আপোনালৈ এক লাখ টকা আগবঢ়োৱা হ’ল এটা চৰ্তত – আপুনি খেল এখনত অংশগ্ৰহণ কৰিব লাগিব৷ সেই খেলত তলত দিয়া দুটা পছন্দৰ মাজৰ পৰা এটাক নিৰ্বাচন কৰাৰ প্ৰয়োজন৷
(ক) ৫০ শতাংশ সম্ভাৱনা অন্য এক লাখ টকা লাভ কৰাৰ আৰু ৫০ শতাংশ সম্ভাৱনা নতুনকৈ একো নোপোৱাৰ৷
(খ) ১০০ শতাংশ নিশ্চিতি আৰু ৫০ হেজাৰ টকা লাভ কৰাৰ৷
এতিয়া কওক, কোনটোক নিৰ্বাচন কৰিব আপুনি? আপুনি যদি আন সাধাৰণ মানুহৰ দৰে ভাবে, তেন্তে আপোনাৰ বাছনিত ‘খ’ উঠিব৷ নহয়নে? এইক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী – এক লাখ টকা পোৱাৰ আশাত নিশ্চিত ৫০ হেজাৰ টকা হেৰুৱাৰ যুক্তি নাই৷ ঠিক ‘কৌন বনেগা কৌৰপতি’ত অংশগ্ৰহণকাৰীয়ে স্বইচ্ছাই নিজকে খেলৰ পৰা আঁতৰাই অনাৰ দৰে৷ বেছ, এইবাৰ তেনে’হলে আন এখন খেলৰ সন্মুখীন হওকচোন৷ আপোনাক এইবাৰ দুইলাখ টকা দিয়া হ’ল আৰু কোৱা হ’ল আগৰ বাৰৰ দৰে দুটাৰ মাজৰ পৰা এটাক বাছনি কৰিবলৈ –
(গ) ৫০ শতাংশ সম্ভাৱনা এক লাখ টকা হেৰুৱাৰ আৰু ৫০ শতাংশ সম্ভাৱনা একো নেহেৰুৱাৰ৷
(ঘ) ১০০ শতাংশ নিশ্চিতি ৫০ হেজাৰ টকা হেৰুৱাৰ৷
এইবাৰো যদি আপোনাৰ মনোভাব গৰিষ্ঠসংখ্যক মানুহৰ দৰে হয, তেন্তে আপুনি নিৰ্বাচন কৰিব ‘গ’ক৷ এইবাৰ কিন্তু আপোনাৰ মতাদৰ্শ সলনি হ’ল৷ আপোনাৰ মনোভাব – নিশ্চিতভাৱে ৫০ হেজাৰ টকা হেৰুৱাতকৈ একো নেহেৰুৱাৰ সুযোগটো নলওঁ কিয়? লক্ষ্য কৰক, প্ৰথম প্ৰশ্নত আপুনি আছিল ক্ষতিভয় (Risk) গ্ৰহণ নকৰাৰ সপক্ষে৷ কিন্তু দ্বিতীয় প্ৰশ্নত আপোনাৰ স্থিতি ক্ষতিভয় গ্ৰহণ কৰাৰ পক্ষে৷ কিয় এই বিপৰীত স্থিতি? আপুনি যদি গভীৰভাৱে লক্ষ্য কৰে তেন্তে দেখিব ‘ক’ আৰু ‘গ’ৰ সামগ্ৰিক অৰ্থনৈতিক মূল্য একে৷ ঠিক তেনেদৰে একে ‘খ’ আৰু ‘ঘ’ৰ সামগ্ৰিক অৰ্থনৈতিক মূল্য৷ কেনেকৈ চাওঁ আহক৷ আপোনাৰ প্ৰথম প্ৰশ্ন সোধাৰ আগতেই দিয়া হৈছে এক লাখ টকা৷ এতিয়া যদি আপোনাৰ নিৰ্বাচন ‘খ’ হয় তেন্তে সামগ্ৰিকভাৱে আপুনি পাব ডেৰ লাখ টকা (১,০০,০০০+৫০,০০০=১,৫০,০০০)৷ ঠিক একেদৰে দ্বিতীয় প্ৰশ্নত ‘ঘ’ নিৰ্বাচন কৰা মানেও আপুনি সামগ্ৰিকভাৱে ডেৰ লাখ টকাই পাব (২,০০,০০০-৫০,০০০=১,৫০,০০০)৷ কিন্তু আপুনি কথাবোৰ সামগ্ৰিকভাৱে চোৱা নাই৷ প্ৰথম আৰু দ্বিতীয় প্ৰশ্নৰ সোধাৰ আগে যেতিয়াই আপোনাক ক্রমে এক আৰু দুই লাখ যচা হ’ল সেইখিনিক মনটোৱে আপোনাৰ সম্পত্তিৰ অংশ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰি দিছিল৷ সেয়ে আপোনাৰ সিদ্ধান্তৰ চিন্তা-চৰ্চাত তাৰ পাচৰ কথাখিনিহে গুৰুত্ব লাভ কৰিছিল৷ অৰ্থাৎ আপোনাৰ বাবে প্ৰথম প্ৰশ্নত ‘খ’ৰ নিৰ্বাচন মানে ৫০ হেজাৰ টকা প্ৰাপ্তি আৰু দ্বিতীয় প্ৰশ্নত ‘ঘ’ৰ নিৰ্বাচন মানে ৫০ হেজাৰ টকাৰ লোকচান৷ নহয়নে বাৰু? প্ৰিয় পাঠক, এয়াই হৈছে ডেনিয়েল কাহনেমেন আৰু এম’ছ টিভাৰ্স্কি আচৰণ সম্বন্ধীয় অৰ্থনীতিলৈ অনবদ্য অৱদান প্ৰত্যাশা তত্ত্ব (Prospect Theory)৷ এই তত্ত্বই ব্যাখ্যা কৰে বৰশী বাবলৈ গৈ একেবাৰে মাছ নোপোৱাতকৈ বৰশীৰ চিপ মাৰোতে মাছ পানীত পৰাৰ বাবে ঘৰলৈ শুদাহাতে আহিবলগা হোৱাটোত দুখ কিয় বেছি? দৰমহা ২০ শতাংশ বাঢ়িব বুলি ভিতৰুৱা খবৰৰ ভিত্তিত এবাৰ আনন্দ কৰি লোৱাৰ পাচতে প্ৰকৃততে ১০ শতাংশ বাঢ়িলেও কিয় দুখ লাগে? এই সকলোবোৰৰ বাবে দায়ী আমাৰ মানসিক প্ৰসংগ বিন্দু (Reference Point)৷ মাছ বৰশীত লাগি পানীৰ ওপৰলৈ আহিল কি নাহিল বৰশী বোৱাজনৰ মনটোৱে সেই মাছটোৰ ওপৰত মালিকীসত্ব সাব্যস্ত কৰি দিছিল৷ দৰমহা ২০ শতাংশ বাঢ়িব বুলি ঘুনুক-ঘানাককৈ শুনা অসমৰ্থিত সূত্ৰৰ তথ্যৰ ভিত্তিত চাকৰিয়ালজনে ভৱিষ্যতৰ বৰ্ধিত দৰমহাটোৰ প্ৰভাৱ ইতিমধ্যে অনুভৱ কৰিবলৈ আৰম্ভ কৰি দিছিল৷ বিনিয়োগৰ ক্ষেত্ৰতো প্ৰত্যাশা তত্ত্বই ব্যাখ্যা কৰে কেনেকৈ মানুহে লাভ-লোকচানৰ তাৎক্ষণিক আৱেগৰ ভিত্তিত বিনিয়োগৰ সিদ্ধান্ত লয়, য’ত বিনিয়োগৰ লক্ষ্য আৰু সামগ্ৰিক পৰিস্থিতি বিচাৰ-বিবেচনালৈ নহাকৈয়ে ৰৈ যায়৷ উদাহৰণস্বৰূপে বিগত বৰ্ষত ৫০ শতাংশ ফল পোৱা বহু