অভিধানিক অৰ্থত ৰিস্ক এনে এক অৱস্থা যি বিপদৰ বাবে উন্মুক্ত। এতিয়া যদি আমি বিনিয়োগৰ বাবে ৰিস্ক শব্দটো ব্যৱহাৰ কৰিব খোজো তেতিয়া সেই “বিপদ” শব্দটোৰ স্থান ল’ব “লোকচান”য়ে। এতেকে বিনিয়োগত ৰিস্ক হ’ল এনে এক অৱস্থা য’ত বিনিয়োগকাৰীৰ সম্পদ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।এতিয়া স্বাভাবিকতেই প্ৰশ্ন উঠিব – যদি লোকচানৰেই সন্মুখীন হ’ব লাগে তেন্তে আমি তেনে বিনিয়োগ এৰাই চলিব নোৱাৰো জানো? এপিনৰ পৰা পাৰো, যদিহে একমাত্ৰ বিনিয়োগৰ বজাৰত হোৱা উত্থান-পতনৰ প্ৰসংগ আহে। অৰ্থাৎ আমি আমাৰ বিনিয়োগ এনে সম্পদত ৰাখিব লাগিব যিবোৰ বজাৰৰ উত্থান-পতনৰ সৈতে জড়িত নহয়। উদাহৰণ স্বৰূপে বেংকৰ ফিক্স ডিপ’জিট, প’ষ্ট অফিচৰ বিত্তীয় দ্ৰব্য সমূহ। কিন্তু যেতিয়া আমি মুদ্ৰাস্ফীতিৰ কথা বিবেচনা কৰিম, তেতিয়া দেখিম যে এই বিত্তীয় দ্ৰব্যবোৰৰ ৰিটাৰ্ন সিমান আকৰ্ষণীয় নহয়। যদিহে আপুনি এটা এবছৰীয়া ফিক্স ডিপ’জিটত ৬ শতাংশ সুত পাইছে আৰু সেই সময়ছোৱাত মুদ্ৰাস্ফীতিও যদি ৬ শতাংশ আছিল, তেন্তে আপুনি প্ৰকৃততে একো আয় কৰিব পৰা নাই, প্ৰকৃত ফল শূন্য। অৰ্থাৎ যদিও আপোনাৰ এবছৰৰ আগৰ এক লাখ টকা বৃদ্ধি হৈ এক লাখ ছয় হেজাৰ হ’ল, সেই এক লাখ ছয় হেজাৰ টকাৰে আপুনি কিন্তু এবছৰৰ আগৰ এক লাখ টকাৰে ক্ৰয় কৰিব পৰা সামগ্ৰীহে কিনিব পাৰিব। হতাশ হৈছে ? তেন্তে এবাৰ ভাবকচোন আপোনাৰ দীৰ্ঘম্যাদী বিনিয়োগৰ টকা এনে ক’ৰবাত সোমাই আছে নেকি য’ত ৰিটাৰ্ন মুদ্ৰাস্ফীতিতকৈও কম?
এইবাৰ ৰাস্তাৰ কথালৈ আহক। য’ত গতিবেগ বৃদ্ধি হ’লে বিপদ বা ৰিস্ক সমানুপাতিকভাৱে বাঢ়ি যায়। সেই বুলি জানো আমি গাড়ী-মটৰত নুঠাকৈ থাকো? যদি বাইকত উঠিছোঁ, তেন্তে যাত্ৰাৰ ৰিস্ক কমাবলৈ পৰিধাৰণ কৰিছো হেলমেট। যদি চাৰিচকীয়া গাড়ী চলাইছো, লগাই লৈছো ছিটবেল্ট। লগতে গতিও এনে ৰাখিবলৈ যত্ন কৰিছোঁ যিমানলৈকে গাড়ীখন আমাৰ নিয়ন্ত্ৰণত আছে বুলি নিজৰ বিশ্বাস জন্মে। অৰ্থাৎ আমি ৰাস্তাত এটা কেলকুলেটেড ৰিস্ক সদায় লওঁ। আধুনিক জীৱন যাত্ৰাত যিটো ল’বলৈ আমি বাধ্য।
বিনিয়োগৰ ক্ষেত্ৰটো সেই প্ৰয়োজনীয়তাৰ কথাই আহে, যেতিয়া আমি সীমিত টকাৰে ভৱিষ্যতৰ প্ৰয়োজনবোৰৰ বাবে সাজু হ’ব খোজো। সেই সময়ত বিনিয়োগ দ্ৰব্যত থকা ৰিস্কৰ বিষয়ে চৰ্চা হোৱাৰ লগতে বিনিয়োগকাৰীজনৰ ফালৰ পৰাও ৰিস্কৰ এটা পৰ্যালোচনা হোৱা উচিত। আজিৰ লেখাটোত সেই দিশটোলৈ আমি মন দিম। মূলতঃ বিনিয়োগকাৰী হিচাপে নিজৰ তিনিটা দিশলৈ আপুনি লক্ষ্য কৰক –
(১)ৰিস্ক লোৱাৰ সক্ষমতা : আপোনাৰ উপাৰ্জ্জন, স্বাস্থ্য আৰু বয়সৰ প্ৰতি নজৰ দিয়ক। যদি আপোনাৰ উপাৰ্জ্জন নিয়মীয়া তথা সন্তোষজনক তেন্তে আপোনাৰ ৰিস্ক ল’ব পৰা ক্ষমতা আছে। স্বাস্থ্যও এটা গুৰুত্বপূৰ্ণ দিশ। ভাল স্বাস্থ্যবান মানুহ মানে কৰ্মোদ্যম থকা মানুহ। অৰ্থাৎ ভৱিষ্যতৰ উপাৰ্জ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। বয়স কম মানে হাতত বেছি সময় থকা। বজাৰ নিৰ্ভৰ বিনিয়োগত সাময়িক পতন হ’লেও সেইবোৰ আকৌ ওপৰলৈ উঠিবলৈ আপুনি বেছি সময় অপেক্ষা কৰিব পৰাকৈ সক্ষম।
(২) ৰিস্ক লোৱাৰ ইচ্ছা : এইটো বৰ গুৰুত্বপূৰ্ণ দিশ। বিনিয়োগকাৰীয়ে বিনিয়োগৰ পূৰ্ৱে এই বিষয়ে নিজে নিশ্চিত হ’ব পাৰিব লাগে। অভিজ্ঞতাৰ পৰা কৈছোঁ – বহু কম বয়সীয়া বিনিয়োগকাৰী, যিসকল ৰিস্ক ল’ব পৰাকৈ সক্ষম, কিন্তু ইচ্ছা একেবাৰে নাই। আকৌ ইয়াৰ বিপৰীতটোও দেখিছোঁ – বয়স্ক ব্যক্তি কিন্তু ৰিস্ক ল’বলৈ ভয় নকৰে। বিনিয়োগৰ পূৰ্বে ইয়াৰ চৰ্চা হ’ব লাগে। কাৰণ ভালৰ দিনত ৰিস্ক ল’ব পাৰো বুলি ভবা ব্যক্তিয়েও বিনিয়োগৰ বজাৰত পতন হ’লে ভয় খায়। ৰিস্ক ল’ব নোৱৰা হয় আৰু অস্বস্তি পাই লোকচানতে বিনিয়োগ বিক্ৰী কৰি আঁতৰি যায়গৈ। মই সাধাৰণতে বিনিয়োগকাৰীক সোধা এটা প্ৰশ্ন – এক লাখ টকা ৮০ হেজাৰ হোৱা আপুনি চাব পাৰিব নাই? ইয়াৰ প্ৰ্কৃত উত্তৰটো নিজক দিয়াৰ প্ৰয়োজন। যদিহে ইয়াৰ উত্তৰ ঋণাত্মক তেন্তে ৰিস্ক থকা বিনিয়োগৰ বাবে আপুনি উপযোগী নহয়। প্ৰয়োজন হ’ব উচিত চৰ্চাৰ জৰিয়তে নিজৰ ৰিস্ক ল’ব পৰা ইচ্ছা বঢ়োৱা। নিজৰ ৰিস্ক ল’ব পৰা প্ৰকৃত ইচ্ছাৰ পৰীক্ষা কৰিবলৈ অন্য এটা প্ৰশ্নৰ নিৰ্ভুল উত্তৰ দিয়ক – কিমান শতাংশ বিনিয়োগৰ টকা লোকচানৰ খবৰৰ পাচতো আপুনি নিচিন্তে শুব পাৰিব?
(৩) ৰিস্ক লোৱাৰ প্ৰয়োজনীয় : ধৰক, আপোনাৰ হাতত এক লাখ টকা আছে। ১০ বছৰৰ পাচত আপোনাক প্ৰয়োজন চাৰি লাখ টকাৰ।আপুনি বিচাৰিছে এই এক লাখটোৱেই সেইখিনি প্ৰয়োজন পূৰণ কৰক। ক’ত বিনিয়োগ কৰিব? আপোনাক গড়ে ৰিটাৰ্নৰ প্ৰয়োজন হ’ব প্ৰায় ১৫ শতাংশ। এক মাত্ৰ ইকুইটি থকা বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিলেহে এনে ৰিটাৰ্ন আশা কৰিব পাৰি। যদি উত্থান-পতন নথকা ৭ শতাংশ ফলত সুখী হৈ বিনিয়োগ কৰিবলৈ যায় তেন্তে দহ বছৰৰ পাচত আজিৰ এক লাখটো হ’বগৈ ১,৯৬,৭১৫ টকা। এতিয়া প্ৰয়োজনটো চুবলৈ ৰিস্ক ল’ব নে ৰিস্ক কম ৰাখি প্ৰয়োজনৰ সংখ্যাটো কম কৰিব সেই বিষয়ে শেষ সিদ্ধান্ত আপুনিয়েই ল’ব লাগিব।
প্ৰিয় পাঠক, এই তিনিটা দিশ পৰ্যালোচনা কৰাৰ পাচত এটা সমতুল স্থান নিশ্চয় আপোনাৰ বাবে ওলাব, যিখিনি ৰিস্ক আপোনাৰ বাবে উপযোগী। সম্পূৰ্ণ সুখী হ’ব নোৱাৰিলেও প্ৰয়োজন বুলি গ্ৰহণ কৰাৰ যুক্তিটো নিশ্চয় বিচাৰি পাব।
*******
ধৰি ল’লো, যোৱা সংখ্যাত বৰ্ণনা কৰা ৰঞ্জন দত্তৰ ৬৫ শতাংশ ইকুইটি থকা মিউচুৱেল ফাণ্ডৰ উত্থান-পতন আপোনাৰ বাবে গ্ৰহণীয় নহয়। তেন্তে বিকল্প কি ? হয় আপুনি ইকুইটিৰ পৰিমাণ কমাব লাগিব, নহয় একেবাৰে ৰাখিবই নালাগিব। কোৱা বাহুল্য যে একে সময়তে আপোনাৰ প্ৰত্যাশিত ৰিটাৰ্ন কম হোৱা বাঞ্ছনীয়।আলোচনাৰ সুবিধাৰ বাবে ধৰি ল’লো ১০ লাখ টকা বিনিয়োগৰ বিপৰীতে ব্যক্তি তিনিজনে আশা কৰিছিল প্ৰতি মাহৰ দহ তাৰিখে ৭,০০০ টকাকৈ ফাণ্ডৰ পৰা তেওঁলোকৰ বেংক একাউণ্টলৈ গৈ থাকক। আমি চাম বিগত দহ বছৰৰ বিনিয়োগ যাত্ৰা। ৰঞ্জনৰ বাহিৰে আন দুজন ব্যক্তি হ’ল অঞ্জন আৰু গুঞ্জন। অঞ্জনে বিনিয়োগ কৰিছে তেনেই কম ইকুইটি থকা ফাণ্ডৰ কেটেগৰী এটাত। আজিৰ তাৰিখত এই কেটেগৰী হৈছে ২৭ টা ফাণ্ড হাউছৰ ২৮০ খন সমগোত্ৰীয় আঁচনিৰ সমষ্টি। নাম- ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ হাইব্ৰিড-ডেট অৰিয়েণ্টেড কনজাৰ্ভেটিভ। ইফালে গুঞ্জনে বিনিয়োগ কৰিছে এক শতাংশও ইকুইটি নথকা ফাণ্ডৰ কেটেগৰী এটাত। নাম- ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ ডেট- ইনকাম।ইফালে যোৱাবাৰৰ দৰে ৰঞ্জনৰ বিনিয়োগ কেটেগৰী – ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ হাইব্ৰিড – ইকুইটি অৰিয়েণ্টেড। আমি তিনিওজনৰ বিনিয়োগক এতিয়াৰে পৰা তেওঁলোকৰে নামেৰে উল্লেখ কৰিম। ছেনছেক্সৰ স্থিতি আৰু তিনি বিনিয়োগকাৰীৰ ফাণ্ডৰ বজাৰ মূল্য কেইটামান তাৰিখত কি আছিল তাক চাওঁ আহক।
