:প্ৰথমবাৰ জমা কৰি টকা সময়মতে ঠিকেই ঘূৰাই পালো৷ সেই টকাৰে নতুন চাইকেল এখন ল’লো৷ বিশ্বাস বাঢ়ি গ’ল৷ সেয়ে পিচৰবাৰ ধান বেচা টকাকেইটা আকৌ জমা থ’লো কোম্পানীটোৰে আঁচনি এখনত৷ এতিয়া যিবোৰ কথা শুনি আছো সেইবোৰ যদি সঁচা হ’বলৈ হয় মানে কিবা কাৰণত কোম্পানীটো যদি বন্ধ হৈ যায়, মোৰ টকাকেইটাৰ কি হ’ব? আমি দুখীয়া মানুহ, খেতি কৰি ঘৰ চলাওঁ৷ বৰ কষ্টৰ টকা, বুজিছেনে?
মানুহজনৰ অসহায় মাতটোৰ অস্থিৰতাখিনি ফোনটোৰ এইফালে মোৰ বুজাত অসুবিধা নহ’ল৷ প্ৰথমবাৰ মানুহজনে বিনিয়োগ কৰোতে কোম্পানীটো নহয় এজেন্টজন তেওঁৰ চিনাকি আছিল৷ প্ৰথমবাৰ বিশ্বাসো তেওঁ কোম্পানীক নহয় এজেন্টজনকহে কৰিছিল৷ কিন্তু এবাৰ টকাকেইটা সঠিকভাৱে ঘূৰাই পোৱাৰ পিচতেই যেন কোম্পানীটো তেওঁৰ বাবে বিশ্বাসযোগ্য হৈ উঠিছিল৷ শেহতীয়াভাৱে প্ৰকাশিত বা-বাতৰিবোৰৰ ভিত্তিতহে তেওঁ বিষয়টো চিন্তা কৰিবলৈ লৈছে৷ লক্ষ্য কৰক, কিমান পৰিকল্পিতভাৱে অচিনাকি প্ৰতিষ্ঠান একোটাই স্থানীয় চিনাকি মুখবোৰ ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰে৷ ইয়াৰ বিপৰীতে অনভিজ্ঞ এজেন্টসকলে সম্ভাব্য বিপদ উলাই কৰি গ্ৰাহকক ‘মই আছো নহয়’ জাতীয় আশ্বাস দিবলৈও কুণ্ঠাবোধ নকৰে৷ প্ৰথমে ভাল অভিজ্ঞতা পিচত লুট৷ বহু প্ৰতিষ্ঠানৰ আকৌ ইয়েই মূল ঠগন সূত্ৰ৷ সেয়ে একমাত্ৰ ব্যক্তিগত অভিজ্ঞতাকে পৰ্যালোচনাৰ একমাত্ৰ মাপকাঠী হিচাপে গ্ৰহণ কৰাটো বহু সময়ত অতি বিপজ্জনক হ’ব পাৰে৷
:আপুনি থকা অঞ্চলটোত কোনো বেংক নাই নেকি? বেংকত ফিক্সড ডিপ’জিট কৰাহেঁতেন এই অনিশ্চয়তাৰ অশান্তি ভোগ কৰিবলগা নহ’ল হয়৷ মই ক’লো৷
:এহ্, বেংকত থ’লে ৮ বছৰতহে দুগুণ হ’ব৷ কিন্তু ইয়াত যে ৫ বছৰতে দুগুণ হ’ব, সেইবাবে থ’লো আক’৷ মানুহজনৰ সৰল উত্তৰ৷
মানুহজনক প্ৰত্যাশিত ফল আৰু ক্ষতিভয়ৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ ৰৈ গ’লো৷ অচিনাকি মানুহ এজনক ফোনত দিয়া উপদেশৰ সীমাবদ্ধতা বহুত৷ কেনেকৈ বা লয় তেওঁ কথাবোৰ৷ সংকোচ এটা মনত অনবৰতে লাগি থাকে৷ তদুপৰি তেওঁ মই ক’ব বিচৰা কথাবোৰ সঠিকভাৱে বুজিছে