ৰেটিং আৰু ৰেটিং এজেন্সি :
আপোনাৰ অঞ্চলৰ দুজন ব্যক্তি। এজন অৱস্থাপন্ন আৰু লেনদেনত ভাল বুলি আপুনি জানে। আনজনক যদিও আপুনি চিনি পায়, তেওঁৰ লেনদেনৰ ইতিহাস আপোনাৰ জ্ঞাত নহয়।আপোনাৰ হাতত ধাৰে দিব পৰা এক লাখ টকা আছে আৰু সেই পৰিমাণৰ টকা দুয়োজনে আপোনাৰ পৰা বিচাৰিছে। কাক ধাৰলৈ দিব ? যদি সুতৰ হাৰ একে হয়, তেন্তে নিশ্চিতভাৱে প্ৰথমজনক নহয়নে ?কিন্তু যেতিয়া হেজাৰ হেজাৰ প্ৰতিষ্ঠানে আপোনাৰ পৰা টকা ধাৰলৈ খুজিব, তেতিয়া কিন্তু তেওঁলোকৰ বিষয়ে জানি-বুজি সিদ্ধান্ত লোৱাটো ইমান সহজ নহয়।প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি পৰ্যালোচনা কৰিবলৈ লাগতিয়াল সময় থাকিলেও নিৰ্ভৰযোগ্য তথ্যই বা ক’ৰ পৰা আপুনি যোগাৰ কৰিব ? এনে সময়ত ক্ৰেডিট ৰেটিং এজেন্সিবোৰ বৰ সহায়ক হৈ উঠে বিনিয়োগকাৰীৰ বাবে।যাৰ কাম হৈছে ধাৰ খোজা প্ৰতিষ্ঠানবোৰক তেওঁলোকৰ লেনেদেনৰ ইতিহাস, বিত্তীয় স্থিতি আদি পৰ্যালোচনা কৰি একোএকোটা স্থান প্ৰদান কৰা। ঠিক একেদৰেই, যিদৰে আমাৰ পৰীক্ষাবোৰত প্ৰথম, দ্বিতীয়, তৃতীয় আদি বিভাগত বিভক্ত কৰি একোজন ছাত্ৰক জ্ঞানৰ একোখন চাৰ্টিফিকেট প্ৰদান কৰে।যেনেকৈ সেই চাৰ্টিফিকেট লৈ এজন ছাত্ৰই উচ্চ শিক্ষা নতুবা চাকৰিৰ বাবে আবেদন কৰে, ঠিক তেনেকৈ ক্ৰেডিট ৰেটিং এজেন্সিয়ে প্ৰদান কৰা চাৰ্টিফিকেট লৈ প্ৰতিষ্ঠান একোটা বিনিয়োগকাৰীৰ ওচৰলৈ আহে টকা ধাৰলৈ বিচাৰি।
এটা নিৰ্দিষ্ট হাৰৰ সুতৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ধাৰলৈ টকা দিলে সময়মতে বা একেবাৰেই ঘূৰাই নোপোৱাটোৱেই ৰিস্ক।সেয়া দুটা কাৰণত হ’ব পাৰে। প্ৰথম, ধাৰ লওঁতাৰ ঘুৰাবলৈ টকা নাই। দ্বিতীয়, টকা আছে, কিন্তু ঘূৰাই দিয়াৰ সদিচ্ছা নাই। দুয়োটাই চিন্তনীয় বিষয়।ৰেটিং এজেন্সিবোৰে নিজস্ব কৰ্মপদ্ধতিৰে প্ৰতিষ্ঠানবোৰৰ টকা ঘূৰুৱাৰ সামর্থ্য আৰু সদিচ্ছা এই দুয়োটা দিশলৈ মন কৰে।সেইবাবেই ঋণজাতীয় সম্পদত বিনিয়োগ কৰাৰ প্ৰসংগত আজিৰ তাৰিখত ক্ৰেডিট ৰেটিং এজেন্সিবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে।অৱশ্যে বিগত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ এজনেও পিচৰ পৰীক্ষাত যিদৰে কৃতকাৰ্য নহ’বও পাৰে, ঠিক একেদৰে বহু সময়ত ভাল ৰেটিং পোৱা প্ৰতিষ্ঠানেও টকা ঘূৰুৱাত খেলিমেলি কৰা উদাহৰণ একেবাৰে নথকা নহয়। কিন্তু এইটো নিশ্চিতভাৱে ক’ব পাৰি যে প্ৰতিষ্ঠান এটা যিমানে উচ্চ স্থানপ্ৰাপ্ত হ’ব, সিমানেই সময়মতে পৰিশোধ কৰিব নোৱৰাৰ সম্ভাৱনা কম হয়।
ভাৰতৰ কেইটামান প্ৰখ্যাত ক্ৰেডিট ৰেটিং এজেন্সি হৈছে- ১) ক্ৰিচিল লিমিটেড (CRISIL), ২) ইক্ৰা লিমিটেড ( ICRA), ৩) ফিটছ ৰেটিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Fitch), ৪) ক্ৰেডিট এনালাইছিছ এণ্ড ৰিছাৰ্চ লিমিটেড (CARE)।৫)ব্ৰিকৱৰ্ক ৰেটিংছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Brickwork)।
ছেবিৰ নিৰ্দেশনা অনুসৰি ভাৰতত বৰ্তমান সকলো ৰেটিং এজেন্সিয়েই প্ৰতিটো স্থানক একেবোৰ চিহ্নৰে প্ৰকাশ কৰে। অৰ্থাৎ কোনো কোম্পানীৰ দীৰ্ঘম্যাদী ঋণ সম্পদ(বিনিয়োগকাৰীৰ দৃষ্টিকোণৰ পৰা চোৱা হৈছে)ক যদি ক্ৰিচিলে ‘AAA’ প্ৰদান কৰি সৰ্বোচ্চ স্থান দিছে, ইক্ৰাৰ পৰ্যালোচনাতো সৰ্বোচ্চ স্থান পালে ‘AAA’ ৰ জৰিয়তেই তেওঁলোকে প্ৰকাশ কৰিব। এনে কৰা হৈছে যাতে বিনিয়োগকাৰী বিভ্ৰান্ত নহয়।ৰেটিং চিহ্নবোৰক প্ৰাথমিকভাৱে দুটা ভাগত ভগাব পাৰি।১) দীৰ্ঘম্যাদী ঋণ সম্পদত প্ৰয়োগ হোৱা আৰু ২) হ্ৰস্বম্যাদী ঋণ সম্পদত প্ৰয়োগ হোৱা।এবছৰৰ কম দৈৰ্ঘ্যৰ ঋণবোৰক হ্ৰস্বম্যাদী আৰু তাতোতকৈ দীঘলবোৰক দীৰ্ঘম্যাদী ঋণ সম্পদ বোলা হয়।যদিওবা প্ৰতিটো বিভাগক তিনিটা উপ-বিভাগত ভাগ কৰিব পাৰি, আমি ইয়াত প্ৰতিষ্ঠান একোটাই সাধাৰণভাৱে খোজা ধাৰকহে আলোচনালৈ আনিম।
দীৰ্ঘম্যাদী ঋণ সম্পদত নিৰাপত্তাৰ দিশৰ পৰা সৰ্বোচ্চ স্থান হ’ল ‘AAA’ আৰু সৰ্বনিম্ন হ’ল ‘D’ । সম্পূৰ্ণ ক্ৰমটো এনে ধৰণৰ – AAA, AA, A, BBB, BB, B, C আৰু D ।ৰেটিং এজেন্সিবোৰে এই ক্ৰমত কিছু পৰিবৰ্তন কৰিব পাৰে ‘+’ আৰু ‘-’ চিহ্ন ব্যৱহাৰ কৰি। যেনে AA+ বা AA- ।এই দুয়োটা স্থান AA ৰ ক্ৰমে ওপৰত আৰু তলত ব্যৱহাৰ কৰা হয়। মন কৰিবলগীয়া কথা যে AAA আৰু Dত যোগ বা বিয়োগ চিহ্ন সংযোগ নহয়।