(১) সুৰেন শইকীয়াই ছিটিবাছত থিয় হৈ যাব লগা হ’লেই অস্বস্তি অনুভৱ কৰে৷ কাষৰ যাত্ৰীজনৰ হাত এখন তেওঁৰ পেণ্টৰ পকেটৰ ওপৰত লাগিলেও ঠেলা-হেঁচা কৰা বুলি ককৰ্থনা কৰে৷ আচলতে এনেকৈ থিয় হৈ কৰা ছিটিবাছ যাত্ৰাত এবাৰ নিজৰ মানিবেগ হেৰুৱাই থৈছে তেওঁ৷ সেয়ে কাকো বিশ্বাস কৰিব নোৱাৰে৷
(২) অচিন্ত্য বৰ্মনে গাড়ী লাহেকৈ চলায় বুলিব নোৱাৰি৷ কিছুদিনৰ আগতে এটা ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ পাচত তেওঁ গাড়ী অস্বাভাৱিকভাৱে ধীৰ গতিত চলাবলৈ লোৱাটো সকলোৰে দৃষ্টিগোচৰ হৈছিল৷ কিন্তু আজিকালি আকৌ বেগাই চলোৱা হৈছে৷
(৩) ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিলেই সুপ্ৰিয়া দত্তৰ বুকুৰে ধান বানে৷ যদিও ভূমিকম্পৰ পৰা হোৱা ডাঙৰ ক্ষতিৰ তেওঁ কাহানিও মুখামুখি হোৱা নাই, ভূমিকম্প আহিলেই তেওঁৰ দুচকুত ভাহি উঠে লাটুৰ, নেপাল আদিত হোৱা ভূমিকম্পৰ বিভীষিকাময় ছবি৷ এবাৰ সৰু ভূমিকম্প এটাতে তেওঁ দৌৰা দৌৰি কৰি উজুটিয়াই ভৰিৰ নখ উভালি থৈছে৷
ওপৰৰ উদাহৰণ তিনিটালৈ লক্ষ্য কৰক৷ প্ৰথমটোত শইকীয়াৰ নিজৰ অভিজ্ঞতাই তেওঁক তেনে আচৰণ কৰিবলৈ প্ৰৰোচিত কৰিছে৷ দ্বিতীয়টোত বৰ্মনে নিজে মুখামুখি হোৱা ঘটনাৰ দৃশ্যৰাজিক যেতিয়ালৈকে পাহৰিবলৈ সক্ষম হোৱা নাই তেতিয়ালৈকে অত্যধিক সাৱধান হ’বলৈ গৈ নিজৰ গতি-বেগ মন্থৰ কৰি ৰাখিছে আৰু সেই ঘটনাৰ চাপ যেতিয়াৰে পৰা মন-মগজুৰ পৰা আঁতৰ হ’বলৈ ধৰিছে তেওঁ আকৌ পুৰণি ড্ৰাইভাৰজন হৈ গৈ আছে৷ তৃতীয়টোত শ্ৰীমতী দত্তই ভূমিকম্পৰ ভয়াৱহ ছবি কিছুমান মনত সঞ্চিত কৰি থৈছে৷ ভূমিকম্পৰ সামান্যতম কঁপনিতো সহজেই ক্ষীপ্ৰভাৱে সেইকেইখন ওলাই আহে আৰু বিচলিত হয়৷ কিবা সাদৃশ্য আছে নে তিনিওটা ঘটনাৰ? হয়, সেয়া হৈছে তিনিওজনৰ অত্যধিক প্ৰতিক্রিয়া৷ এনেদৰে নিজৰ অভিজ্ঞতা, সাম্প্ৰতিকতা অথবা নাটকীয় তীব্ৰতা থকা ঘটনাৰ ভিত্তিত প্ৰয়োজনতকৈ বেছি ধৰণে কৰা প্ৰতিক্রিয়াকে ইংৰাজীত এভেইলিবিলিটি বায়াছ বুলি কোৱা হয়৷ অসমীয়াত মই ইয়াক কৈছো – উপলব্ধতা পক্ষপাত৷