নে নাই তাক বুজাতো অসুবিধা হয় কেতিয়াবা, যদিহে তেওঁ নুবুজাকৈ মোৰ কথাবোৰ শলাগি যায়৷ মানুহ এজনক ভালদৰে নজনাকৈ দিয়া উপদেশ তেওঁৰ বাবে অনুপযোগীও হ’ব পাৰে৷ কিন্তু তেওঁৰ ‘গুণ’ৰ হিচাপে মোক মনত পেলাই দিলে- মোৰ মায়েও দেখোন শতাংশৰ হিচাপতকৈ কেইবছৰত দুগুণ হ’ব তাৰ ভিত্তিত বিত্তীয় দ্ৰব্য একোটাৰ ফল কেনেকুৱা তাক ধাৰণা কৰিবলৈ সুবিধা পায়৷ মায়ে মাজে মাজে এতিয়াও কৈ থাকে- ‘আগতেই ভাল আছিল, এন এছ চিবোৰ পাঁচ বছৰতে দুগুণ হৈছিল’৷ কিন্তু কিমান শতাংশ ফল আছিল বুলি সুধিলে মায়ে ক’ব নোৱাৰে৷ এতিয়া যদি আমি বিনিয়োগ দুগুণ হোৱা বছৰৰ সংখ্যাৰ পৰা ফলৰ হাৰ উলিয়াব পাৰো, তেন্তে বহু প্ৰশ্নৰ উত্তৰ আমি লগে লগেই পাব পৰা অৱস্থা এটা পাওঁ৷
হয়, ৭২ ৰ নিয়ম এনে এটা অতি সৰল তথা শক্তিশালী নিয়ম, যাৰ সহায়ত আমি বিনিয়োগ হোৱা ধন দুগুণ হোৱা বছৰৰ সংখ্যাৰ পৰা বাৰ্ষিক চক্রবৃদ্ধি সুতৰ হাৰ মোটামুটিভাৱে নিৰ্ণয় কৰিব পাৰো বা ওলোটাকৈ সুতৰ চক্রবৃদ্ধি হাৰৰ পৰা কেইবছৰত জমা ধন দুগুণ হ’ব তাক গণনা কৰিব পাৰো৷ উদাহৰণস্বৰূপে মোৰ মায়ে কোৱাৰ দৰে আগতে এন এছ চি ৫ বছৰত দুগুণ হৈছিল৷ কিমান শতাংশ চক্রবৃদ্ধি হাৰত সুত আছিল, তাক জানিবলৈ ৭২ ক ৫ ৰে হৰণ কৰক৷ উত্তৰ ওলাল ১৪.৪ শতাংশ৷ অৰ্থাৎ মোৰ মাৰ বাবে তাহানিৰ এন এছ চি আৰু আমাৰ কৃষক বিনিয়োগকাৰীজনৰ বাবে বৰ্তমানৰ আকৰ্ষণীয় ফল হৈছে ১৪.৪ শতাংশ৷ বৰ্তমান বেংকত টকা থ’লে ৮ বছৰতহে জমা ধন দুগুণ হয় বুলি যিটো কথা কৃষকজনৰ বাবে তেনেই অনাকৰ্ষণীয় হৈ পৰিছে শতাংশৰ হিচাপত এই হাৰ হ’ব ৭২ : ৮ ৯৷ অৰ্থাৎ ৯ শতাংশ ফলে আমাৰ কৃষকজনক মুঠেই আকৰ্ষণ কৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে শতাংশৰ পৰা দুগুণৰ বাবে প্ৰয়োজনীয় বছৰ পাবলৈ আপুনি এইবাৰ ৭২ ক সুতৰ শতাংশৰ হাৰেৰে হৰণ কৰিলেই হ’ল৷ কোনোবাই যদি কৈছে বিশেষ বিত্তীয় দ্ৰব্য এটাই ১২ শতাংশ ফল দিব, তেন্তে কেইবছৰত দুগুণ হ’ব তাক জানিবলৈ ৭২ ক ১২ ৰে হৰণ কৰক৷ উত্তৰ ৭২ : ১২ ৬৷ অৰ্থাৎ ৬ বছৰত আপোনাৰ জমাৰাশি এই আঁচনিখনত দুগুণ হ’ব৷
এতিয়া আপুনি দ্বিতীয় পৰ্যায়ৰ বিশ্লেষণ আৰম্ভ কৰিব পাৰে৷ ভাৰত চৰকাৰৰ দৰে টকা ছপা কৰাৰ অধিকাৰ থকা ব্যৱস্থা এটাই ‘এন এছ চি’ত এসময়ত ১৪.৪ শতাংশ সুত দিও বৰ্তমান প্ৰায় ৮.৭ শতাংশলৈ কমাইছে৷ তেনেদৰে বেংকৰো মূল ব্যৱসায় হৈছে সুত দি টকা জমা লোৱা আৰু সুতলৈ টকা ধাৰে দিয়া৷ বৰ্তমান বেংকত ফিক্সড ডিপ’জিট কৰিলেও ৮ – ৯ শতাংশৰ আশে পাশেহে সুত পোৱাৰ সম্ভাৱনা আছে৷ তাতকৈ বেছি সুত দিবলৈ বেংকো অপাৰগ৷ এতিয়া প্ৰশ্ন হ’ল কোনোবা এটা প্ৰতিষ্ঠানে আহি আপোনাক কিয় ১৪.৪ শতাংশ ফল দিব বিচাৰিছে৷ তেওঁলোক এই অংগীকাৰ ৰক্ষা কৰিব পৰাকৈ সক্ষমনে? লগতে নাপাহৰিব যিসকল এজেন্টে আপোনাক ‘মই আছো নহয়’ বুলি ক’বলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকৰ কমিছনো কিন্তু উলাই কৰিব পৰাবিধৰ নহয়৷ এই সকলোবিলাক খৰচ বহন কৰিও আপোনাৰ টকা প্ৰতিষ্ঠানটোক লাগে৷ কিন্তু এটা কথা ঠিক বুজিব ভাৰত চৰকাৰৰ বিত্তীয় দ্ৰব্য বা সৰ্বসাধাৰণ বেংকে দিয়া প্ৰচলিত সুতৰ হাৰতকৈ আপোনাক আকৰ্ষিত কৰিব বিচৰা প্ৰতিষ্ঠানটোৰ সুতৰ হাৰ যিমানে বাঢ়ি যাব বিত্তীয় দ্ৰব্যবিধৰ ক্ষতিভয়ৰ আশংকাও কিন্তু সিমানে বাঢ়ি যাব৷ এই দিশটো মন নকৰিলে আপুনি প্ৰতাৰণাৰ জালত ভৰি দিয়াটো একেবাৰে স্বাভাৱিক কথা আৰু বহুতৰে ক্ষেত্ৰত সেইটোৱেই হৈ আহিছে৷ বেছিভাগ সময়তে উচ্চ হাৰৰ ফলৰ বিপৰীতে থকা উচ্চ ক্ষতিভয়ৰ আশংকাবোৰ একেবাৰে গণ্য কৰা নহয়৷ ক্ষতিভয় পানীৰ তলৰ কাঁইট৷ ওপৰৰ পানীখিনি চাই অনুমান কৰিব নোৱাৰি বা পানীত নামিলেও ভৰিত নুফুটালৈকে কাঁইট নাই বুলিয়েই বহুতৰে বিশ্বাস জন্মে৷ কিন্তু যেতিয়া ফুটে, তেতিয়াহে উপলব্ধি হয় সেই বিষ কোন পৰ্যায়ৰ৷
**********
( ৬ নবেম্বৰ,২০১৪ত অসমীয়া প্ৰতিদিনৰ মোৰ নিয়মীয়া শিতানত পূৰ্বে প্ৰকাশিত)
আৰু কেইটামান মনত ৰাখিবলগীয়া এক্সক্লুজন –