ইকুইটি বিনিয়োগকাৰীয়েও পৰৱৰ্তী কোনো বৰ্ষত ২০ শতাংশ ঋণাত্মক ফল পালে, তেওঁ সামগ্ৰিকভাৱে দীৰ্ঘদিনৰ বিনিয়োগৰ ইতিহাস তথা ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ ফালে লক্ষ্য নকৰি মাত্ৰ ঋণাত্মক ফলৰ বৰ্ষটোৰ ওপৰত অত্যধিক গুৰুত্ব দি ভুল সিদ্ধান্ত ল’বলৈ প্ৰৰোচিত হয়৷
এই প্ৰত্যাশা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে লোকচান বিতৃষ্ণা (Loss Aversion)৷ কোনো মানুহেই হেৰুৱাবলৈ ভাল নাপায়৷ এহেজাৰ টকা পোৱাৰ আনন্দতকৈ এহেজাৰ টকা হেৰুৱাৰ দুখ বেছি৷ ডেনিয়েল কাহ্নেমেন আৰু এম’ছ টিভাৰ্স্কিৰ পৰীক্ষা-নিৰীক্ষাৰ ভিত্তিত ক’ব পাৰি যে বেছিভাগ মানুহৰ ক্ষেত্ৰতে এহেজাৰ টকা হেৰুৱাৰ দুখ ডেৰৰ পৰা আঢ়ৈ হেজাৰ টকাৰ ভিতৰত পোৱা আনন্দৰ সমান৷ আপোনাৰ ক্ষেত্ৰত এই অনুপাতটো কিমান তাক পৰীক্ষা কৰি চাব পাৰে৷ ধৰক বাজি লগোৱাৰ প্ৰতি আপোনাৰ কোনো নৈতিক বিৰোধ নাই আৰু এশ টকাক যি মৰ্যাদাৰে ব্যৱহাৰ কৰে এক লাখ টকাকো একে মৰ্যাদাসহ ব্যৱহাৰ কৰে৷ এতিয়া এটা মুদ্ৰা টচ কৰা হ’ল৷ হেড পৰিলে আপুনি এহেজাৰ টকা দিব লাগিব৷ যদি টেইল পৰে ন্যূনতম কিমান টকা পালে আপুনি সেই খেলখনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হ’ব? এই লোকচান বিতৃষ্ণাই বহু মানুহক অত্যন্ত ৰক্ষণশীল কৰি তোলে৷ মুদ্ৰাস্ফীতিৰ কথা বিবেচনা নকৰাকৈ লাখ লাখ টকা বহুতেই ছেভিংছ একাউণ্টত পেলাই ৰাখে৷ যদি ৮ শতাংশ মুদ্ৰাস্ফীতি হয় আৰু ৪ শতাংশ ছেভিংছ একাউণ্টৰ সুত তেন্তে দেখ-দেখকৈ তেওঁ পোৱা প্ৰকৃত ফল ঋণাত্মক৷ আনহাতে লোকচান বিতৃষ্ণাই কোনোবাজনক কৰি তোলে সৰ্বস্বান্ত জুৱাৰী৷ হেৰুৱাখিনি ঘূৰাই পাবলৈকে অত্যধিক ক্ষতিভয় গ্ৰহণ কৰিবলৈকো তেওঁলোকে কুন্ঠাবোধ নকৰে৷ মই ভাবো ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল মহাভাৰতত বৰ্ণিত পাণ্ডৱ-কৌৰৱৰ বিখ্যাত পাশাখেলখনৰ শেষৰ ফালে যুধিষ্ঠিৰৰ মানসিকতা৷ সাধাৰণ অৱস্থাত যুধিষ্ঠিৰে নিশ্চয় কেতিয়াও দ্ৰৌপদীক পাশাখেলৰ পণ হিচাপে ব্যৱহাৰ নকৰিলেহেঁতেন৷ কিন্তু দ্ৰৌপদীক পণ হিচাপে আগবঢ়াই দিয়াৰ আগমুহূৰ্তত গুণী-জ্ঞানী যুধিষ্ঠিৰ এজন সম্পদহীন, ৰাজ্যহীন ৰজা৷ তেওঁৰ সন্মুখত আছিল দুটা পছন্দ-
