দুৱাৰখন ঠেলি আপুনি গুৱাহাটীৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল৷ সোমায়েই আপোনাৰ চকু ৰ’লএখন টেবুলত৷ এগৰাকী যুবতীয়ে ৰেড ৱাইনৰ গ্লাছ এটাত চুমুক দি আছে৷ পিন্ধনত তেওঁৰ উজ্জ্বল ৰঙৰ আধুনিক পোছাক৷ সন্মুখত এজন সুদৰ্শন যুবক৷ আপোনাৰ এনে লাগিল ক’ৰবাত যেন যুবকজনক দেখিছে, টিভিৰ পৰ্দাতো হ’ব পাৰে৷ এতিয়া আপোনালৈ এটা সৰু প্ৰশ্ন – যুবতীগৰাকীৰ বৃত্তিটো দুটা বিকল্পৰ মাজৰ পৰা অনুমানৰ ভিত্তিত নিৰ্বাচন কৰিব লাগে৷ তেওঁ এগৰাকী (১) শিক্ষয়ত্ৰী নে (২) মডেল বা অভিনেত্ৰী?
পূৰামাত্ৰাই সম্ভাৱনা আছে আপুনি দ্বিতীয় বিকল্প অৰ্থাৎ মডেল বা অভিনেত্ৰী বুলি অনুমান কৰাৰ৷ কাৰণ যুবতীগৰাকীয়ে গ্ৰহণ কৰা পানীয়, পোছাক আৰু সংগীগৰাকীৰ বৰ্ণনাই আপোনাক তেনে এটা ধাৰণা ল’বলৈ প্ৰৰোচিত কৰিব৷ কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল উপৰোক্ত বৰ্ণনাখিনি এগৰাকী শিক্ষয়ত্ৰীৰ ক্ষেত্ৰত অসম্ভৱ নেকি? মই যদি প্ৰশ্নটোত ‘‘ৰেড ৱাইন’’ৰ পৰিৱৰ্তে ‘‘কল্ড ড্ৰিংকছ’’ কৰো, ‘‘আধুনিক পোছাক’’ৰ সলনি ‘‘এখন শাৰী বা চেলুৱাৰ কামিজ’’ কৰো আৰু সংগীজনৰ বৰ্ণনাৰ পৰা ‘‘টিভিৰ পৰ্দা’’ আঁতৰাই দিওঁ তেতিয়া? কোনো ফালে বিশেষ ইংগিত নিদিয়া এখিনি তথ্য৷ তেতিয়া হয়তো আপুনি অনুমান কৰিবলৈ যাওঁতে বিচাৰ কৰি চালেহেঁতেন যে গুৱাহাটী চহৰত বা সামগ্ৰিকভাৱে অসমত শিক্ষয়ত্ৰীৰ সংখ্যা বেছি নে মডেল বা অভিনেত্ৰীৰ বেছি? পৰিসংখ্যাই নিৰ্দেশ কৰা সম্ভাৱনীয়তাই কিন্তু তেতিয়া স্পষ্ট ইংগিত দিব ‘‘শিক্ষয়ত্ৰী’’ৰ সপক্ষে৷ প্ৰথম প্ৰশ্নটো কৰাৰ আগতে আপোনালৈ মই আগবঢ়োৱা তথ্যখিনিয়ে এই গুৰুত্বপূৰ্ণ কথাটো ঢাকি ৰখাৰ সম্ভাৱনাই অধিক৷ এনেদৰে পূৰ্বৰ নিজা ধাৰণা বা অভিজ্ঞতাৰ ভিত্তিত অনুমানতে শ্ৰেণীবদ্ধ কৰিবলৈ যাওঁতে কেতিয়াবা অতি গুৰুত্বপূৰ্ণ তথ্যলৈও চকু নাযায়৷ ইয়াকে কোৱা হয় মূল বিষয় উপেক্ষা (বেচ ৰেট নেগলেক্ট) আৰু এই মূল বা গুৰুত্বপূৰ্ণ বিষয় উপেক্ষা কৰি যি ভুল পক্ষ লওঁ তাক কোৱা হয় প্ৰতিনিধিত্বমূলক পক্ষপাত (ৰিপ্ৰেজেণ্টেটিভনেছ বায়াছ)৷