আপুনি যদি এই আঁচনিখনত ১০ বছৰৰ আগতে ১০ লাখ টকা বিনিয়োগ কৰি বিচাৰিলেহেঁতেন যে প্ৰতি মাহৰ দহ তাৰিখে ইয়াৰ পৰা ৭,০০০ টকাকৈ আপোনাৰ বেংকৰ একাউণ্টলৈ যাওক, আজিৰ তাৰিখত বিত্তীয় ছবিখন হ’লহেঁতেন এনেকুৱা – ইয়াৰ বাবদ প্ৰথম বৰ্ষৰ বাদে আন বছৰবোৰত কোনো আয়কৰ দিবলগা নহ’লহেঁতেন আপুনি, দহ বছৰত আপুনি মুঠ ৮ লাখ ৪০ হেজাৰ টকা আঁচনিখনৰ পৰা উঠালে হয় আৰু যোৱা ৩১ আগষ্টত আঁচনিখনৰ মূল্য হ’লহেঁতেন প্ৰায় ১০ লাখ ৭৫ হেজাৰ টকা।
ভাৰতীয় ষ্টেট বেংকৰ ৱেবচাইটত থকা তথ্য অনুসৰি এই লেখাটো যুগুতোৱাৰ পৰত ৫ বা ততোধিক বৰ্ষৰ বাবে ফিক্সড ডিপ’জিট কৰিলে সুতৰ হাৰ সাধাৰণ ব্যক্তিৰ বাবে ৬.২৫ শতাংশ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৬.৭৫ শতাংশ। আজিৰে পৰা ঠিক ৬ বছৰৰ আগতে ই আছিল ক্ৰমে ৯.২৫ আৰু ৯.৭৫ শতাংশ। সুত সম্পূৰ্ণ তিনি শতাংশ কমিল। অৰ্থনৈতিক গতি-বিধিৰ লগত সম্পৰ্ক থকা বেংকৰ সুতৰ এই উত্থান-পতন এটা স্বাভাৱিক ঘটনা। কিন্তু সেয়া হ’লেও এই সুতৰ হ্ৰাস বহু বিনিয়োগকাৰীৰ বাবে এটা সমস্যা হিচাপে চিহ্নিত হৈছে। বিশেষকৈ সেইসকল অৱসৰপ্ৰাপ্ত ব্যক্তিৰ, যাৰ মাহেকীয়া খৰচ এই ফিক্সড ডিপ’জিটৰ সুতৰ ওপৰত নিৰ্ভৰশীল আছিল। ধৰক, এজন মানুহে ২০১১ চনৰ ১ আগষ্ট তাৰিখে ১০ লাখ টকা বেংকত ফিক্সড ডিপ’জিট কৰিলে ৬ বছৰৰ বাবে। তেওঁ এই জমাৰ পৰা পাবলগীয় সুতখিনি মাহেকীয়াকৈ বিচাৰিছিল। তেওঁ মাহেকীয়াকৈ লৈ থাকিল ৮,১২৫ টকা ( ধৰা হওক আয়কৰৰ আওতাত এওঁ নাহে।)। যেতিয়া ১ আগষ্ট ২০১৭ তাৰিখে তেওঁ পুনৰ বেংকলৈ গৈ ফিক্সড ডিপ’জিটটো নৱীকৰণ কৰিব খুজিলে তেতিয়া গম পালে যে মাহেকীয়াকৈ পাবলগীয়া সুতৰ সংখ্যাটো এইবাৰ হ’ব ৫,৬২৫ টকা। বছৰি বছৰি মুদ্ৰাস্ফীতি বাঢ়িল, কিন্তু তেওঁৰ মাহেকীয়া খৰচৰ বাবে লগা টকাকেইটা কমিল।
এটা প্ৰস্তাৱ আপোনালৈ – এক লাখ টকা আজিয়েই ল’ব নে ইয়াৰ পৰিবৰ্তে আঢ়ৈ লাখ টকা ৫ বছৰৰ পাচত ল’ব ? খুব বেছি সম্ভাৱনা আছে আপুনি আজিয়েই এক লাখ টকা লৈ লোৱা বিকল্পটো গ্ৰহণ কৰিব।যুক্তি – পাঁচ বছৰৰ পাচত ক’ত কি হয় কোনে জানে ? পাওঁতেই আজি এক লাখ টকা লৈ লোৱা বেছি বুদ্ধিমানৰ কাম হ’ব। এক কথাত আজিৰ এক লাখ টকাৰ আৱেগিক মূল্য আপোনাৰ ওচৰত পাঁচ বছৰৰ পাচৰ আঢ়ৈ লাখ টকাতকৈ বেছি।এইবাৰ দ্বিতীয় প্ৰস্তাৱটো শুনক – পাঁচ বছৰৰ পাচত আঢ়ৈ লাখ টকা ল’ব নে ছয় বছৰৰ মূৰত তিনি লাখ টকা ল’ব? বেছিভাগ মানুহৰ দৰেই আপুনিও হয়তো ছবছৰৰ পাচত তিনি লাখ টকা ল’বলৈ ভাল পাব।এইবাৰ আপোনাৰ যুক্তি হ’ব – পাঁচ বছৰ ৰ’ব পাৰিলো যেতিয়া আৰু এবছৰ ৰৈ অতিৰিক্ত ৫০ হেজাৰ টকা লোৱা ভাল।