বিনিয়োগৰ পৃথিৱীতো বৰ প্ৰভাৱশালী এই উপলব্ধতা পক্ষপাত৷ ইয়াৰ প্ৰভাৱত কোনো বিনিয়োগকাৰীয়ে যদি আতংকিত হৈ শ্বেয়াৰ বজাৰৰ ফালে মূৰ কৰিব নোখোজে, আন কোনোবাজনে আকৌ ইয়াৰ প্ৰভাৱত বজাৰৰ ভালৰ দিনত উত্ৰাৱল হৈ নিজৰ বিনিয়োগক জুৱাৰ সমপৰ্যায়লৈ লৈ যায়৷ দুৰ্ভাগ্য, দীৰ্ঘ সময়ৰ বিনিয়োগত দুয়োধৰণৰ বিনিয়োগকাৰী বঞ্চিত হয় তেওঁ আহৰণ কৰিব পৰাৰ সম্ভাৱনা থকা সৰ্বোত্তম ফলৰ পৰা৷ মন কৰিব, সৰ্বোত্তম (Optimum) মানে বিনিয়োগকাৰীজনে তেওঁ লোৱা ৰিস্কৰ বিপৰীতে সৰ্বোৎকৃষ্ট ফলৰ কথাহে কৈছো, সৰ্বোচ্চ (Maximum)ৰ কথা কোৱা নাই৷ কোনো ব্যক্তিয়ে যদি পূৰ্বতে শ্বেয়াৰ বজাৰত টকা হেৰুওৱাৰ দোহাই দি নিজৰ দীৰ্ঘম্যাদী বিনিয়োগতো ইকুইটিক অন্তৰ্ভূক্ত কৰা নাই, মোৰ অনুৰোধ আপোনালোকৰ সেই বিনিয়োগৰ ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা কিমান তাক চাবলৈ অন্ততঃ নাপাহৰিব৷
কিছুমান সাম্প্ৰতিক ঘটনাপ্ৰৱাহে আমাক আছন্ন কৰি ৰখাৰ সক্ষমতা ৰাখে৷ ইয়াত অন্যতম শক্তিশালী মাধ্যম টেলিভিছন আৰু বাতৰিকাকত৷ কিন্তু টেলিভিছন আৰু বাতৰিকাকতৰ সকলো তথ্যই আমাক সঠিক নিৰ্দেশনা দিয়ে বুলি ক’ব নোৱাৰি৷ পৰিবেশনৰ ধৰণটোত আপোনাৰ বাবে গুৰুত্বহীন বাতৰিতে আপুনি উত্তেজিত হ’ব পাৰে৷ পাহৰিলে ভুল কৰা হ’ব যে বাতৰি পৰিবেশন হয় আমি কেনেদৰে আকৰ্ষিত হওঁ তালৈ মূলতঃ লক্ষ্য ৰাখি৷ ধৰক, কালি ছেনছেক্স আছিল ২৫,০০০ পইণ্টত৷ আজি ১,৫০০ পইণ্ট নামিল৷ আজি ৰাতিলৈ টেলিভিছনত অথবা কাইলৈৰ বাতৰিকাকতত তাৰ পৰিবেশনৰ ধৰণটোৱে সহজেই মানুহক আতংকিত কৰিব৷ আপুনি প্ৰত্যক্ষ কৰিব লগা হ’ব পাৰে এনে কিছুমান শিৰোনাম – ‘ৰক্তাক্ত শ্বেয়াৰ বজাৰ’, ‘শ্বেয়াৰ বজাৰত ব্যাপক খহনীয়া’, ‘এদিনতে উধাও হ’ল কেইবা লক্ষ কোটি টকা’ ইত্যাদি ইত্যাদি৷ মূৰে-কপালে হাত দি কম্পিউটাৰৰ মণিটৰত দৃষ্টি ৰখা হতভম্ব বিনিয়োগকাৰীৰ ছবিও থাকিব তাত৷ বিশেষ গভীৰতালৈ নোযোৱালৈকে তেনে একোটা বাতৰিয়ে মানুহক শংকিত কৰিবই৷ শ্বেয়াৰ বজাৰত কোনোদিনে প্ৰৱেশ নকৰা ব্যক্তি এজনেও মাত্ৰ এনে ছবি কিছুমান বুকুত আঁকি ল’লে কাহানিও ইকুইটিক বিশ্বাস নকৰাই স্বাভাৱিক৷ ইকুইটি বিনিয়োগত কালিলৈকে এক লাখ টকা বজাৰ মূল্য হৈ থকা মানুহ এজনৰ বাবে (ধৰা হওক তেওঁ ছেনছেক্স ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিছিল) বজাৰৰ এনে পতনত তেওঁৰ এক লাখ টকা হ্ৰাস পাব ৯৪,০০০ টকালৈ৷ অৰ্থাৎ ৬ শতাংশ ছেনছেক্সৰ পতনত তেওঁৰ বিনিয়োগৰো সমপৰিমাণৰ হ্ৰাস৷ কিন্তু আজিৰ ৯৪ হেজাৰ টকা গড়ে ১২ শতাংশকৈ বাঢ়িলে ১০ বছৰৰ পাচত সেই বিনিয়োগ হ’বগৈ প্ৰায় ২ লাখ ৯২ হেজাৰ টকা৷ কিন্তু ইয়াৰ পৰিবৰ্তে ভয় খায় সেই টকা ৯৪ হেজাৰতে বজাৰৰ পৰা উলিয়াই লৈ যায় আৰু বেংকত ১০ বছৰৰ বাবে ফিক্সড ডিপ’জিট কৰে তেন্তে সেই টকাই গড়ে ৮ শতাংশ সুত পাব বুলি ধৰিলে হ’বগৈ প্ৰায় ২ লাখ ৩ হেজাৰ টকা৷ এই পাৰ্থক্যৰে ব্যক্তিজনে বিত্তীয় লক্ষ্যত উপনীত হ’বগৈ পাৰিবনে? পৰ্যালোচনাৰ বিষয়৷ অৱশ্যে এই কথা ঠিক যে আজিৰ ৯৪ হেজাৰ টকাটো ১০ বছৰৰ পাচত ৩ লাখ টকাৰ আশে-পাশে বা ততোধিক বৃদ্ধি পাবলৈ হ’লে এনেকুৱা একাধিক পতন সহিব লগা হ’ব পাৰে৷ আৰু উত্থান? ১৯৭৯ চনত ১০০ পইণ্টেৰে আৰম্ভ হোৱা ছেনছেক্স আজি প্ৰায় ২৫ হেজাৰ পইণ্টৰ আশে-পাশে হোৱাৰ অৰ্থই হ’ল বাৰ্ষিক গড়বৃদ্ধিৰ হাৰ প্ৰায ১৬ শতাংশ৷ বৰ বৰ হৰফেৰে বুকু কঁপোৱা শব্দ আৰু আতংকিত কৰিব পৰা ছবি কিছুমানে এই তথ্যখিনি বজাৰৰ বেয়া দিনত সততে ঢাকি ৰাখে৷
এভেইলিবিলিটি বায়াছ বা উপলব্ধতা পক্ষপাতক বুজিবলৈ প্ৰত্যেকজন সচেতন বিনিয়োগকাৰীয়ে যত্ন কৰা উচিত৷ শ্বেয়াৰ বজাৰ সম্পৰ্কীয় বাতৰি নিশ্চয় পঢ়ক৷ কিন্তু আপোনাৰ বিত্তীয় পৰিকল্পনাত সেই তথ্যবোৰৰ গুৰুত্ব কেনেকুৱা আৰু সেইবোৰৰ সপক্ষে বা বিপক্ষে স্থিতি ল’লে সামগ্ৰিক প্ৰভাব কেনেকুৱা হ’ব পাৰে তাৰ নিৰ্মোহ বিশ্লেষণ কৰিবলৈ নাপাহৰিব৷
***************
( অসমীয়া প্ৰতিদিন ১৭ মাৰ্চ, ২০১৬ )
দুহেজাৰ এক বা দুই চনৰ কথা৷ গুৱাহাটীৰ বাইপাছ বহল কৰাৰ কাম পূৰ্ণ গতিত চলি আছে৷ স্বাভাৱিকতেই সেই পথৰ আশে-পাশে থকা মাটিৰ গুৰুত্ব তথা কিনা-বেচা বাঢ়িবলৈ ধৰিছে৷ লখৰা অঞ্চলৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা এটাত ‘ৰেভিনিউ অডিট’ কৰি আছো৷ বেংকৰ শাখাটোত তেতিয়াও কম্পিউটাৰৰ ব্যৱহাৰ হোৱা নাই৷ ডাঙৰ ডাঙৰ ‘লেজাৰ বহী’ত হিচাপবোৰ লিপিবদ্ধ কৰা হয়৷ সেই অডিটত মই এটা কথা লক্ষ্য কৰিলো যে বহু ছেভিংছ একাউণ্টত কেইবালাখকৈ টকা পৰি আছে৷ কৌতূহলত বেংকৰ এজন বিষয়াক সুধিলো – কিয় এই টকাবোৰ ফিক্সড ডিপ’জিট কৰি অধিক সুত লাভ কৰিবলৈ গ্ৰাহককেইজনক আগ্ৰহী কৰিব পৰা হোৱা নাই? উত্তৰত বিষয়াজনে ক’লে – ‘এতিয়াহে দেখিছে, কেইমাহমানৰ ভিতৰতে এই টকা ক’লৈ যাব সেই কথা এই মুহূৰ্তত ব্যক্তিকেইজনেও নাজানে’৷