সাৰদা কেলেংকাৰী ধৰা পৰাৰ পিচত অসমৰ বাতৰি কাকত, টেলিভিছনত যথেষ্ট সৰৱ চৰ্চা হৈছিল৷ তেনে এটা চৰ্চাৰ অংশ হিচাপে দৈনিক বাতৰি কাকত এখনত প্ৰকাশিত প্ৰবন্ধ এটাত মোৰ চকু পৰিছিল৷ য’ত লেখকে সাৰদাৰ আঁচনি আৰু ইকুইটি মিউচুৱেল ফাণ্ডৰ আঁচনিক একে দৃষ্টিকোণৰ পৰা সমালোচনা কৰি জনসাধাৰণৰ বাবে অপকাৰী বুলি বুজাবলৈ যত্ন কৰিছিল৷ লক্ষ্য কৰক, আইনক ফাঁকি দি বা সুৰুঙাৰে পৰিকল্পিতভাৱে লুণ্ঠন কৰা কোনো কোম্পানী আৰু ‘ছেবি’ৰ দৰে বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত নীতি-নিয়মৰ মাজেৰে চলা তথা সমগ্ৰ বিশ্বতে গ্ৰহণযোগ্য বিনিয়োগ ব্যৱস্থা – ‘মিউচুৱেল ফাণ্ড’ কেনেকৈ একে হ’ব পাৰে? খুব সম্ভৱ লেখকজনে বিত্তীয় লুট আৰু ইকুইটি বজাৰৰ পতনক একে শাৰীতে ৰাখি কৰা সমালোচনাৰ যুক্তি হ’ল – দুয়োটা বিনিয়োগতে সেই সময়ত মানুহে টকা হেৰুৱাইছিল৷ আওকাণ কৰা হ’ল মিউচুৱেল ফাণ্ডৰ সপক্ষে থকা আন তথ্যবোৰ৷ কিন্তু অকল যে সন্দেহ বা ঋণাত্মকতাতহে এই পক্ষপাতিতাই প্ৰাণ পায় তেনে নহয়, উৎসাহতো এই প্ৰতিনিধিত্বমূলক পক্ষপাতত বিনিয়োগকাৰী আক্রান্ত হ’ব পাৰে৷ উদাহৰণস্বৰূপে ইকুইটি বজাৰলৈ যেতিয়া উত্থান আহে তেতিয়া প্ৰায়েই দেখা যায় একোটা বিশেষ খণ্ড(চেক্টৰ) বা বিষয়ে(থিম) সেই সোণালী দৌৰত মূল ভূমিকা পালন কৰে৷ তেনে অৱস্থাত সেই বিশেষ খণ্ড বা বিষয়টোৰ লগত জড়িত কোম্পানীবোৰৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পায়৷ উৎসাহে কেতিয়াবা এনে ৰূপ পায়গৈ যে বিনিয়োগ কৰিব খোজা কোম্পানীটোৰ ভিতৰুৱা অৱস্থা বিশ্লেষণ কৰি নোচোৱাকৈ সেই বিশেষ খণ্ড বা বিষয়টোৰ হোৱা বাবেই বিনিয়োগকাৰীসকলে কোম্পানীটোক অত্যধিক গুৰুত্ব দিবলৈ লয়৷ ভাৰতীয় শ্বেয়াৰ বজাৰতো এনে উদাহৰণ বিদ্যমান৷ ২০০৮ চনৰ শ্বেয়াৰ বজাৰৰ পতনৰ আগৰ সময়ছোৱাত আন্তঃগাঁথনিৰ লগত জড়িত প্ৰায় প্ৰত্যেকটো কোম্পানীক অতি বিনিয়োগযোগ্য বুলি ধাৰণা এটা গঢ় লৈ উঠিছিল৷ ব্যাখ্যা সহজ – ভাৰতীয় অৰ্থনীতি ভালৰ দিশলৈ যাবলৈ হ’লে আন্তঃগাঁথনি খণ্ডৰ উন্নয়ণ অপৰিহাৰ্য৷ তেনে অৱস্থাত সেই খণ্ড বা বিষয়টোৰ লগত জড়িত কোম্পানীবোৰ লাভাৱান্বিত হোৱাটো খাটাং৷ কিন্তু বজাৰৰ পতনৰ পিচতহে ওলাইছিল সেই কোম্পানীবোৰৰ ভিতৰত কোনটোৰ বেয়া দিন সহিব পৰা ক্ষমতা কি পৰ্যায়ৰ৷ আন্তঃগাঁথনি ক্ষেত্ৰৰ বহুতো নামী দামী কোম্পানীৰ শ্বেয়াৰে বিনিয়োগকাৰীক বেয়াকৈ ডুবাইছিল৷
