দুহেজাৰ এক বা দুই চনৰ কথা৷ গুৱাহাটীৰ বাইপাছ বহল কৰাৰ কাম পূৰ্ণ গতিত চলি আছে৷ স্বাভাৱিকতেই সেই পথৰ আশে-পাশে থকা মাটিৰ গুৰুত্ব তথা কিনা-বেচা বাঢ়িবলৈ ধৰিছে৷ লখৰা অঞ্চলৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা এটাত ‘ৰেভিনিউ অডিট’ কৰি আছো৷ বেংকৰ শাখাটোত তেতিয়াও কম্পিউটাৰৰ ব্যৱহাৰ হোৱা নাই৷ ডাঙৰ ডাঙৰ ‘লেজাৰ বহী’ত হিচাপবোৰ লিপিবদ্ধ কৰা হয়৷ সেই অডিটত মই এটা কথা লক্ষ্য কৰিলো যে বহু ছেভিংছ একাউণ্টত কেইবালাখকৈ টকা পৰি আছে৷ কৌতূহলত বেংকৰ এজন বিষয়াক সুধিলো – কিয় এই টকাবোৰ ফিক্সড ডিপ’জিট কৰি অধিক সুত লাভ কৰিবলৈ গ্ৰাহককেইজনক আগ্ৰহী কৰিব পৰা হোৱা নাই? উত্তৰত বিষয়াজনে ক’লে – ‘এতিয়াহে দেখিছে, কেইমাহমানৰ ভিতৰতে এই টকা ক’লৈ যাব সেই কথা এই মুহূৰ্তত ব্যক্তিকেইজনেও নাজানে’৷
বৰ্তমান উজনি অসমত ৰাষ্ট্ৰীয় ঘাই পথ বহলোৱাৰ বাবে কাম চলি আছে৷ বহু লোকৰ ঘৰ, মাটি-বাৰী গৈছে ৰাস্তাৰ নামত৷ কিন্তু ক্ষতিপূৰণ পাইছে বা পাব৷ অলপতে এনেদৰে মাটি হেৰুৱাই ধন লাভ কৰা পাঠক এজনৰ ফোন এটা পাওঁতে প্ৰায় ১৫ বছৰ পুৰণি এই কথাটো মনত পৰি গ’ল৷ যদিওবা মাটিৰ ক্ষতিপূৰণ হিচাপে পোৱা ধনক লটাৰী বা ওপৰতে পোৱা টকাৰ লগত ৰিজাব নোৱাৰি, তথাপি একেলগে যথেষ্ট পৰিমাণৰ টকাৰ আগমনে আপোনাক বহু সময়ত ভুল সিদ্ধান্ত ল’বলৈ বাধ্য কৰিব পাৰে৷ মনঃস্তাত্ত্বিক কাৰণতো এনেদৰে অহা টকাক আপুনি কঠোৰ শ্ৰমেৰে অৰ্জন কৰা টকাৰ সমমর্যাদা নিদিব পাৰে৷ যাক কোৱা হয় মানসিক হিচাপ অৰ্থাৎ মেণ্টেল একাউণ্টিং৷ আজি এই লেখাটোত এনে কিছু কথা সন্নিৱিষ্ট কৰিব খুজিছো যাতে সময়ত সিদ্ধান্ত ল’বলৈ যাওঁতে আপোনাৰ সুবিধা হয়৷
প্ৰথমেই এটা কথা বুজা দৰকাৰ হ’ব যে ক্ষতিপূৰণ হিচাপে যদি আপুনি টকা পাইছে, তেন্তে কিবা হেৰুৱাইহে এই টকাৰ গৰাকী হ’বলৈ ওলাইছে৷ যদি খেতি-মাতি গৈছে আৰু আপুনি কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল তেন্তে কমিব পৰা উপাৰ্জনৰ কেনেদৰে ক্ষতিপূৰণ কৰিব সেয়া আপোনাৰ প্ৰাথমিক চিন্তা-চৰ্চাৰ বিষয় হোৱা উচিত৷ যদি ঘৰ গৈছে নতুন ঘৰ এটা বন্ধাওঁতে প্ৰয়োজন হ’ব পৰা ধন পৃথকে