আপুনি বিশ্বাস কৰে যে ম্যাদ উকলা সামগ্ৰী মানেই ব্যৱহাৰ অযোগ্য৷ সেয়ে বস্তু ক্রয় কৰাৰ আগতে লেবেল পঢ়িবলৈ আপুনি সাধাৰণতে নাপাহৰে৷ কিন্তু যোৱা মাহত ‘অফাৰ’ দেখি শ্বেম্পুৰ ডাঙৰ বটলটো কিনোতে ম্যাদ চাবলৈ নহ’ল৷ আজি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি উঠাৰ পাচতহে চকু গ’ল – ম্যাদচোন এই যাওঁ যাওঁ৷ এতিয়া ঘূৰাই দিয়াৰো সুযোগ নাই আৰু একো কথা নাই বুলি পাহৰিবলৈও দামটো তেনেই কম নহয়৷ কেনে অনুভৱ হ’ব আপোনাৰ? এবাৰ কল্পনা কৰকচোন৷ প্ৰথমেই সেইদিনা দোকানত দেখুওৱা অসাৱধানতাৰ বাবে টিঙিচকৈ খংটো নুঠিবনে? ম্যাদ উকলিবলৈ যোৱা শ্বেম্পুৰ বটলটোক কেন্দ্ৰ কৰি আপোনাৰ বিশ্বাস আৰু কৰ্মত হৈ যোৱা বিৰোধে মনোজগতত এক অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰিব৷ এই অস্বস্তিখিনি যিমান পাৰি সিমান সোনকালে প্ৰশমন কৰিবলৈ চেষ্টা চলোৱাটো হৈ উঠিব আপোনাৰ বাবে অপৰিহাৰ্য৷ ইয়াৰ বাবে তিনিটা বিকল্প পথ আপোনাৰ সন্মুখত খোলা আছে৷
মহাজনী ব্যৱস্থা ওচৰৰ পৰা মই দেখা নাই৷ কিন্তু শৈশৱত মহাজন থকা সাধু বা গল্প পঢ়িছো প্ৰচুৰ৷ মহাজন থকা গল্পবোৰৰ যিটো কথাই মোৰ চকু সেমেকাইছিল, সেয়া হৈছে অনাখৰী হোজা মানুহবোৰক মহাজনে চক্রবৃদ্ধি সুতৰ জৰিয়তে দিয়া ঋণৰ চেপা৷ কাহানিও শেষ নোহোৱা এক ঋণ পৰিশোধ চক্র৷ ঋণৰ বোজা বৃদ্ধিহে পায় প্ৰতি বছৰে৷ ইয়াত প্ৰকৃত খলনায়ক হৈছে চক্রবৃদ্ধি সুত৷ এই খলনায়কক কিন্তু আপুনি নায়ক হিচাপে পাব পাৰে বিনিয়োগৰ পৃথিৱীত৷ ধৰক, আপোনাৰ এক লাখ টকা আছে৷ বেংকে ৮ শতাংশ সুত আগবঢ়ায়৷ এতিয়া যদি আপুনি বছৰি ৫ হেজাৰ টকাকৈ উঠায় তেন্তে কোনোদিনেই আপোনাৰ এক লাখ টকা শেষ নহ’ব, বৰঞ্চ সেই অক্ষয় ভাণ্ডাৰ বছৰি বৃদ্ধিহে হ’ব৷
দুৱাৰখন ঠেলি আপুনি গুৱাহাটীৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল৷ সোমায়েই আপোনাৰ চকু ৰ’লএখন টেবুলত৷ এগৰাকী যুবতীয়ে ৰেড ৱাইনৰ গ্লাছ এটাত চুমুক দি আছে৷ পিন্ধনত তেওঁৰ উজ্জ্বল ৰঙৰ আধুনিক পোছাক৷ সন্মুখত এজন সুদৰ্শন যুবক৷ আপোনাৰ এনে লাগিল ক’ৰবাত যেন যুবকজনক দেখিছে, টিভিৰ পৰ্দাতো হ’ব পাৰে৷ এতিয়া আপোনালৈ এটা সৰু প্ৰশ্ন – যুবতীগৰাকীৰ বৃত্তিটো দুটা বিকল্পৰ মাজৰ পৰা অনুমানৰ ভিত্তিত নিৰ্বাচন কৰিব লাগে৷ তেওঁ এগৰাকী (১) শিক্ষয়ত্ৰী নে (২) মডেল বা অভিনেত্ৰী?