(১) দ্ৰৌপদী আৰু ধন-সম্পদসহ ৰাজ্য হেৰুৱা অথবা একো নেহেৰুৱা৷
(২) নিশ্চিতভাবে ধন-সম্পদসহ ৰাজ্য হেৰুৱা৷
লোকচান বিতৃষ্ণাত জৰ্জৰিত যুধিষ্ঠিৰৰ সেই বাজিটো কিজানি আছিল একো নেহেৰুৱাবলৈ কৰা শেষ চেষ্টা৷
*******
আপুনি ৰিস্ক থকা বুলি জানিও ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব খুজিছে। কিয় ? নিশ্চয় বেছি ৰিটাৰ্নৰ আশাত, নহয় জানো ? বেংকৰ ফিক্সড ডিপ’জিট জাতীয় বিত্তীয় দ্ৰব্যবোৰে আগবঢ়োৱা ৰিটাৰ্নত সুখী হ’ব পৰা হ’লে আপুনি নিশ্চয় উত্থান-পতনৰ অনিশ্চয়তা থকা বাট এটাৰে ফল নিবিচাৰিলেহেঁতেন। বজাৰত উপলব্ধ ৰিস্ক নোলোৱাকৈ পাব পৰা ৰিটাৰ্নৰ তুলনাত যি অতিৰিক্ত ফল ফাণ্ড এটাই বিগত সময়ত দিছে, সেইখিনি পাবলৈ যাওঁতে বিনিয়োগকাৰীয়ে গ্ৰহণ কৰিবলগীয়া হোৱা প্ৰতি একক ৰিস্কৰ বিপৰীতে সেই ফলনো কেনেকুৱা তাক সংখ্যাত চাব পৰা এটা সঁজুলি হৈছে শ্বাৰ্প অনুপাত। ইয়াৰ উদ্ভাৱক হৈছে উইলিয়াম এফ শ্বাৰ্প। অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯০ চনৰ ন’বেল স্মাৰক বঁটা এওঁলৈ আগবঢ়োৱা হয় আৰু সন্মান হিচাপে এই অনুপাতটোৰ নামকৰণো শ্বাৰ্প অনুপাত ৰখা হয়। বিনিয়োগৰ পৃথিৱীত বহুলভাৱে ব্যৱহাৰ হোৱা এই অনুপাতটোৰ বিষয়ে অলপ জানো আহক।
‘ছেনছেক্স’ হৈছে ব’ম্বে ষ্টক এক্সচেঞ্জৰ এটা চিনাকি সূচক।বিভিন্ন ক্ষেত্ৰৰ ৩০ টা কোম্পানীৰ ষ্টক বিভিন্ন অনুপাতত লৈ ইয়াক নিৰ্মাণ কৰা হৈছে (ষ্টক এক্সচেঞ্জত ক্ৰয়-বিক্ৰয় চলা প্ৰতিটো দিনতে এই অনুপাত সলনি হয়)।যিসকল বিনিয়োগকাৰীয়ে ছেনছেক্সৰ অনুপাতত সেই বিশেষ ৩০ টা কোম্পানীত বিনিয়োগ কৰি যাব খোজে আৰু ছেনছেক্সৰ আশে-পাশে থকা ৰিটাৰ্নত সুখী হোৱাৰ পৰিকল্পনা কৰে, তেওঁলোকে মিউচুৱেল ফাণ্ডৰ ছেনছেক্স ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব পাৰে।