প্ৰতিনিধিত্বমূলক পক্ষপাতৰ আন এটা কাৰণ হৈছে ‘নমুনাৰ আকাৰ উপেক্ষা’ (চেম্পল ছাইজ নেগলেক্ট)৷ খুব সৰু বা কম সময়ৰ তথ্যৰ ওপৰত ভিত্তি কৰা হতাশাই হওক বা প্ৰত্যাশাই হওক, বিনিয়োগত কিন্তু বিপজ্জনক৷ বিনিয়োগৰ দীঘলীয়া ইতিহাসৰ মাজৰ পৰা বুটলি অনা তেনেই সৰু বা কম সময়ৰ উদাহৰণবোৰে আপোনাক বিপথে পৰিচালিত কৰিব পাৰে৷ এবাৰ এজন বিনিয়োগকাৰীয়ে মোক প্ৰায় খঙেৰেই প্ৰশ্ন কৰিছিল – ইকুইটি মিউচুৱেল ফাণ্ড আৰু ‘তিনি পাট্টি’ৰ মাজত পাৰ্থক্য কি? তেওঁ কোনো কথাই শুনিব নিবিচাৰি বিনিয়োগ উঠাই লৈছিল৷ সেই সময়ত তেওঁ ‘ছিপ’ৰ জৰিয়তে কৰা ডেৰ বছৰীয়া ইকুইটি বিনিয়য়োগ অলপ লোকচানত আছিল৷ কিন্তু সেই সময়ত তেওঁৰ নিজৰ চুটি অভিজ্ঞতাৰ পৰিবৰ্তে ইকুইটি বিনিয়োগৰ দহ বা বিশ বছৰীয়া ইতিহাস চাবলৈও মান্তি হোৱা হ’লে এনেধৰণৰ পক্ষপাতিতাই প্ৰৰোচিত কৰা সিদ্ধান্তৰ পৰা নিজকে নিলগাই ৰখাটো অসম্ভৱ নিশ্চয় নহ’লহেঁতেন৷
অৱশ্যে এইটো কথাও সঁচা যে এইদৰে শ্ৰেণীভুক্তিৰ জৰিয়তে ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱাটো মানুহে ৰচা এটা কৌশল, সিদ্ধান্তলৈ অহাৰ এটা চমু বাট৷ বহু সময়ত এই কৌশলে আপোনাক সঠিক নিৰ্দেশনাও দিয়ে৷ কেতিয়াবা ভুল হ’লেও ক্ষিপ্ৰতাৰ স্বাৰ্থতে তেনেদৰে সিদ্ধান্ত লোৱাটো আৱশ্যক৷ ধৰক, সাপৰ দৰে দেখি পথত পৰি থকা ৰছী এডালেও আপোনাক সচকিত কৰি তুলিলে৷ সেয়া চকুৰ ভুল হ’লেও অপকাৰী নহয়৷ কিন্তু বিনিয়োগত এই পদ্ধতিয়ে আপোনাক বিপদত পেলোৱাৰহে আশংকা বেছি৷ সেয়ে এই বিষয়ে সচেতন হোৱাটো প্ৰত্যেকজন বিনিয়োগকাৰীৰ বাবে মংগলজনক৷
( অসমীয়া প্ৰতিদিন, ২১ জানুৱাৰী,২০১৬)
যিসকল চৰকাৰী চাকৰিয়াল ‘এন পি এছ’ বলবৎ হোৱাৰ আগতে নিযুক্তি পাইছিল তেখেতসকলৰ পেন্সন ব্যৱস্থা যথেষ্ট সৰল৷ মোটামুটি হিচাপ এটাৰে কব পাৰি যে শেষ দৰমহাৰ প্ৰায় ৫০ শতাংশ মাহেকীয়াকৈ পেন্সন হিচাপে তেখেতসকলে পায়৷ এই পেন্সনৰ মৰগীয়া বানচৰ অংশটো প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ বাঢ়ি যায়৷ মই লক্ষ্য কৰা অনুসৰি এজন অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ মুঠ পেন্সন যোৱা ১৫ – ১৬ বছৰ সময়ত বাৰ্ষিক গড়ে প্ৰায় ৯ শতাংশতকৈ বেছি বৃদ্ধি হৈ গৈ আছে৷ অৰ্থাৎ যোৱা বছৰ যদি মুঠ পেন্সন ২০ হেজাৰ আছিল এই বছৰ মৰগীয়া বানচ আৰু আন শিতানত বৃদ্ধি হোৱাৰ ফলত মুঠ পেন্সন হৈছেগৈ প্ৰায় ২১,৮০০ টকা৷
