ঘ্য আগৰ দৰে তেনেই চুটি হৈ থকা নাই।আজিৰ আধুনিক মানুহে বৰ্তমানটোক জীয়াই থাকিবৰ বাবে উপযোগী কৰি ৰখাৰ সমান্তৰালভাৱে ভৱিষ্যতৰ নিৰাপত্তাৰ দিশটোও উলাই কৰিব নোৱাৰে।কিন্তু দুৰ্ভাগ্য, পূৰ্বজৰ পৰা উত্তৰাধিকাৰসুত্ৰে পোৱা চিন্তাধাৰাত প্ৰায়ে আমাৰ তেনে হৈ যায়।
সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মানুহে দেখুওৱা এই স্বভাৱটো অকল যে মনোবিজ্ঞানীৰ বাবেই চৰ্চাৰ বিষয় হৈ পৰিছে এনে নহয়, স্নায়ু বিজ্ঞানীসকলো ইয়াৰ ব্যাখ্যা বিচাৰি মগজুৰ গৱেষণাত নিয়োজিত হৈ পৰিছে। তাৎক্ষণিক পুৰস্কাৰ আৰু বিলম্বিত পুৰস্কাৰত মগজুৰ ভিতৰত কেনেধৰণৰ ক্ৰিয়া-কলাপ হয় তাক নিৰীক্ষণ কৰিছে বিজ্ঞানীয়ে। এদল বিজ্ঞানীয়ে কোৱামতে আদিম মানৱৰ দিনৰ পৰাই থকা আমাৰ মগজুৰ লিম্বিক অংশত তাৎক্ষণিক লাভালাভত হোৱা অধিক উত্তেজনাই দায়ী আমাৰ বৰ্তমানপ্ৰেমী সিদ্ধান্তৰ বাবে।ইফালে যুক্তিসংগত বিলম্বিত পুৰস্কাৰৰ সপক্ষে কৰা চিন্তা-চৰ্চা মগজুৰ ফ্ৰ্ণ্টেল কৰ্টেক্স অংশত হোৱা ক্ৰিয়া-কলাপৰ ফচল। মগজুৰ এই অংশ আধুনিক মানৱৰ শেহতীয়া ক্ৰমবিকাশ সাধনত হোৱা ।
এতিয়া কথা হ’ল উপায় কি এনে দৃষ্টিভংগীৰ পৰা মুক্ত হোৱাৰ ? মই আগবঢ়াই দিয়া এইখিনি তথ্যই আপোনাক উচিত সিদ্ধান্ত ল’বলৈ অনুপ্ৰাণিত নকৰিবনে ? যদি নকৰে, মই পঢ়া এটা মজাৰ উপদেশ শুনক – আপুনি এনে পৰিস্থিতিত বন্ধু এজনক কি উপদেশ দিব, এবাৰ ভাবক।উপদেশ দিয়াত যে আমি সকলো ইমান ভাল! শেষত মাত্ৰ বন্ধুৰ বাবে ভাল উপদেশটো নিজৰ ক্ষেত্ৰত পালন কৰক।
*****
লুডু খেলিছে নহয় ? আপোনাক লগা সংখ্যাটো যেনিবা ৬। কি কৰে তেতিয়া ? বহুজনৰ দৰে গুটি ভৰোৱা সৰু প্লাষ্টিকৰ কাপটো জোৰেৰে জোকাৰে নেকি ? আকৌ যেতিয়া প্ৰয়োজন হয় এটা সৰু নম্বৰৰ, তেতিয়া ? আলফুলকৈ জোকাৰি গুটিটো ব’ৰ্ডত ঢালি নিদিয়েতো ? কোনোবাই যদি আপোনালৈ লটাৰী খেলৰ বহী এখন আগবঢ়াই টিকট এটা ল’বলৈ অনুৰোধ কৰে, তেতিয়া বহীখন ঘূৰাই-পকাই চাই এটা বিশেষ নম্বৰৰ কুপন এখন ল’বলৈ আগ্ৰহ কৰে নেকি ? যদি আপোনাৰ উত্তৰবোৰ – ‘হয়’, তেন্তে তাৰ অৰ্থ হ’ব এনে কাৰ্যৰ যোগেদি আপুনি ফলাফল আপোনাৰ সপক্ষে আনিবলৈ যত্ন কৰে। কিন্তু আপুনি নিশ্চয় নজনা নহয় যে লুডুত বিশেষ সংখ্যা এটা ওলোৱা বা লটাৰীত পুৰস্কাৰ পোৱা এইবোৰ যাদৃচ্ছিক ঘটনা। এই যে কোনো কামৰ জৰিয়তে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ ঘটনা এটাতো প্ৰভাৱ পেলাব পাৰি বুলি আমাৰ বিশ্বাস জন্মে ইয়াকে ইল্যুচন অৱ কণ্ট্ৰ’ল বায়াছ ( Illusion of Control Bias) বোলা হয়। অসমীয়াত আমি ক’ব পাৰো নিয়ন্ত্ৰণৰ ভ্ৰম পক্ষপাত।
আপোনালৈ এক লাখ টকা আগবঢ়োৱা হ’ল এটা চৰ্তত – আপুনি খেল এখনত অংশগ্ৰহণ কৰিব লাগিব৷ সেই খেলত তলত দিয়া দুটা পছন্দৰ মাজৰ পৰা এটাক নিৰ্বাচন কৰাৰ প্ৰয়োজন৷
আপোনাৰ প্ৰিয় বাহনখন দুচকীয়াই হওক বা চাৰিচকীয়াই হওক, চালক হিচাপে নিজকে আপুনি কোন পৰ্যায়ৰ বুলি ভাবে? যিসকলে এই লেখাটো পঢ়িছে, সেইসকলৰ ভিতৰত চালক হিচাপে আপুনি নিজকে কোনটো ভাগত ৰাখিব – (ক) উত্তম, (খ) মধ্যমতকৈ উচ্চ, (গ) মধ্যম, (ঘ) মধ্যমতকৈ নিম্ন, (ঙ) নিম্নখাপৰ আৰু (চ) ক’ব পৰা নাযায়৷ উত্তৰটো নিজকে দিয়ক আৰু পিচৰ দফাটোলৈ আগবাঢ়ক৷