সৰুতে নিয়মিতভাৱে চান্দমামা পঢ়িছিলো৷ সময় আশী দশকৰ প্ৰথম ভাগ৷ দেউতাৰ লগত যাওঁ এতিয়া অতীত হোৱা ‘পুথিঘৰ’ নামৰ লখিমপুৰ চহৰৰ গ্ৰন্থ বিপণীখনলৈ৷ এই মাহৰ চান্দমামাখন আহিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ভূঞা খুৰাই মূৰ দুপিয়ালে যি পুলক অনুভৱ কৰিছিলো, তাক আজিও পাহৰিব পৰা নাই৷ এই লেখাটোৰ পৰিকল্পনা কৰোতে হঠাৎ মোৰ মনলৈ অহা শব্দ দুটা আছিল ‘হেজাৰপতি’ আৰু ‘লাখপতি’৷ যিমান দূৰ মনত পৰে শব্দ দুটাৰ সৈতে চিনাকি হৈছিলো শিশু গল্প আলোচনীখনৰ পাততেই৷ কোনো গল্পত দুজন অৰ্থৱান মানুহক বুজাবলৈ কৰা বৰ্ণনাৰ অংশ আছিল এই বিশেষ্য দুটা৷ হেজাৰপতি অৰ্থাৎ হেজাৰ হেজাৰ টকাৰ মালিক৷ লাখপতি অৰ্থাৎ লাখ লাখ টকাৰ মালিক৷ লাখপতি বাৰু যেনতেন, হেজাৰপতিক আজিৰ যুগত নিশ্চয় অৱস্থাপন্ন বুলি আখ্যা দিব নোৱাৰি৷ হেজাৰ টকা শেষ হ’বলৈ কিমান পৰ? হয়তো তাহানিৰ হেজাৰপতিৰ স্থান আজিৰ লাখপতিয়ে ল’লে আৰু তাহানিৰ লাখপতিৰ স্থান ল’লে আজিৰ কোটিপতিয়ে৷
চেম্বাৰত মোৰ মুখামুখিকৈ বহি থকা ৩০ বছৰীয়া ব্যক্তিজনে ৬০ বছৰ বয়সত অৱসৰ ল’ব খোজে৷ তেওঁৰ প্ৰয়োজন এটা অৱসৰ পৰিকল্পনাৰ৷
ঃ আপোনাক ৬০ বছৰ বয়সত কিমান টকাৰ প্ৰয়োজন হ’ব বুলি ভাবে, যিখিনি টকাৰে নেকি আপুনি আজীৱন অসুবিধা নোপোৱাকৈ চলি যাব পাৰে? যুৱকজনৰ প্ৰয়োজনৰ প্ৰতি থকা ধাৰণাটোক বুজিবলৈ প্ৰশ্নৰ অৱতাৰণা কৰিলো৷
: এক কোটিমান লাগিব কিজানি৷ আপুনি কি কয়? যুৱকৰ উত্তৰ আৰু প্ৰতিপ্ৰশ্ন৷ অনুমান হ’ল তেওঁ বিশেষ নভবাকৈ সংখ্যাটো মুখত লৈছে৷ কাৰণ কোটি এতিয়াও বহু টকা৷ সেয়ে কোটিৰ এতিয়াও এটা ৰোমাণ্টিক আবেদন আছে৷
: চাওক, ২০১৫ চনৰ এক কোটি আৰু ২০৪৫ চনৰ এক কোটি একেই নহয় কিন্তু ৷ মুদ্ৰাস্ফীতিৰ বাবে টকাই নিজৰ ক্রয় ক্ষমতা হেৰুৱায়৷ ৩০ বছৰৰ পিচৰ এক কোটি টকাক আজিৰ মূল্যত চাবলৈ হ’লে আমি মুদ্ৰাস্ফীতিক গণ্য কৰিব লাগিব৷ ধৰক সন্মুখত থকা সমগ্ৰ ৩০ বছৰত গড় হিচাপে মুদ্ৰাস্ফীতিৰ হাৰ যদি ৮ শতাংশ হয, তেন্তে ২০৪৫ চনৰ এক কোটি টকাৰ বৰ্তমান মূল্য হ’ব প্ৰায় ১০ লাখ৷ অৰ্থাৎ আজিৰ ১০ লাখ টকাৰে যিখিনি দ্ৰব্য আৰু সেৱা কিনিব পাৰিম, ২০৪৫ চনত একেখিনি দ্ৰব্য আৰু সেৱা ক্রয় কৰিবলৈ এক কোটি টকা লাগিব৷ এতিয়া আপোনাৰ প্ৰয়োজনীয়তাৰ দিশৰ পৰা চাবলৈ গ’লে প্ৰশ্নটো হ’ব এনেকুৱা – আজিৰ ৬০ বছৰীয়া মানুহ এজনৰ হাতত দহ লাখ টকা তুলি দিলে যি স্বচ্ছন্দ্যতাৰে অৱসৰ জীৱন নিৰ্বাহ কৰিব পাৰিব, তেনে আৰ্থিক মানৰ জীৱন যাত্ৰা আপোনাৰ কাম্য হয় নে নহয়?