থৈহে বাকী কথা ভাবক৷ বাকী কথা বুলিলে প্ৰথমেই আহিব খৰচৰ কথা৷ হাতলৈ এগালমান ধন আহিব আৰু আপুনি ইমানদিনে ধনৰ অভাৱত দমন কৰি ৰখা সপোনবোৰ পূৰণ নকৰিব? অনুগ্ৰহ কৰি অলপ ধৈৰ্য ধৰক৷ কিবা সিদ্ধান্ত লোৱাৰ পূৰ্বে আমেৰিকাৰ হেজ ফাণ্ড মেনেজাৰ তথা ‘চুজ ইয়ৰচেল্ফ’ নামৰ কিতাপখনৰ লেখক জেমছ এলট’ছাৰৰ তিনিটা উপদেশ এবাৰ পঢ়ি চাওকচোন৷
(১ এবছৰৰ নিয়মঃ- প্ৰথম কথা – নতুনকৈ অহা টকাৰে প্ৰথম বছৰটোতে জীৱন-যাপনৰ মান কেতিয়াও নবঢ়াব৷ নতুন ঘৰ (যদিহে আপোনাৰ ক্ষেত্ৰত গৃহহীন হ’বলগা হোৱা নাই), ঘৰৰ চৌখিন আচবাব, নতুন গাড়ী আদি প্ৰথম বছৰটোতে নাভাবিব৷ এনেকুৱা বস্তুৰ আগমনে আপোনাৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী স্থায়ীভাৱে সলনি কৰি দিব পাৰে৷ মনত ৰাখিব – প্ৰথম এবছৰ৷ আপোনাৰ আকাংক্ষাক বাস্তৱসন্মত ৰূপ দিবলৈ এনে সংযমৰ প্ৰয়োজন আছে৷
(২) ‘না-বন্ধু’ নিয়মঃ- বন্ধুক ‘না’ ক’বলৈ শিকক৷ যদিওবা ই বৰ কঠিন কাম৷ টকা হাতত পৰিল মাত্ৰকে পুৰণি বন্ধুক ধাৰলৈ দিয়া আৰম্ভ কৰি নিদিব৷ নতুন বন্ধুত্ব স্থাপনৰ বাবেও উদগ্ৰীৱ হৈ নুঠিব৷ হাতলৈ টকা অহাৰ লগে লগে নতুন নতুন বিনিয়োগৰ ধাৰণা দি টকা খুজিবলৈ অহা বন্ধুৰ সংখ্যা তেনেই কম নহ’ব৷ বন্ধুৰ যোগেদি বেয়া বিনিয়োগৰ ফান্দত নপৰিব৷
(৩) তৎক্ষণাৎ বিনিয়োগ নকৰিবঃ- বিনিয়োগত দৌৰাদৌৰিকৈ সিদ্ধান্ত নল’ব৷ লাগিলে এবছৰ ছেভিংছ একাউন্টতে টকা পৰি থাকিবলৈ দিয়ক৷ ধীৰে-সুস্থিৰে পৰিকল্পনা কৰি আগবাঢ়ক৷
অৱশ্যে এটা কথা ঠিক যে পৰিকল্পনা বুলি ক’লে সকলোৰে বাবে ই পৃথক হ’ব পাৰে৷ আপোনাৰ জীৱনত যিটো বস্তু অতীব প্ৰয়োজন, আন এজনৰ বাবে তাৰ গুৰুত্ব একে নহ’বও পাৰে৷ সেয়ে নিজৰ প্ৰয়োজনবোৰ সন্ধান কৰাৰ স্বাৰ্থত তলৰ প্ৰকেইটা লক্ষ্য কৰকচোন-
(১) আপোনাৰ ঋণ আছে নেকি? সেইবিলাক আপোনাৰ বাবে দাঙিব নোৱৰা বোজালৈ পৰিবৰ্তন হোৱা নাইতো? যদি হৈছে ৰাহি হোৱা টকাখিনিৰে পৰিকল্পিতভাৱে ঋণৰ বোজা কমাওক বা শেষ কৰক৷
(২) বৰ্তমান যি মাহেকীয়া বা নিয়মীয়া আয় আপোনাৰ আছে, সেয়া বাৰু পৰ্যাপ্ত নে আপোনাৰ ঘৰখন নিয়াৰিকৈ চলাই নিবলৈ? যদি নহয় ৰাহি টকাৰ এটা অংশ উপাৰ্জন বঢ়াবৰ বাবে আবন্টন কৰক৷