য’ত ফাণ্ড মেনেজাৰৰ ষ্ট’ক কিনা-বেচাত কোনো ভূমিকা নাথাকে। সেয়ে এনেধৰণৰ বিনিয়োগ পদ্ধতিক নিষ্ক্ৰিয়(পেছিভ)ব্যৱস্থাপনা বা নিষ্ক্ৰিয় বিনিয়োগ বুলি কোৱা হয়।ইয়াৰ বিপৰীতে যিবিলাক মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰ থাকে আৰু বিনিয়োগৰ লক্ষ্য নিজৰ বাবে নিৰ্ধাৰিত বেন্সমাৰ্কতকৈ উন্নত ফলাফল দাঙি ধৰা, তেনে পদ্ধতিক সক্ৰিয় (এক্টিভ) ব্যৱস্থাপনা বা সক্ৰিয় বিনিয়োগ বুলি কোৱা হয়। কাৰণ প্ৰতিটো কিনা-বেচাৰ সিদ্ধান্তৰ বাবে ফাণ্ড মেনেজাৰৰ সক্ৰিয় ভূমিকা থাকে।ছেনছেক্সক ইয়াত মাত্ৰ উদাহৰণ হিচাপেহে লোৱা হৈছে ইনডেক্স ফাণ্ডৰ কথা বুজাবলৈ।
মিউচুৱেল ফাণ্ডৰ আঁচনি এখন কেতিয়া ভাল বুলি ক’ম ? যেতিয়া ভাল ৰিটাৰ্ন দিয়ে, নহয় জানো ? কিমান শতাংশ ৰিটাৰ্নক ভাল বুলি ধৰিম ? বিশেষকৈ যেতিয়া বজাৰ দীৰ্ঘসময়ৰ বাবে বেয়া থাকে তেতিয়া ভাল ইকুইটি আঁচনি এখন কেনেকৈ নিৰ্বাচন কৰিম ? এনেধৰণৰ সমস্যাৰ মুখামুখি হ’বলগাত পৰে মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰী।যিহেতু বেংক ফিক্সড ডিপ’জিটজাতীয় বিত্তীয় দ্ৰব্যৰ দৰে পূৰ্বনিৰ্ধাৰিত ৰিটাৰ্ন মিউচুৱেল ফাণ্ডত ঘোষণা কৰিব নোৱাৰে, অৰ্থাৎ ৰিটাৰ্ন বজাৰনিৰ্ভৰ, সেয়ে ইয়াত ভাল-বেয়া সেয়া মাত্ৰ তুলনাৰ জৰিয়তেহে সম্ভৱ।সেই তুলনা সাধাৰণতে দুটা ৰিটাৰ্নৰ লগত কৰিব পাৰি।(১) সেই বিশেষ ফাণ্ডটোৰ বেন্সমাৰ্কৰ লগত আৰু (২) সেই শ্ৰেণীটোৰ সমস্ত ফাণ্ডৰ গড় ৰিটাৰ্নৰ লগত।যদি বেন্সমাৰ্ক আৰু সমগোত্ৰীয় আঁচনিসমূহৰ গড় ৰিটাৰ্নতকৈ দীৰ্ঘ সময়ত ফাণ্ডটোৱে বেছি ৰিটাৰ্ন দিয়ে, তেন্তে তেনে আঁচনি আকৰ্ষণীয়।কিন্তু তেনে ৰিটাৰ্ন দিবলৈ যাওঁতে ফাণ্ডটোৱে কেনেধৰণৰ ৰিস্ক লৈছে সেয়া ফাণ্ড এটাৰ পাৰদৰ্শিতা নিৰূপণ কৰোতে চাবলগীয়া অন্য এটা দিশ।