২০০৯ বৰ্ষৰ ১ মে’ৰ পৰা বহু অপেক্ষিত ৰাষ্ট্ৰীয় পেন্সন আঁচনি চমুকৈ ‘এন পি এছ’ক সৰ্বসাধাৰণ ৰাইজলৈ মুকলি কৰা হয়৷ ইয়াৰ পিচত এন পি এছক অধিক জনমুখী কৰাৰ অংশ হিচাপে ২০১১ চনৰ ডিচেম্বৰ মাহত কৰ্প’ৰেট খণ্ডৰ বাবেও এন পি এছৰ আঁচনি এখন মুকলি কৰা হয়৷ বিভিন্ন খৰচৰ সামান্য পাৰ্থক্যৰ বাদে এই দুই আঁচনিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল কৰ্প’ৰেট আঁচনিত নিয়োগকৰ্তাৰ বৰঙণি থাকিবও পাৰে বা নাথাকিবও পাৰে আৰু ইফালে সৰ্বসাধাৰণ নাগৰিকৰ বাবে থকা আঁচনিখনত মাত্ৰ বিনিয়োগকাৰীৰ বৰঙণিহে থাকে (সৰ্বসাধাৰণ নাগৰিকলৈ বুলি কওঁতে স্বাৱলম্বন আঁচনিখনৰ কথা ইয়াত কোৱা হোৱা নাই৷ এগ্ৰিগেটৰৰ যোগেদি আগবঢ়া এই পৃথক আঁচনিখন বৰ্তমান নতুন গ্ৰাহকৰ বাবে বন্ধ কৰা হৈছে)৷ বাকী প্ৰায় সকলো নীতি নিয়মৰ গণ্ডী প্ৰায় একেই৷ সেয়ে আমি দুয়োখন আঁচনিক পৃথককৈ আলোচনা নকৰো৷ প্ৰথমে চাওঁ আহক কোনবোৰ সংগঠন কৰ্প’ৰেট হিচাপে চিহ্নিত হৈছে ‘এন পি এছ’ৰ সংজ্ঞাত
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ১ জানুৱাৰী ২০০৪ বা তাৰ পাচত নিযুক্তি লাভ কৰা কৰ্মচাৰী এজনৰ বাবে ‘এন পি এছ’ বা ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জড়িত হোৱাটো বাধ্যতামূলক৷ অৱশ্যে সেনা-বাহিনীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ প্ৰায় সকলো ৰাজ্য চৰকাৰেই এই ব্যৱস্থা নিজৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে৷ এইখন আঁচনিৰ যোগেদিয়েই পূৰ্বতে দেশত চলি থকা চৰকাৰী পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা বৰ্তমানৰ সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ সলনি হ’ল৷ এই পৰিবৰ্তিত পেন্সন ব্যৱস্থাত পেন্সনৰ বাবে কৰ্মচাৰী এজনৰ বৰঙণি কিমান হ’ব সেয়াহে সূত্ৰবদ্ধ হৈ থাকে, পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰিব চাকৰি কালছোৱাত বিনিয়োগে লাভ কৰা ফলাফলৰ ওপৰত৷ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘এন পি এছ’ ত বিনিয়োগ ব্যৱস্থা দুই শাৰী বিশিষ্ট৷