(৩) সন্তানৰ উচ্চ শিক্ষা, বিয়া-বাৰুৰ বাবে পৰিকল্পনা কৰিছেনে? ৰাহি হোৱা টকাৰ কিমানখিনি এই শিতানবোৰলৈ ধাৰ্য কৰিব? ধাৰ্য কৰা ধন ক’ত বিনিয়োগ কৰা আপোনাৰ বাবে উপযোগী হ’ব তাৰ চিন্তা-চৰ্চা আৰম্ভ কৰক৷
(৪) আপোনাৰ অৱসৰৰ পৰিকল্পনাৰ বাবে এই টকাৰ এটা অংশৰ আবণ্টন প্ৰয়োজন আছেনে? চিন্তা কৰক৷
(৫) স্বাস্থ্য সংক্রান্তীয় খৰচৰ বাবে স্বাস্থ্য বীমা কৰিব নে এটা বেলেগ ‘স্বাস্থ্য-পুঁজি’ তৈয়াৰ কৰিব এই টকাখিনিৰ পৰাই?
(৬) এই লক্ষ্যবিলাকৰ বাদেও আপদকালীন অৰ্থাৎ লাগ বুলিলে ব্যৱহাৰ কৰিব পৰাকৈ কিমান টকা ৰাখিব? এয়াও গুৰুত্বপূৰ্ণ আপোনাৰ বাবে৷
যদিহে এইবোৰ কথা নিজৰ পৰ্যায়ত সমাধান কৰাত অসুবিধা পায, তেন্তে কোনো বিনিয়োগ উপদেষ্টা বা বিত্তীয় পৰিকল্পনাকাৰীৰ কাষ চাপিব পাৰে আলোচনা কৰাৰ বাবে৷ হঠাতে হাতলৈ অহা ধন অপব্যৱহাৰ হৈ ধন লাভ কৰোতাৰ বিত্তীয় অৱস্থা পূৰ্বতকৈ বেয়াহে কৰি যোৱাৰ উদাহৰণ কিন্তু তেনেই তাকৰ নহয় এই পৃথিৱীত৷ সেয়ে হাতলৈ অহা ধনৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপেই গ্ৰহণ কৰক৷
************************
( অসমীয়া প্ৰতিদিন, ৩ মাৰ্চ, ২০১৬ )
আপুনি বিশ্বাস কৰে যে ম্যাদ উকলা সামগ্ৰী মানেই ব্যৱহাৰ অযোগ্য৷ সেয়ে বস্তু ক্রয় কৰাৰ আগতে লেবেল পঢ়িবলৈ আপুনি সাধাৰণতে নাপাহৰে৷ কিন্তু যোৱা মাহত ‘অফাৰ’ দেখি শ্বেম্পুৰ ডাঙৰ বটলটো কিনোতে ম্যাদ চাবলৈ নহ’ল৷ আজি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি উঠাৰ পাচতহে চকু গ’ল – ম্যাদচোন এই যাওঁ যাওঁ৷ এতিয়া ঘূৰাই দিয়াৰো সুযোগ নাই আৰু একো কথা নাই বুলি পাহৰিবলৈও দামটো তেনেই কম নহয়৷ কেনে অনুভৱ হ’ব আপোনাৰ? এবাৰ কল্পনা কৰকচোন৷ প্ৰথমেই সেইদিনা দোকানত দেখুওৱা অসাৱধানতাৰ বাবে টিঙিচকৈ খংটো নুঠিবনে? ম্যাদ উকলিবলৈ যোৱা শ্বেম্পুৰ বটলটোক কেন্দ্ৰ কৰি আপোনাৰ বিশ্বাস আৰু কৰ্মত হৈ যোৱা বিৰোধে মনোজগতত এক অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰিব৷ এই অস্বস্তিখিনি যিমান পাৰি সিমান সোনকালে প্ৰশমন কৰিবলৈ চেষ্টা চলোৱাটো হৈ উঠিব আপোনাৰ বাবে অপৰিহাৰ্য৷ ইয়াৰ বাবে তিনিটা বিকল্প পথ আপোনাৰ সন্মুখত খোলা আছে৷