ভাৰতত BBB লৈকে ইনভেষ্টমেণ্ট গ্ৰেড বুলি ধৰা হয়। তাতকৈ তলৰখিনিক স্পেকুলেটিভ গ্ৰেড বোলা হয়। এতিয়া দীৰ্ঘম্যাদী ডেট মিউচুৱেল ফাণ্ড এটাই ক’ত ক’ত বিনিয়োগ কৰিছে, তাক চাবলৈ যাওঁতে প’ৰ্টফলিঅ’টোত থকা ঋণ সম্পদসমূহক ৰেটিং এজেন্সিয়ে প্ৰদান কৰা চিহ্নবোৰো চোৱা উচিত।যাতে বিনিয়োগকাৰীয়ে বিনিয়োগত থকা ৰিস্কৰ বিষয়ে অনুমান কৰিব পাৰে।এবছৰতকৈ কম সময়ৰ ঋণ সম্পদৰ ক্ষেত্ৰত সৰ্বোচ্চ নিৰাপত্তা থকা বুলি গণ্য কৰা চিহ্নটোৰ পৰা তললৈ ক্ৰমটো এনেধৰণৰ A1+, A1, A2+, A2, A3+, A3, A4+, A4 আৰু D ।কোৱা বাহুল্য যে প্ৰতিষ্ঠান একোটাৰ ঋণ সম্পদে পোৱা ৰেটিং স্থিৰ নহয়, ই সময়ৰ লগত সলনি হ’ব পাৰে প্ৰতিষ্ঠানটোৰ বিত্তীয় স্থিতি আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰি।
শেষত আৰু এটা প্ৰশ্ন।কোনটো স্থানৰ ঋণ সম্পদে আপোনাক বেছি ৰিটাৰ্ন দিয়াৰ প্ৰতিশ্ৰুতি দিব ? আটাইতকৈ তলত স্থান পোৱাকেইটাই নহয়নে ? অৰ্থাৎ ৰিস্ক যিমানে বাঢ়িব, ৰিটাৰ্নৰ প্ৰতিশ্ৰুতি সিমানে দিবলৈ ধাৰ খোজোতা বাধ্য।নহ’লে কোনে ধাৰলৈ দিব? কিন্তু এইক্ষেত্ৰত প্ৰতিটো স্তৰৰ ৰিস্কৰ বিপৰীতে আপুনি কেনেধৰণৰ লাভ-লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, তাক জানি-বুজি আগবঢ়া বাঞ্ছনীয়।
***********
আপোনাৰ প্ৰিয় বাহনখন দুচকীয়াই হওক বা চাৰিচকীয়াই হওক, চালক হিচাপে নিজকে আপুনি কোন পৰ্যায়ৰ বুলি ভাবে? যিসকলে এই লেখাটো পঢ়িছে, সেইসকলৰ ভিতৰত চালক হিচাপে আপুনি নিজকে কোনটো ভাগত ৰাখিব – (ক) উত্তম, (খ) মধ্যমতকৈ উচ্চ, (গ) মধ্যম, (ঘ) মধ্যমতকৈ নিম্ন, (ঙ) নিম্নখাপৰ আৰু (চ) ক’ব পৰা নাযায়৷ উত্তৰটো নিজকে দিয়ক আৰু পিচৰ দফাটোলৈ আগবাঢ়ক৷
তিনি বছৰ পূৰ্বে ক্ৰয় কৰা বেংক ফিক্সড ডিপ’জিটটোৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ বাবে পুনৰ বিনিয়োগ কৰিবলৈ গৈ বীৰেন শইকীয়া আচৰিত হ’ল। ২০১৩ চনত বেংকে তিনি বছৰীয়া ফিক্সড ডিপ’জিটৰ বিপৰীতে সুত দিছিল বাৰ্ষিক হিচাপত ৮.৭৫ শতাংশ।কিন্তু বেংকে কৈ আছে বৰ্তমান তিনি বছৰীয়া ফিক্সড ডিপ’জিটৰ বিপৰীতে সুত মাত্ৰ ৭ শতাংশ। শইকীয়া ডাঙৰীয়াই হিচাপ এটা কৰিলে – যিহেতু তেওঁ ৩০ শতাংশ হাৰত আয়কৰ দিব লাগে, আয়কৰ দিয়াৰ পাচত তেওঁৰ হাতত যি সুত ৰ’বগৈ সেই হাৰ মোটামুটি ৪.৯ শতাংশহে। তেওঁ পঢ়িবলৈ পোৱা এক তথ্যমতে ২০১৬ চনটোত ভাৰতত উপভোক্তা দৰ সূচকাংক অনুসৰি গড মুদ্ৰাস্ফীতি প্ৰায় ৫.৭১ শতাংশ।তাৰ মানে তেওঁৰ হাতলৈ অহা সুতেৰে মুদ্ৰাস্ফীতি ৰুধিব পৰা নাযাব। তেওঁ চিন্তা কৰিবলৈ ধৰিলে- ঋণ সম্পদতে বিনিয়োগ কৰি কিদৰে ইয়াতকৈ অলপ বেছি ৰিটাৰ্ন পোৱা সম্ভৱ? সেইদিনাই ৭ শতাংশ হাৰত পুনৰ তিনি বছৰৰ কাৰণে ফিক্সড ডিপ’জিট কৰাৰ পৰিবৰ্তে আন কিবা বিকল্প আছে নেকি তাক ভালদৰে চাবলৈ অলপ সময় লোৱাটো বেয়া নহ’ব বুলি ভাবি তেওঁ ঘৰলৈ ঘূৰি আহিল।
ব্যক্তিগতভাৱে আপুনি যি ৰাজনৈতিক মতাদৰ্শতেই বিশ্বাসী নহওক কিয় যেতিয়া এজন বিনিয়োগকাৰী হিচাপে অৱতীৰ্ণ হয় তেতিয়া কিন্তু আপোনাক প্ৰয়োজন হয় পুঁজিবাদী দৃষ্টিকোণৰ৷ কাৰণ সেই সময়ত আপুনি বিচাৰে আপোনাৰ বিনিয়োগে আপোনাৰ হৈ কাম কৰক৷ আপোনাৰ আৰ্থিক লাভালাভ হৈ পৰে কেন্দ্ৰীয় বিষয়বস্তু৷ ইফালে পুঁজিবাদৰ অন্যতম মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় আশাবাদক৷ নিজক ঐশ্বৰ্যশালী কৰাৰ অপাৰ সম্ভাৱনীয়তাৰ বীজো গজে আশাবাদী ধনাত্মক চিন্তাতেই৷ কিন্তু অতিমাত্ৰা সকলো বেয়া হোৱাৰ দৰেই অতি বেছি আশাবাদো কিন্তু বিনিয়োগকাৰীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈ আহিছে৷ অতিমাত্ৰা আশাবাদে ঋণাত্মক কথাবোৰলৈ আপোনাৰ চকু যোৱাত বাধা প্ৰদান কৰে আৰু আপোনাৰ বিশ্লেষণক কৰি তোলে পক্ষপাতদুষ্ট৷ এই অৱস্থাটোকে আচৰণ সম্বন্ধীয় বিত্তত কোৱা হয় আশাবাদৰ পক্ষপাত (Optimism Bias)৷
বিগত দুটামান খণ্ডত আমি ডেট মিউচুৱেল ফাণ্ডৰ বিষয়ে আলোচনা কৰি আহিছো। বিনিয়োগকাৰীয়ে ডেট মিউচুৱেল ফাণ্ড একোটাত জমা কৰা টকাৰে ফাণ্ডটোৱে ক’ত ক’ত বিনিয়োগ কৰিব পাৰে তাৰ বিষয়ে কথা নাপাতিলে আমাৰ আলোচনা আধৰুৱা হৈ ৰ’ব। সেয়ে আজিৰ প্ৰসংগ – ডেট মিউচুৱেল ফাণ্ডৰ কেইটামান উল্লেখযোগ্য বিনিয়োগ ক্ষেত্ৰৰ বিষয়ে।