কোনো দীঘলীয়া ভ্ৰমণত ওলোৱাৰ প্ৰাকমুহূৰ্তত আপুনি বাৰু কোনকেইটা কথা জনাটো গুৰুত্বপূৰ্ণ? লক্ষ্যলৈ দূৰত্ব, নিৰ্বাচিত বাহনখন, সেই বাহনখনে যাত্ৰাত ল’ব পৰা সম্ভাব্য গতিবেগ, প্ৰয়োজন হ’ব পৰা সময়, গাড়ীখন নিজৰ হ’লে ইন্ধনৰ খৰচ বা আনৰ হ’লে ভাড়া ইত্যাদি ইত্যাদি৷ এনেধৰণৰ কথাবোৰ পৰ্যালোচনা নকৰাকৈ আপুনি নিশ্চয় ভ্ৰমণসূচী নবনায়৷ আনকি যাত্ৰা পথৰ মাজতো লক্ষ্য কৰিব আপুনি কিমান আগুৱালে আৰু কিমান বাকী আছে৷ ঠিক একেদৰে আপোনাৰ ভৱিষ্যতৰ বিত্তীয় প্ৰয়োজনবোৰলৈ বুলি লক্ষ্য কৰি আগবঢ়া যাত্ৰাতো এনেধৰণৰ সতৰ্কতা প্ৰদৰ্শন কৰেনে? কৰাটো প্ৰয়োজন, মংগলজনক৷ বীমা আৰু বিনিয়োগৰ জৰিয়তে এই বিত্তীয় যাত্ৰাত সুফল পাবলৈ কৰা চিন্তা-চৰ্চাকে থোৰতে আপুনি বিত্তীয় পৰিকল্পনা বুলিব পাৰে৷ সেয়ে এই পৰিকল্পনাক আপোনাৰ বিত্তীয় যাত্ৰা পথৰ মানচিত্ৰ (Road Map)বুলিও ক’ব পাৰে৷


বিশ্ব বেংকে দেশ একোখনৰ পেন্সন ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যাওঁতে তলৰ ছডাল মাপকাঠীলৈ প্ৰাথমিকভাবে চকু দিয়ে।তেওঁলোকে লক্ষ্য কৰে দেশখনে কিমান সক্ষমতাৰে সংস্কাৰ সাধি এই ছডালে কৰা নিৰ্দেশনা অনুসৰি পেন্সন ব্যৱস্থাটো সাৰ্থকভাবে বাহাল ৰাখিব পাৰিছে।
সেয়ে ১৯৯৭ৰ সংস্কাৰ মূলতঃ সেই উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যেই অৱসৰ লোৱা বা ভবিষ্যতে লবলগীয়া লোকসকলক প্ৰাধান্য দিয়েই কৰা হৈছিল।সেই সময়ত চীনা কেন্দ্ৰীয় চৰকাৰৰ অনুভৱ আছিল যে পেন্সন ব্যৱস্থাটো স্থানীয়ভাবে পৰিচালনা কৰিলে কম বিশৃংখলতা থাকিব আৰু কেন্দ্ৰীয় চীনা চৰকাৰৰ বোজাও কম হ’ব। এইখিনিতে অৱশ্যে চীনৰ হিউকো (Hukou) নামৰ ঘৰভিত্তিক হোৱা পঞ্জীয়নৰ ব্যৱস্থাটোৰ কথাও আহিব। প্ৰাচীন কালৰে পৰা চলি অহা এই ব্যৱস্থাটোক চীনা কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য চীনৰ পৰা চহৰীয়া চীনলৈ হ’ব পৰা প্ৰব্ৰজনক নিয়ন্ত্ৰণ কৰাৰ বাবেও এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। চৰকাৰৰ অনুমতি অবিহনে প্ৰব্ৰজন কৰা সকলে নতুন ঠাইত গৃহ, স্বাস্থ্য, সন্তানৰ শিক্ষা, পেন্সন আদি মূল স-সুবিধাৰ পৰা বেয়াকৈ বঞ্চিত হৈছিল। কিন্তু চীনে বজাৰ অৰ্থনীতিত প্ৰবেশ কৰাৰ লগে লগে উদ্যোগ বানিজ্যৰ বিকাশ ঘটে।দেশীয় ব্যক্তিগত খণ্ডৰ আত্মপ্ৰকাশৰ লগতে বিদেশী কোম্পানীবোৰৰো আগমণ ঘটে।