একেলগে দীঘলীয়াকৈ কথাখিনি কৈ উত্তৰ বিচাৰি যুৱকজনৰ চকুলৈ চালো৷ যুৱকৰ চকুত আশ্বৰ্যৰ প্ৰতিফলন৷ তেওঁ যেন বিশ্বাসেই কৰিব পৰা নাই ২০৪৫ চনৰ এক কোটি আৰু ২০১৫ চনৰ ১০ লাখৰ মূল্য সমান বুলি আগবঢ়োৱা মোৰ ব্যাখ্যা৷ সাধাৰণতেই এনে হয় আৰু সেইবাবেই মই গুৰুত্ব দিওঁ প্ৰথমে পৰিকল্পনাক৷ তাৰ পিচতহে বিনিয়োগ৷ ভৱিষ্যৎ দিনৰ টকাৰ সংখ্যা এটা যথেষ্ট হ’ব বুলি আধাৰবিহীনভাৱে অনুমান কৰি আগবঢ়া বিনিয়োগে আপোনাক চৰম শ’লঠেকত পেলোৱাৰ সম্ভাৱনা প্ৰবল৷ তাতে অৱসৰৰ পৰিকল্পনা৷ মানুহ এজনে উপাৰ্জন কৰি থকা দিনবোৰৰ কথা অলপ বেলেগ৷ প্ৰয়োজনৰ টকা কমিলে বেলেগ উৎস বা উপাৰ্জনৰ পৰা আনি কম হোৱা টকাখিনি মিলাবলৈ সুবিধা থাকে৷ বৰ প্ৰয়োজনত ধাৰো কৰিব পাৰি৷ অৱসৰৰ পিচত কিন্তু গোটেই কথাবোৰ সুকীয়া হৈ যায়৷ কাৰণ ধন প্ৰৱাহ আগৰ দৰে হৈ নাথাকে৷ সেয়ে ‘টকাৰ সময় মূল্য’ ধাৰণাটোৰ পৰা সম্ভাব্য মুদ্ৰাস্ফীতিৰ গাত ভেজা দি সেইটো কোন চনৰ টকা আৰু তাৰ বৰ্তমান মূল্য কিমান তাক জানিবলৈ বিনিয়োগ কৰাৰ পূৰ্বেই যত্ন কৰা উচিত৷
প্ৰিয় পাঠক, সামগ্ৰিকভাৱে অৱসৰ পৰিকল্পনাৰ কথা আলোচনা কৰাটো আজিৰ উদ্দেশ্য নহয়৷ কিন্তু এই টকাক সময়ৰ ভিত্তিত মূল্যায়ন কৰিবলৈ নজনাটো যে কিমান বিপজ্জনক হ’ব পাৰে তাক উপলব্ধি কৰিবলৈ আপোনাক হেঁচুকি দিয়াটোৱেই মোৰ লক্ষ্য৷ এইবাৰ আহকচোন অন্য এটা দৃষ্টিকোণৰ পৰা ‘টকাৰ সময় মূল্য’ চাবলৈ যত্ন নকৰা বিনিয়োগ পদ্ধতি এটালৈ চকু দিওঁ৷ বয়সস্থ লোকসকলৰ মাজত বেংক ফিক্সড ডিপ’জিট জনপ্ৰিয়৷ দেখিছো, বহু বয়সস্থ লোকে পৰিকল্পনা কৰে ফিক্সড ডিপ’জিটৰ সুতেৰে মাহেকীয়া খৰচ চলাই নিবলৈ৷ ধাৰণা – সুতখিনি খৰচ কৰিম আৰু মূলখিনি মূল হৈ ৰৈ যাব৷ মোৰ মাও এই ধাৰণাৰ উৎসাহী প্ৰবক্তা৷ ধাৰণাটোক পৰীক্ষাগাৰলৈ আনো আহক৷ ধৰক ৬০ বছৰীয়া ব্যক্তি এজনৰ ৩০ লাখ টকা আছে৷ তেওঁৰ অৱসৰকালীন জীৱনৰ খা-খৰচৰ বাবে এই টকাখিনিক বাদ দি অন্য কোনো সম্বল নাই৷ তেওঁৰ পৰিকল্পনা – এই ৩০ লাখ টকাৰ ফিক্সড ডিপ’জিটৰ পৰা আহৰণ কৰা সুত মাহেকীয়াকৈ খৰচৰ বাবে ব্যৱহাৰ কৰিব৷ এনে কৰিলে ৩০ লাখ টকাৰ ৮ শতাংশ হাৰত বছৰি সুত হ’ব ২ লাখ ৪০ হেজাৰ টকা৷ অৰ্থাৎ আমি থূলমূলকৈ ক’ব পাৰো যে তেওঁৰ ছেভিংছ বেংক একাউণ্টত মাহিলি ২০ হেজাৰ টকাকৈ সোমাব৷ ২০১৫ চনৰ ২০ হেজাৰ টকাত তেওঁ সুখী৷ ব্যক্তিজনে অনাগত ৩০ বছৰ এনে পদ্ধতিৰে চলি যাম বুলি ভাবিছে৷ এইবাৰ আমি চাওঁ ২০২৫, ২০৩৫ আৰু ২০৪৫ চনৰ ২০ হেজাৰ টকাৰ মূল্য আজিৰ দিনটোত কি হ’ব, যদিহে সমগ্ৰ সময়খিনিত গঢ়ে ৮ শতাংশ হাৰত মুদ্ৰাস্ফীতি অব্যাহত থাকিব বুলি ধৰি লওঁ৷ অংকই কয় ২০২৫ চনৰ ২০ হেজাৰ টকাৰ মূল্য আজিৰ ৯,২৬৪ টকাৰ সমান৷ ২০৩৫ চনৰ ২০ হেজাৰ টকাৰ মূল্য আজিৰ ৪,২৯১ টকাৰ সমান আৰু ২০৪৫ চনৰ ২০ হেজাৰ টকাৰ মূল্য আজিৰ ১,৯৮৭ টকাৰ সমান৷ বেলেগে আৰু কিবা ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে জানো?