মহাজনী ব্যৱস্থা ওচৰৰ পৰা মই দেখা নাই৷ কিন্তু শৈশৱত মহাজন থকা সাধু বা গল্প পঢ়িছো প্ৰচুৰ৷ মহাজন থকা গল্পবোৰৰ যিটো কথাই মোৰ চকু সেমেকাইছিল, সেয়া হৈছে অনাখৰী হোজা মানুহবোৰক মহাজনে চক্রবৃদ্ধি সুতৰ জৰিয়তে দিয়া ঋণৰ চেপা৷ কাহানিও শেষ নোহোৱা এক ঋণ পৰিশোধ চক্র৷ ঋণৰ বোজা বৃদ্ধিহে পায় প্ৰতি বছৰে৷ ইয়াত প্ৰকৃত খলনায়ক হৈছে চক্রবৃদ্ধি সুত৷ এই খলনায়কক কিন্তু আপুনি নায়ক হিচাপে পাব পাৰে বিনিয়োগৰ পৃথিৱীত৷ ধৰক, আপোনাৰ এক লাখ টকা আছে৷ বেংকে ৮ শতাংশ সুত আগবঢ়ায়৷ এতিয়া যদি আপুনি বছৰি ৫ হেজাৰ টকাকৈ উঠায় তেন্তে কোনোদিনেই আপোনাৰ এক লাখ টকা শেষ নহ’ব, বৰঞ্চ সেই অক্ষয় ভাণ্ডাৰ বছৰি বৃদ্ধিহে হ’ব৷
দুৱাৰখন ঠেলি আপুনি গুৱাহাটীৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল৷ সোমায়েই আপোনাৰ চকু ৰ’লএখন টেবুলত৷ এগৰাকী যুবতীয়ে ৰেড ৱাইনৰ গ্লাছ এটাত চুমুক দি আছে৷ পিন্ধনত তেওঁৰ উজ্জ্বল ৰঙৰ আধুনিক পোছাক৷ সন্মুখত এজন সুদৰ্শন যুবক৷ আপোনাৰ এনে লাগিল ক’ৰবাত যেন যুবকজনক দেখিছে, টিভিৰ পৰ্দাতো হ’ব পাৰে৷ এতিয়া আপোনালৈ এটা সৰু প্ৰশ্ন – যুবতীগৰাকীৰ বৃত্তিটো দুটা বিকল্পৰ মাজৰ পৰা অনুমানৰ ভিত্তিত নিৰ্বাচন কৰিব লাগে৷ তেওঁ এগৰাকী (১) শিক্ষয়ত্ৰী নে (২) মডেল বা অভিনেত্ৰী?
যিসকল চৰকাৰী চাকৰিয়াল ‘এন পি এছ’ বলবৎ হোৱাৰ আগতে নিযুক্তি পাইছিল তেখেতসকলৰ পেন্সন ব্যৱস্থা যথেষ্ট সৰল৷ মোটামুটি হিচাপ এটাৰে কব পাৰি যে শেষ দৰমহাৰ প্ৰায় ৫০ শতাংশ মাহেকীয়াকৈ পেন্সন হিচাপে তেখেতসকলে পায়৷ এই পেন্সনৰ মৰগীয়া বানচৰ অংশটো প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ বাঢ়ি যায়৷ মই লক্ষ্য কৰা অনুসৰি এজন অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ মুঠ পেন্সন যোৱা ১৫ – ১৬ বছৰ সময়ত বাৰ্ষিক গড়ে প্ৰায় ৯ শতাংশতকৈ বেছি বৃদ্ধি হৈ গৈ আছে৷ অৰ্থাৎ যোৱা বছৰ যদি মুঠ পেন্সন ২০ হেজাৰ আছিল এই বছৰ মৰগীয়া বানচ আৰু আন শিতানত বৃদ্ধি হোৱাৰ ফলত মুঠ পেন্সন হৈছেগৈ প্ৰায় ২১,৮০০ টকা৷