ফলত কৰ্ম সংস্থাপনৰ বাবে মানুহৰ এখন প্ৰভিন্সৰ পৰা আন এখন প্ৰভিন্সলৈ, এখন চহৰৰ পৰা আন এখন চহৰলৈ আৰু গাওঁৰ পৰা চহৰলৈ প্ৰব্ৰজন বহু পৰিমাণে বৃদ্ধি পালে।কিন্তু এই সকল প্ৰব্ৰজন কৰা মানুহৰ বাবে প্ৰচলিত ব্যৱস্থাটো সমস্যাবহুল হৈ উঠিল।পৰ্টিবিলিটি এতিয়াও চীনৰ পেন্সন ব্যৱস্থাত এটা প্ৰধান সমস্যা।যাৰ বাবে একোজন মানুহে নতুন স্থানত সহজে পেন্সন ব্যৱস্থাৰ লগত নিজকে জড়িত কৰিব নোৱাৰে।ক’ৰবাত পূৰ্বৰ ঠাইত পেন্সনৰ বাবে জমা কৰাৰ সুফল কঢ়িয়াই নিব নোৱাৰে। এইখিনিতে উল্লেখযোগ্য যে সৰ্বনিম্ন ১৫ বছৰ কাম কৰাটো স্তম্ভ 1A আৰু 1B ৰ পৰা পেন্সন পাবৰ বাবে প্ৰয়োজন। তদুপৰি চাকৰিৰ দৈঘ্যতাৰ ওপৰত পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰে।
অসুবিধাজনক জনসংখ্যা বিষয়ক কাৰণ আৰু ইয়াৰ বাবে চীনৰ প্ৰস্তুতি : চীনৰ গড় বয়স বাঢ়িবলৈ লৈছে খুব ক্ষিপ্ৰভাবে।আটাইতকৈ ডাঙৰ কথা এই হাৰ ভবিষ্যতে কমাৰ সম্ভাৱনা নাই, বাঢ়িবহে।ৰাষ্ট্ৰ সংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১৩ চনত চীনত ৬৫ বছৰৰ ঊৰ্ধৰ ব্যক্তি মুঠ জনসাধাৰণৰ ৯ শতাংশ।অনুমান কৰা মতে এই পৰিসংখ্যা ২০৫০ চনত ২৪ শতাংশ আৰু ২০৬৫ ত ৩০ শতাংশ হোৱাৰ সম্ভাৱনা প্ৰবল ( ভাৰতত ২০১৩ চনত প্ৰায় ৫ শতাংশ আৰু ২০৫০ চনত এই অনুপাত প্ৰায় ১৩ শতাংশ হোৱাৰ সম্ভাৱনা।)। এনে পৰিসংখ্যাৰ ভিত্তিত অনুমান কৰিবলৈ কঠিন নহয় যে অনাগত দিনবোৰত পেন্সনৰ বাবে জমা কৰিবলগীয়া মানুহৰ তুলনাত সেই সময়ত পেন্সন বিচৰা মানুহৰ সংখ্যাৰ হাৰ বৃদ্ধি হৈ গৈ থাকিব। চাইনিজ অকাডেমি অৱ চচিয়েল চাইন্সৰ এটা প্ৰতিবেদনৰ মতে প্ৰয়োজনীয় নিয়ন্ত্ৰণৰ অবিহনে ২০৩০ চনত চীনত পেন্সন পুঁজিৰ ঘাটি হ’ব পাৰে।তেওঁলোকে কৰা গণনাৰ মতে ২০৫০ চনলৈ এই মুঠ ঘাটি সেই সময়ৰ চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৯০ শতাংশ হোৱাৰ সম্ভাৱনা।
ইয়াৰ উপৰিও চীনত পেন্সনৰ সমাধানে গৰিষ্ঠসংখ্যক জনসাধাৰণক এতিয়াও সামৰি ল’ব পৰা নাই।এই লেখাটো যুগুতাবলৈ যাওঁতে এটা আকৰ্ষণীয় তথ্য চকুত পৰিছিল।গড় হিচাপত এজন অৱসৰপ্ৰাপ্ত মানুহৰ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা খৰচখিনিৰ উৎস কি সেই বিষয়ে ২০১২ চনত প্ৰকাশ হোৱা লেখা এটাত হু ইউফান (Hu Yifan) নামৰ বিশেষজ্ঞ এজনে কৈছিল যে চহৰীয়া পেন্সনাৰ এজনৰ ক্ষেত্ৰত ৪৫.৪ শতাংশ প্ৰয়োজন পূৰণ হয় দেশখনৰ প্ৰাথমিক পেন্সন ইনচুৰেন্স অৰ্থাৎ স্তম্ভ 1A আৰু 1B ৰ পৰা অহা ধনেৰে।৩৭ শতাংশ প্ৰয়োজনৰ বাবে তেতিয়াও তেওঁলোকে সন্তানৰ মুখলৈ চাব লাগিছিল।উল্লেখযোগ্য যে চীনে ১৯৭৮-৮০ চনৰ ভিতৰত আৰম্ভ কৰা এক সন্তানৰ নীতিৰ বাবে বৰ্তমান পিতৃ-মাতৃক চাব লগা হোৱা লোকসকলে যথেষ্ট গধুৰ দায়িত্ব ল’ব লগাত পৰিছে। কাৰণ তেওঁলোক ভাতৃ-ভগ্নীহীন। ল’ব লগা হৈছে দুটা পৰিয়ালৰ দায়িত্ব। গ্ৰাম্য চীনত বৃদ্ধ পিতৃ-মাতৃৰ সন্তানৰ ওপৰত নিৰ্ভৰশীলতা আৰু অধিক। গড় হিচাপত প্ৰয়োজনৰ প্ৰায় ৫৪.১ শতাংশ ধন আহে সন্তানৰ পৰা, ৩৭.৯ শতাংশ প্ৰয়োজন পূৰণ হয় নিজৰ খেতি পথাৰৰ পৰা।চাইনিজ অকাডেমি অৱ চচিয়েল চাইন্সৰ অন্য এটা প্ৰতিবেদনমতে ২০১২চনত চহৰীয়া চীনা পেন্সনাৰে গড়ে বছৰি ২০,৯০০ ৰেনমিনবি পোৱাৰ বিপৰীতে গ্ৰাম্য চীনৰ এজন অৱসৰপ্ৰাপ্ত কৃষি কৰ্মীয়ে বছৰি গড়ে পায় ৮৫৯ ৰেনমিনবিহে। য’ত নেকি চৰকাৰীভাবে দ্ৰাৰিদ্ৰতাৰ সীমা ৰেখা নিৰ্ণয়ৰ স্ংখ্যাটো হৈছে বছৰি ২,৩০০ ৰেনমিনবি।
টাইফানৱান (Tiefanwan) এটা চীনা শব্দ। ইয়াৰ অৰ্থ হৈছে ‘লৌহ ভাতৰ বাটি’ (Iron Rice Bowl)। ১৯৪৯ চনৰ ১অক্টোবৰত সাম্যবাদ প্ৰতিষ্ঠা হোৱাৰ পাচত চীনৰ চৰকাৰে তেওঁলোকৰ সকলো কৰ্মচাৰীক নিশ্চিত কৰ্ম জীৱন আৰু অৱসৰৰ পাচত চিন্তা কৰিব নলগাকৈ জীয়াই থাকিব পৰা ব্যৱস্থাটোক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল।অৰ্থাৎ ভাতৰ বাটি ভঙাৰ সম্ভাৱনা আৰু নাই। যদিও দৰমহা বা পাৰিশ্ৰমিক কম আছিল সাম্যবাদ প্ৰতিষ্ঠা হোৱা দেশখনত চৰকাৰে স্বাভাবিকভাবেই এই প্ৰচেষ্টাৰে কৰ্মচাৰীসকলক আজীৱন নিৰাপত্তা দিব খুজিছিল। এজন চীনা কৰ্মচাৰীয়ে শেষ দৰমহাৰ প্ৰায় ৮০-৯০ শতাংশ ধনৰ মাহেকীয়া পেন্সন লৈ অৱসৰ জীৱন আৰম্ভ কৰাৰ সুযোগ পাইছিল।
অংকখিনি মুখতে কৰিব পৰাকৈ সহজ বিধৰ নহয়। আজীৱন পেন্সন দিয়াৰ স্বাৰ্থত আঁচনি দুখনে বীমা কোম্পানীৰ দৰে পৰিকল্পনা কৰে। সেয়ে বিভিন্ন পৰিমানৰ বৰঙণি আগবঢ়োৱা লোকসকলক কাক কিমানকৈ মাহেকীয়া পেন্সন দিয়া হ’ব, তাক নিৰ্ধাৰণ কৰিবলৈ এনুইটিৰ বাবে প্ৰযোজ্য হোৱা অংক প্ৰয়োগ কৰা হয়। তথাপি বৰ্ণনা সৰল কৰাৰ স্বাৰ্থত ক’ব পাৰি যে এই ব্যৱস্থাটোত এজন মানুহক অৱসৰৰ দিনত সৰ্বোচ্চ তেওঁৰ শেষ দৰমহাৰ প্ৰায় ৫৯ শতাংশ প্ৰতিস্থাপক অনুপাতেৰে (Replacement Ratio) পেন্সন দিবলৈ চৰকাৰে চেষ্টা কৰে ( স্তম্ভ 1A- ৩৫% + স্তম্ভ 1B- ২৪%)। অংক সহজ কৰিবলৈ ধৰা হওক এজন ব্যক্তিয়ে ৩৫ বছৰ কাল চাকৰি কৰিলে মাহে ১০০০ ৰেনমিনবিত আৰু এই সংখ্যাটো তেওঁৰ চাকৰি কালৰ প্ৰতি বছৰে ঘোষিত হোৱা গড় দৰমহাতকৈ কম আছিল (সমগ্ৰ ৩৫ বছৰ দৰমহা বঢ়া নাই বুলি ধৰিছোঁ অংক সহজ কৰাৰ স্বাৰ্থত)। তেওঁ অৱসৰ লোৱা আগৰ বছৰ চহৰখনৰ গড় দৰমহাও যদি ১০০০ ৰেইমিনবি থাকে, সেই বছৰ তেওঁৰ মাহেকীয়া পেন্সন হ’ব- ১০০০ x ৫৯ % = ৫৯০ ৰেনমিনবি (প্ৰায়) । কিন্তু ই এই কথা নুবুজাই যে প্ৰত্যেকজন চীনা ব্যক্তিয়ে তেওঁৰ শেষৰটো মুঠ দৰমহাৰ ৫৯ শতাংশ পেন্সন হিচাপে পাবলৈ সক্ষম হ’ব। তেওঁৰ চাকৰিকাল যদি ৩৫ বছৰতকৈ কম হয়, সমানুপাতিক ভাবে তেওঁ পাব পৰা পেন্সনো ক’ম হ’ব। ৰ’ব, মুঠ দৰমহাৰ তুলনাত প্ৰতিস্থাপক অনুপাত ইয়াতকৈ বহুত কম হোৱাৰ অৱকাশ আছে। যদিহে তেওঁৰ মুঠ দৰমহাত মূল দৰমহা কম আছিল, কিন্তু বোনাছ, এলাউন্স আদিহে বেছি আছিল ( যিটো ব্যক্তিগত খণ্ডৰ চাকৰিয়ালৰ ক্ষেত্ৰত সততে হয়)। ধৰক, মূল দৰমহা ৫০ শতাংশ আৰু বোনাছ, এলাউন্স আদি ৫০ শতাংশৰে এজন চাকৰিয়ালৰ মুঠ দৰমহা গঠিত। গতিকে ৩৫ বছৰ চাকৰি কৰিলেও অৱসৰৰ পাচত প্ৰকৃত প্ৰতিস্থাপক অনুপাত তেওঁৰ ক্ষেত্ৰত আৰুহে কম হ’ব। ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত ই ২৯.৫ শতাংশ মানহে হ’ব। ইফালে উচ্চ দৰমহাধাৰী মানুহৰ ক্ষেত্ৰতো (যদি দৰমহা গড় দৰমহাৰ তিনি গুণতকৈ বেছি হয়) প্ৰতিস্থাপক অনুপাত ৫৯ শতাংশতকৈ বহুতেই কম হোৱা দেখা যায়।