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ১৯ মার্চ, ২০১৫ তাৰিখে প্ৰকাশ পাইছিল)
মিউচুৱেল ফাণ্ড মানে কি :- এতিয়াও বহুতৰে বাবে মিউচুৱেল ফাণ্ড সম্পৰ্কীয় এইটোৱেই হৈছে প্ৰথম প্ৰশ্ন। যদিও আমাৰ দেশত এই বিনিয়োগ ব্যৱস্থা আৰম্ভ হোৱা ৫০ বছৰতকৈ বেছি হ’ল, এতিয়াও কিন্তু ব্যৱস্থাটোৱে অতি কমসংখ্যক মানুহকহে চুবগৈ পাৰিছে।আজিৰ এই লেখাটোত মই সেইসকল ব্যক্তিক উদ্দেশ্যি লিখিব খুজিছোঁ, যিসকলে এতিয়াও মিউচুৱেল ফাণ্ডৰ নাম শুনাই নাই বা শুনিছে যদিও সেই বিষয়ে এতিয়াও তেওঁলোকৰ ধাৰণা স্পষ্ট নহয়।
বেছিভাগ বিত্তীয় সিদ্ধান্তই তন্ত্ৰ -১ আৰু তন্ত্ৰ -২ ৰ মাজত সৃষ্টি হোৱা বাদানুবাদ অতিক্রম কৰিবলগা হয়৷ কিমান কঠিন এই প্ৰক্রিয়া তাক বুজিবলৈ বিখ্যাত ‘মূলাৰ – লায়াৰ ভ্ৰম’(Muller – Lyer Illusion) টোক শেষত আপোনালোকলৈ আগবঢ়ালো৷ চিত্ৰত দেখুওৱা A আৰু B সমান্তৰাল ৰেখা দুডাললৈ মন কৰক৷ দুয়োডাল ৰেখাৰ পাৰ্থক্য হ’ল ৰেখা দুডালৰ দুয়োমূৰে থকা কাঁড় চিহ্ন৷ আপাতদৃষ্টিত তলৰ B ৰেখাডাল Aতকৈ দীঘল যেন লগা নাইনে? কিন্তু স্কেল আনি আপুনি যদি জুখি চায় তেন্তে দেখিব যে A আৰু B দুয়োডাল ৰেখাই জোখত প্ৰকৃততে সমান৷ অৰ্থাৎ আপুনি তন্ত্ৰ -২ ক প্ৰয়োগ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিলে৷ আকৌ এবাৰ ছবিখন চাওক৷ এইবাৰ সকলো তথ্য জনাৰ পাচতো তলৰ B ৰেখাডাল Aতকৈ দীঘল যেন লগা নাইনে? কিয় এনে হয়? কিয় বাৰে বাৰে তন্ত্ৰ -১-এ প্ৰাধান্য বিস্তাৰ কৰিব বিচাৰে? ডেনিয়েল কাহ্নেমেনে কয় ‘তুমি মনত পেলাবলৈ শিকিবই লাগিব যে তোমাৰ স্কেল ব্যৱহাৰৰ প্ৰয়োজন আছে৷’
দৈনিক বজাৰত শিকাৰু ক্রেতা হিচাপে প্ৰৱেশ কৰা দিনতে দেউতাৰ পৰা পোৱা উপদেশ ‘প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি বজাৰ কৰিবি৷ কিনাৰ আগতে এপাক বজাৰখন ঘূৰি চাই ল’বি৷ বস্তু ভাল-বেয়া চোৱাৰ লগতে দামৰো তুলনা কৰিবি৷’ অথচ আজিও মাজে মাজে এই নীতি পাহৰি পস্তাই থাকো৷ এই ধৰক, মাছৰ বজাৰত সোমায়ে ভাল দেখি ঘপহকৈ কিনি পেলালো মাছখিনি৷ দাম বাৰু অলপ কমালো, কিন্তু কিনাৰ শেষত আগবাঢ়ি