আমাৰ দেশৰ পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ হোৱা পৰিবৰ্তনৰ প্ৰসংগত চৰকাৰী সমাধান হৈছে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা (নেচনেল পেন্সন চিষ্টেম), চমুকৈ ‘এন পি এছ’৷ ভাৰতবৰ্ষত সংজ্ঞা নিৰূপিত বৰঙণিমূলক পেন্সনৰ সম্পৰ্কে চিন্তা-চৰ্চাৰ আৰম্ভণি ঘটিছিল নব্বৈ দশকৰ শেষৰ ফালে৷ ১৯৯৮ চনত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে গঠন কৰা ‘অ’ৱেছিছ আঁচনি’ (OASIS Project) অৰ্থাৎ অল্ড এজ চচিয়েল এণ্ড ইনকম ছিকিঅ’ৰিটি প্ৰজেক্ট আছিল এই দিশত প্ৰথম পদক্ষেপ৷ যাৰ নেতৃত্বত আছিল ছেবি’ৰ প্ৰথমজন সভাপতি ড০ সুৰেন্দ্ৰ ভাৱে৷ ২০০০ চনত ড০ ভাৱেই মন্ত্ৰ্যালয়ৰ ওচৰত তেওঁৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদনতে তেওঁ পৰিকল্পনা কৰিছিল ব্যক্তিগত একাউন্ট থকা সংজ্ঞা নিৰূপিত বৰঙণিমূলক ব্যৱস্থা আৰু পেছাদাৰী ফাণ্ড মেনেজাৰ নিযুক্তিৰ বিষয়ে৷ ২০০২ চনত তদানীন্তন এন ডি এ চৰকাৰে ‘এন পি এছ’ ক গ্ৰহণ কৰে৷ ২০০৩ চনত পেন্সন ফাণ্ড নিয়ন্ত্ৰণ তথা উন্নয়ন প্ৰাধিকৰণ (পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ’ৰিটিজ) চমুকৈ পি এফ আৰ ডি এ গঠন আৰু কাৰ্যক্ষম কৰাৰ পাচত ২০০৪ চনৰ এক জানুৱাৰীৰ পৰা সেনা-বাহিনীক বাদ দি বাকী সকলো কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়োগত ‘এন পি এছ’ক প্ৰযোজ্য কৰা হ’ল৷ ইয়াৰ পাচত লাহে লাহে প্ৰায় প্ৰতিখন ৰাজ্য চৰকাৰেই এই পেন্সন ব্যৱস্থাটো তেখেতসকলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰে৷ ২০০৯ চনৰ এক মে’ৰ পৰা এই পেন্সন ব্যৱস্থা সকলো নাগৰিকৰ বাবে মুকলি কৰা হয়৷ ২০১০ চনত ‘এন পি এছ – লাইট’ আঁচনিৰ যোগেদি অৰ্থনৈতিকভাৱে পাচ পৰা লোকসকলৰ বাবে (পিচলৈ এন পি এছ – স্বাৱলম্বন নামেৰে আগবঢ়োৱা এই আঁচনিখন বর্তমান বন্ধ কৰা হৈছে নতুন গ্ৰাহকৰ বাবে আৰু ইয়াৰ পৰিৱৰ্তে আৰম্ভ কৰা হৈছে অটল পেন্সন যোজনা নামৰ আঁচনিখন৷) আৰু ২০১১ চনৰ ডিচেম্বৰত ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে এন পি এছৰ আঁচনি এখন আৰম্ভ কৰা হয়৷ আজিৰ তাৰিখত ‘এন পি এছ’ক সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ বাবে প্ৰাসংগিক কৰাৰ স্বাৰ্থত পৃথককৈ সজোৱা আঁচনিসমূহক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি