লুডু খেলিছে নহয় ? আপোনাক লগা সংখ্যাটো যেনিবা ৬। কি কৰে তেতিয়া ? বহুজনৰ দৰে গুটি ভৰোৱা সৰু প্লাষ্টিকৰ কাপটো জোৰেৰে জোকাৰে নেকি ? আকৌ যেতিয়া প্ৰয়োজন হয় এটা সৰু নম্বৰৰ, তেতিয়া ? আলফুলকৈ জোকাৰি গুটিটো ব’ৰ্ডত ঢালি নিদিয়েতো ? কোনোবাই যদি আপোনালৈ লটাৰী খেলৰ বহী এখন আগবঢ়াই টিকট এটা ল’বলৈ অনুৰোধ কৰে, তেতিয়া বহীখন ঘূৰাই-পকাই চাই এটা বিশেষ নম্বৰৰ কুপন এখন ল’বলৈ আগ্ৰহ কৰে নেকি ? যদি আপোনাৰ উত্তৰবোৰ – ‘হয়’, তেন্তে তাৰ অৰ্থ হ’ব এনে কাৰ্যৰ যোগেদি আপুনি ফলাফল আপোনাৰ সপক্ষে আনিবলৈ যত্ন কৰে। কিন্তু আপুনি নিশ্চয় নজনা নহয় যে লুডুত বিশেষ সংখ্যা এটা ওলোৱা বা লটাৰীত পুৰস্কাৰ পোৱা এইবোৰ যাদৃচ্ছিক ঘটনা। এই যে কোনো কামৰ জৰিয়তে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ ঘটনা এটাতো প্ৰভাৱ পেলাব পাৰি বুলি আমাৰ বিশ্বাস জন্মে ইয়াকে ইল্যুচন অৱ কণ্ট্ৰ’ল বায়াছ ( Illusion of Control Bias) বোলা হয়। অসমীয়াত আমি ক’ব পাৰো নিয়ন্ত্ৰণৰ ভ্ৰম পক্ষপাত।
জীৱন যাত্ৰাৰ বিভিন্ন পৰিস্থিতিত আমি এই ভ্ৰমৰ চিকাৰ হওঁ। অন্ধবিশ্বাসৰ জন্মও এই নিয়ন্ত্ৰণ ভ্ৰমৰ পৰাই উদ্ভৱ হ’ব পাৰে। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট ক’হলিৰো এক অন্ধবিশ্বাস মিডিয়াত প্ৰচাৰ হৈছিল। ক’হলিয়ে বোলে এসময়ত ভাল ৰাণ কৰিব পৰা খেল এখনত ব্যৱহাৰ কৰা গ্লোভছকে পিচৰ খেলখনত ব্যৱহাৰ কৰিছিল। যদি পিচৰ খেলখনতো ক’হলিয়ে ভাল ৰাণ কৰিবলৈ সক্ষম হৈছিল তেতিয়া হয়তো সেই সফলতাত গ্লোভছজোৰৰ অৱদান বিচাৰি পাইছিল তেওঁ আৰু যিদিনা সফল নহৈছিল সেইদিনা ভাগ্য বেয়া বুলি ধৰি গ্ল’ভছজোৰৰ প্ৰসংগ নানিছিল। এনেকৈয়ে মাত্ৰ সপক্ষে থকা উদাহৰণবোৰক গুৰুত্ব দি আৰু বিপক্ষে থকা উদাহৰণক এৰাই চলি আমি এটা ভুল বিশ্বাসত আস্থাশীল হৈ উঠিব পাৰো। অৱশ্যে এতিয়া ক’হলিৰ সেই অন্ধবিশ্বাস নাই বুলি মিডিয়াত প্ৰকাশ।
মাৰ্টিন ক’ৰ্নাড নামৰ বিনিয়োগ বিশেষজ্ঞ এজনে আমেৰিকাৰ এখন আগশাৰীৰ বিত্ত বিষয়ক সাপ্তাহিক বেৰনছ (Barron’s)ৰ এটা লেখাত মজাৰ কথা কৈছে। তেওঁ লেখাটোত উল্লেখ কৰামতে বিনিয়োগকাৰীৰ আচৰণক লৈ কৰা এক অধ্যয়নত দেখা গৈছিল যে নিজৰ দখলত থকা সম্পদক বিক্ৰী বা সলনি কৰাৰ ক্ষেত্ৰত লোৱা বিনিয়োগকাৰীৰ ৮৫ শতাংশ সিদ্ধান্তই ভুল। ইয়াৰ অৰ্থ হ’ল একো নকৰাকৈ থকা হ’লে বা ওলোটা সিদ্ধান্ত লোৱা হ’লেহে বিনিয়োগকাৰী বেছি উপকৃত হ’ব পাৰিলেহেঁতেন। লক্ষ্য কৰিবলগীয়া কথাটো হ’ল যে মানুহে বিনিয়োগ বিষয়ক সিদ্ধান্ত ভাবি-চিন্তি নিজৰ সপক্ষে যুক্তি বিচাৰি পালেহে লয়। কিন্তু অধ্যয়নটোৰ মতে এই কাৰ্যত সফলতাৰ হাৰ মুদ্ৰা টছ কৰাৰ দৰে যাদৃচ্ছিক ঘটনাৰ সম্ভাৱনাৰ হাৰতকৈ কম ( মুদ্ৰা টছ কৰিলে হেড বা টেল পৰাৰ সম্ভাৱনা ৫০ শতাংশ)।
বিভিন্ন সম্পৰীক্ষাৰ পিচত বিনিয়োগ বিশেষজ্ঞসকল নিশ্চিত যে বিনিয়োগৰ ফলাফল নিজৰ সপক্ষে আনিবলৈ বহু বিনিয়োগকাৰী অত্যধিক বেচা-কিনাত জড়িত হৈ পৰে । কিন্তু এনে কাৰ্যই বিনিয়োগত বিৰূপ প্ৰভাৱহে পেলায়। ৰিস্ক থকা বিনিয়োগত সাময়িক পতন বা লোকচানৰ মুখ একেবাৰেই নোচোৱাকৈ আগবঢ়া সম্ভব নহয়। আপুনি যদি ১০ বছৰৰ বাবে ইকুইটি বজাৰত বিনিয়োগ কৰিছে, নিশ্চিতভাৱে লোকচানৰ দিনো আপুনি দেখিব। বজাৰ উঠিলে বিনিয়োগৰ মূল্যও আকৌ উঠিব। কিন্তু একেবাৰে লোকচান নোহোৱাকৈ থাকিবলৈ বা খুব বেছি ৰিটাৰ্নৰ বাবে প্ৰয়োজনীয় কৌশল হিচাপে আপুনি যদি অত্যধিক বেচা-কিনা কৰা বা এটা বিনিয়োগক অন্য বিনিয়োগলৈ সঘনে সলনি কৰাত ব্যস্ত হৈ পৰিছে তেন্তে আপুনিও ইল্যুচন অৱ কণ্ট্ৰ’ল বায়াছৰ প্ৰৰোচনাত পৰিছে। কাৰণ এনে কাম-কাজৰ যোগেদি আপুনি প্ৰতিটো ঋণাত্মক পৰিস্থিতিৰ পৰা নিজৰ বিনিয়োগক বচাব পাৰি বুলি বিশ্বাস কৰিবলৈ লৈছে। কিন্তু মোক কওক, বিমুদ্ৰাকৰণৰ দৰে ঘটনাক পূৰ্বানুমান সম্ভৱ জানো ? ঠিক তেনেকৈ সুতৰ হাৰৰ পৰিবৰ্তন বা শ্বেয়াৰ বজাৰৰ গতি-বিধি নিশ্চিত পূৰ্বানুমান অসম্ভৱ। বিনিয়োগত আমি কি জানো তাক জনাৰ লগতে আমি কি নাজানো বা কিহৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই, তাক জনাটোও গুৰুত্বপূৰ্ণ। বিত্তীয় পৰিকল্পনাবোৰো আমাৰ অক্ষমতাবোৰক স্বীকাৰ কৰিয়েই নিৰ্মাণ কৰা বাঞ্ছনীয়।
শেষত মই পঢ়ি ভাল পোৱা ইল্যুচন অৱ কণ্ট্ৰ’ল বায়াছ বিষয়ক সাধু এটা আপোনাক কোৱাৰ লোভ সামৰিব নোৱাৰিলো । মই মাত্ৰ ইয়াক অসমীয়াকৰণহে কৰিছো। আমাৰ বীৰেণ দাই গধুলি সদায় টাউনৰ মূল চাৰি আলিটোলৈ ওলাই আহে। লগত এখন পতাকা আৰু এটা পেঁপা। পেঁপাত দুটামান বিহুৰ সুৰ বজায় উঠি পতাকাখন দুবাৰমান জোকাৰে আৰু ঘৰলৈ যায়গৈ। কথাটো চাৰি আলিত সেইসময়ত ডিউটিত থকা ট্ৰেফিক পুলিচজনে মন কৰি আছিল। এদিন তেওঁ বীৰেণদাক সুধিলে –
: আপুনি সদায় গধুলি এনেখন কিয় কৰে কওকচোন।
: ভালুক খেদিবলৈ। বীৰেণদাৰ প্ৰত্যয়ভৰা উত্তৰ।
: কি কয় হে ! আমাৰ ইয়াততো ভালুক নাই। হাঁহিমাৰি টেফিক পুলিচজনে ক’লে।
বীৰেণ দায়ো খুব সন্তুষ্টিৰ হাঁহি এটা মাৰিলে আৰু ক’লে।
: মই এনেকৈ পেঁপা বজাই পতাকা জোকাৰি থকাৰ বাবেই ভালুক ইয়ালৈ অহা নাই আক’। এতিয়া কওকচোন, সমাজৰ বাবে মই গুৰুত্বপূৰ্ণ কাম এটা কৰি থকা নাইনে?
******

আপোনালৈ এক লাখ টকা আগবঢ়োৱা হ’ল এটা চৰ্তত – আপুনি খেল এখনত অংশগ্ৰহণ কৰিব লাগিব৷ সেই খেলত তলত দিয়া দুটা পছন্দৰ মাজৰ পৰা এটাক নিৰ্বাচন কৰাৰ প্ৰয়োজন৷
আপুনি ৰিস্ক থকা বুলি জানিও ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব খুজিছে। কিয় ? নিশ্চয় বেছি ৰিটাৰ্নৰ আশাত, নহয় জানো ? বেংকৰ ফিক্সড ডিপ’জিট জাতীয় বিত্তীয় দ্ৰব্যবোৰে আগবঢ়োৱা ৰিটাৰ্নত সুখী হ’ব পৰা হ’লে আপুনি নিশ্চয় উত্থান-পতনৰ অনিশ্চয়তা থকা বাট এটাৰে ফল নিবিচাৰিলেহেঁতেন। বজাৰত উপলব্ধ ৰিস্ক নোলোৱাকৈ পাব পৰা ৰিটাৰ্নৰ তুলনাত যি অতিৰিক্ত ফল ফাণ্ড এটাই বিগত সময়ত দিছে, সেইখিনি পাবলৈ যাওঁতে বিনিয়োগকাৰীয়ে গ্ৰহণ কৰিবলগীয়া হোৱা প্ৰতি একক ৰিস্কৰ বিপৰীতে সেই ফলনো কেনেকুৱা তাক সংখ্যাত চাব পৰা এটা সঁজুলি হৈছে শ্বাৰ্প অনুপাত। ইয়াৰ উদ্ভাৱক হৈছে উইলিয়াম এফ শ্বাৰ্প। অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯০ চনৰ ন’বেল স্মাৰক বঁটা এওঁলৈ আগবঢ়োৱা হয় আৰু সন্মান হিচাপে এই অনুপাতটোৰ নামকৰণো শ্বাৰ্প অনুপাত ৰখা হয়। বিনিয়োগৰ পৃথিৱীত বহুলভাৱে ব্যৱহাৰ হোৱা এই অনুপাতটোৰ বিষয়ে অলপ জানো আহক।
‘ছেনছেক্স’ হৈছে ব’ম্বে ষ্টক এক্সচেঞ্জৰ এটা চিনাকি সূচক।বিভিন্ন ক্ষেত্ৰৰ ৩০ টা কোম্পানীৰ ষ্টক বিভিন্ন অনুপাতত লৈ ইয়াক নিৰ্মাণ কৰা হৈছে (ষ্টক এক্সচেঞ্জত ক্ৰয়-বিক্ৰয় চলা প্ৰতিটো দিনতে এই অনুপাত সলনি হয়)।যিসকল বিনিয়োগকাৰীয়ে ছেনছেক্সৰ অনুপাতত সেই বিশেষ ৩০ টা কোম্পানীত বিনিয়োগ কৰি যাব খোজে আৰু ছেনছেক্সৰ আশে-পাশে থকা ৰিটাৰ্নত সুখী হোৱাৰ পৰিকল্পনা কৰে, তেওঁলোকে মিউচুৱেল ফাণ্ডৰ ছেনছেক্স ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব পাৰে।য’ত ফাণ্ড মেনেজাৰৰ ষ্ট’ক কিনা-বেচাত কোনো ভূমিকা নাথাকে। সেয়ে এনেধৰণৰ বিনিয়োগ পদ্ধতিক নিষ্ক্ৰিয়(পেছিভ)ব্যৱস্থাপনা বা নিষ্ক্ৰিয় বিনিয়োগ বুলি কোৱা হয়।ইয়াৰ বিপৰীতে যিবিলাক মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰ থাকে আৰু বিনিয়োগৰ লক্ষ্য নিজৰ বাবে নিৰ্ধাৰিত বেন্সমাৰ্কতকৈ উন্নত ফলাফল দাঙি ধৰা, তেনে পদ্ধতিক সক্ৰিয় (এক্টিভ) ব্যৱস্থাপনা বা সক্ৰিয় বিনিয়োগ বুলি কোৱা হয়। কাৰণ প্ৰতিটো কিনা-বেচাৰ সিদ্ধান্তৰ বাবে ফাণ্ড মেনেজাৰৰ সক্ৰিয় ভূমিকা থাকে।ছেনছেক্সক ইয়াত মাত্ৰ উদাহৰণ হিচাপেহে লোৱা হৈছে ইনডেক্স ফাণ্ডৰ কথা বুজাবলৈ।