যাওঁতেহে দেখিলো যে দুখোজ আঁতৰত মই লোৱাতকৈ সতেজ মাছ তুলনামূলকভাৱে কম দামতে বেচি আছে অন্য এজন বেপাৰীয়ে৷ আন কেতিয়াবা আকৌ এসাঁজৰ জোখাৰে কটা মাছ অলপ ল’ম বুলি বজাৰত সোমাওঁ৷ দৰ-দামৰ সময়ত বেপাৰীৰ অংকত পতিয়ন যাওঁ যে মাছ গোটাকৈ কিনিলে কিমান লাভ৷ এসাজঁৰ জোখাৰে কিনিবলৈ গৈ চাৰি সাজঁতো শেষ নোহোৱা মাছ কিনি ঘৰলৈ আহি থাকোতেহে মনত পৰে অহ! কাইলৈ দেখোন শনিবাৰ৷ শনিবাৰে ঘৰত নিৰামিষহে চলে৷ ছেঃ, কেনেকৈ যে বাৰটোৰ কথা পাহৰি গ’লো৷
এমাহৰ আগতে প্ৰকাশ হোৱা ‘৭২ ৰ নিয়ম আপুনি জানেনে?’ শীৰ্ষক লেখাটোৰ বাবে যথেষ্টসংখ্যক ব্যক্তিৰ পৰা ফোন পাইছো৷ বহুতে কৈছে এই সহজ নিয়মটোৰ বিষয়ে তেওঁলোক পূৰ্বতে অৱগত নাছিল৷ আজি সেই ৭২ ৰ নিয়মৰ জৰিয়তে আন কিছুমান দৰকাৰী কথা পৰ্যালোচনা কৰিব খুজিছো৷ যিসকলে পূৰ্বৰ লেখাটো পঢ়া নাছিল, তেওঁলোকৰ বাবে প্ৰথমে ৭২ৰ নিয়মটোক সংক্ষেপে পুনৰ ক’ব খুজিছো৷ কোনো বিনিয়োগ কেই বছৰত দুগুণ হ’ব তাক জানিবলৈ ৭২ ক সেই বিত্তীয় দ্ৰব্যবিধৰ ফলৰ হাৰেৰে হৰণ কৰক৷ ধৰক আপুনি যিটো দ্ৰব্যত বিনিয়োগ কৰিছে, তাৰ ফল বছৰি চক্রবৃদ্ধি হাৰত ৮ শতাংশ৷ এতিয়া৭২ ক ৮ ৰে হৰণ কৰক৷ উত্তৰ ওলাল ৯ অৰ্থাৎ ৯ বছৰত আপোনাৰ এই বিনিয়োগ দুগুণ হ’ব৷ আনহাতে ৭২ ক দুগুণ হ’বলগা বছৰৰ সংখ্যাৰে হৰণ কৰিলেও আমি পাম বাৰ্ষিক চক্রবৃদ্ধি ফলৰ হাৰ ৷ অৰ্থাৎ কোনো বিনিয়োগ যদি ৬ বছৰত দুগুণ হয়, তেন্তে বাৰ্ষিক চক্রবৃদ্ধি হাৰ পাবলৈ ৭২ ক ৬ ৰে হৰণ কৰিলেই হ’ল৷ উত্তৰ ওলাব ১২৷ ইয়াৰ অৰ্থ হ’ল কোনো বিনিয়োগ ৬ বছৰত দুগুণ হ’বলৈ হ’লে ১২ শতাংশ বাৰ্ষিক চক্রবৃদ্ধি হাৰত ফল পাব লাগিব৷ অৱশ্যে এটা কথা কৈ নথ’লে ভুল হ’ব যে ই এটা মোটামুটিধৰণৰ হিচাপহে৷ ফাইনেন্সিয়েল কেলকুলেটৰৰ দৰে সঠিক নহয়৷ কিন্তু ইয়াক আধাৰ হিচাপে লৈ কৰা আমাৰ পৰৱৰ্তী পৰ্যায়ৰ অংকবোৰে আমি পৰীক্ষা কৰিব বিচৰা কথাকেইটাৰ কিন্তু সঠিকভাৱেই দিক্ নিৰ্দেশনা কৰে৷ ফাইনেন্সিয়েল কেলকুলেটৰৰ অবিহনে সাধাৰণ পূৰণ-হৰণৰ জৰিয়তে কৰা এই পৰীক্ষাবোৰৰ গ্ৰহণযোগ্যতা তাতেই৷ আজি ৭২ৰ নিয়মৰ জৰিয়তে আমি তিনিটা সত্যৰ পৰীক্ষা কৰিব খুজিছো – 